ETV Bharat / bharat

উচ্চতম ন্য়ায়ালয়ৰ দুই নতুন ন্যায়াধীশে ল'লে শপত

উচ্চতম ন্যায়ালয়ত থকা ৩৪ গৰাকী ন্যায়াধীশৰ আসন পূৰ হ'ল ৷

CJI Administers Oath To 2 New Judges, SC Set To Work At Full Strength
উচ্চতম ন্যায়ালয়ত থকা ৩৪ গৰাকী ন্যায়াধীশৰ আসন পূৰ হ'ল (File/ANI)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 5:44 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতৰ মুখ্য ন্য়ায়াধীশ, বি আৰ গাভায়ে শুকুৰবাৰে ব'ম্বে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্য়ায়াধীশ আলোক আৰাধে আৰু পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিপুল পাঞ্চালীক উচ্চতম ন্য়ায়ালয়ৰ ন্য়ায়াধীশ হিচাপে শপত গ্ৰহণ কৰোৱায় । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দুগৰাকীক ২৭ আগষ্টত উচ্চতম ন্যায়ালয়লৈ পদোন্নতি কৰা হৈছিল ।

তেওঁলোকৰ পদোন্নতিৰ লগতে উচ্চতম ন্যায়ালয়ে নিজৰ ৩৪ গৰাকী ন্যায়াধীশৰো কাৰ্যক্ষমতা পুনৰ প্ৰাপ্ত কৰাৰ বাবে সাজু হৈছে, য'ত মুখ্য ন্য়ায়াধীশো আছে । উচ্চতম ন্য়ায়ালয়ৰ কলেজিয়মে ২৫ আগষ্টত ন্য়ায়মূৰ্তি আৰাধে আৰু পাঞ্চালীক সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।

মুখ্য় ন্যায়াধীশৰ অধ্য়ক্ষতাত পাঁচগৰাকী ন্যায়াধীশ ক্ৰমে ন্যায়মূৰ্তি সূৰ্যকান্ত, বিক্ৰম নাথ, জে কে মাহেশ্বৰী আৰু বি ভি নাগৰাঠনৰ কলেজিয়ামে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । কলেজিয়ামে সোমবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ পিছত উচ্চতম ন্য়ায়ালয়ৰ ৱেবচাইটত নিজৰ প্ৰস্তাৱ আপলোড কৰিছিল । সেই অনুসৰি কেন্দ্ৰই নিজৰ সিদ্ধান্তক ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়ে আৰু উচ্চ ন্যায়ালয়ৰ ন্য়ায়াধীসসকলৰ পদোন্নতিৰ অধিসূচনা দুদিনৰ ভিতৰত জাৰি কৰে ।

অৱশ্যে উচ্চতম ন্য়ায়ালয়ৰ ন্য়ায়াধীশ আৰু কলেজিয়ামৰ সদস্য বি ভি নাগৰাঠনে ন্যায়মূৰ্তি পাঞ্চালীক উচ্চতম ন্য়ায়ালয়লৈ পদোন্নতিৰ প্ৰস্তাৱৰ বিৰুদ্ধে অসন্মতি প্ৰকাশ কৰিছিল ৷ তেওঁ কৈছিল যে পাঞ্চালীৰ নিযুক্তিয়ে ন্যায়পালিকাৰ বাবে বিপৰীত প্ৰভাৱ পেলাব পাৰে ।

ৰায়পুৰত ১৯৬৪ চনৰ ১৩ এপ্ৰিলত ন্য়ায়াধীশ আৰাধেৰ জন্ম হৈছিল । তেওঁ ইয়াৰ পূৰ্বে ব'ম্বে উচ্চ ন্যায়াল আৰু তেলেংগানা উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্য়ায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ইতিমধ্যে কৰ্ণাটক উচ্চ ন্য়ায়ালয়, জম্মু আৰু কাশ্মীৰ উচ্চ ন্য়ায়ালয় আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ হিচাপেও দায়িত্ব পালন কৰিছে । তেওঁক ২৯ ডিচেম্বৰ ২০০৯ ত মধ্য প্ৰদেশৰ অতিৰিক্ত ন্য়ায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল ।

আনহাতে ন্যায়াধীশ পাঞ্চালীৰ জন্ম হৈছিল ১৯৬৮ চনৰ ২৮ মে'ত আহমেদাবাদত । তেওঁ ১৯৯১ চনৰ ছেপ্টেম্বৰত এগৰাকী অধিবক্তা হিচাপে প্ৰৱেশ কৰিছিল আৰু গুজৰাট উচ্চ ন্য়ায়ালয়ত তেওঁ ওকালতি জীৱন আৰম্ভ কৰিছিল । তেওঁক ২০২৩ চনৰ জুলাইত পাটনা উচ্চ ন্য়ায়ালয়লৈ স্থানান্তৰিত কৰা হৈছিল, য'ত তেওঁ ন্য়ায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । তেওঁক ২০২৫ চনৰ জুলাইত পাটনা উচ্চ ন্য়ায়ালয়ত মুখ্য ন্য়ায়াধীশ হিচাপেও নিযুক্ত কৰা হয় ।

লগতে পঢ়ক: দিল্লীৰ প্ৰদূষণ আৰু বাসিন্দাসকলৰ আয়ুসৰ ওপৰত চিকাগো বিশ্ববিদ্যালয়ৰ উদ্বেগজনক প্ৰতিবেদন - DELHI POLLUTION

ৰুঢ়কিৰ হোটেলত আফগান মহিলাক ধৰ্ষণৰ অভিযোগ: তদন্তত আৰক্ষী - ROORKEE HOTEL RAPE CASE