ETV Bharat / bharat

পূব অৰুণাচলৰ আঞ্জাৱ জিলাত চীনা সৈন্যৰ আগ্ৰাসন চলিছে: অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা

অৰুণাচলৰ ভাৰত-চীন সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন । সীমান্তৰ পৰা ৬০ কিলোমিটাৰ ভিতৰত অধিগ্ৰহণ কৰিছে চীনা সৈন্যই । স্পষ্ট কৰিলে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ।

CHINESE ARMY SETS UP CAMPS
পূব অৰুণাচলৰ আঞ্জাৱ জিলাত চীনা সৈন্যৰ আগ্ৰাসন (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 14, 2024 at 9:44 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ, ১৪ অক্টোবৰ: অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপিৰ গাওৰ পিছত এতিয়া সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই চীন আৰু ম্যানমাৰৰ সীমান্তৱৰ্তী আঞ্জাৱ জিলাত চীনা সেনাই ভাৰতৰ ভূখণ্ড বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে । ছাত্ৰ সংগঠনটোৱে এই অভিযোগ উত্থাপন কৰি আঞ্জাৱ জিলাৰ কিছুমান বিশেষ স্থানৰ ক্ষেত্ৰ জৰীপ কৰি ভাৰতৰ ভূখণ্ডৰ ভিতৰত ৬০ কিলোমিটাৰলৈকে চীনা সেনাই শিবিৰ স্থাপন কৰিছে বুলি কয় ।

ছাত্র সংগঠনটোৱে এতিয়া চীনৰ বিৰুদ্ধে বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰক দাখিল কৰিবলৈ প্রতিবেদন প্রস্তুত কৰি আছে ৷ সোমবাৰে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত ছাত্ৰ সংগঠনটোৰ বিত্ত সম্পাদক ব্যাবাং হাপো দুয়ে কয় যে ছাত্ৰ সংগঠনটোৰ এটা প্ৰতিনিধি দলে আছিলিয়াং, কাপাপু, টিনিয়া, প্লাম্পলাম, পুলাম্মা, প্ৰেছু আৰু হাদেৰা টাকুৰু আদি অঞ্চলৰ ক্ষেত্ৰ জৰীপ চলায় ।

ই টিভি ভাৰতৰে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক ব্যাবাং হাপো দুইৰ টেলিফোনিক সাক্ষাৎকাৰ (ETV Bharat Assam)

লগতে পঢ়ক: অৰুণাচলৰ শৃংগক চীনৰ অংশ বুলি কৰা দাবীৰ বিৰুদ্ধে কঠোৰ সাংসদ - Tsangyang Gyatso peak

তেওঁ কয় যে স্থানীয় কৃষকৰ পৰা তথ্য লাভ কৰাৰ পিছত ছাত্ৰ সংগঠনটোৱে প্ৰতিনিধি দলটোক এই অঞ্চললৈ প্ৰেৰণ কৰে । তেওঁ আৰু কয় যে ওপৰত উল্লেখ কৰা ফৰৱাৰ্ড এলেকাসমূহ আঞ্জাৱ জিলাৰ চাগলাগাম ৰাজহ চক্ৰৰ অন্তৰ্গত । "হাদেৰা টাকুৰুত চীনা সেনাই শিবিৰ স্থাপন কৰিছে । হাদেৰা টাকুৰুৰো হৈছে ভাৰতৰ অংশ ৷ এই অঞ্চলত দুয়োখন দেশৰ সেনাই টহল দিয়ে আৰু এই অঞ্চলত যাবলৈ কোনো ধৰণৰ যোগাযোগ ব্যৱস্থা নাই । একমাত্ৰ সেনাৰ হেলিকপ্টাৰৰ জৰিয়তেহে খাদ্য-সামগ্ৰী নিয়া হয় ।"

CHINESE ARMY SETS UP CAMPS
পূব অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাত চীনা সৈন্যৰ আগ্ৰাসন (ETV Bharat Assam)

ছাত্ৰ নেতাগৰাকীয়ে আৰু কয় যে ভাৰতীয় সেনাই এই অঞ্চলসমূহলৈ বিশেষকৈ কাপাপুৰ পিছত কাকো যাবলৈ নিদিয়ে । কেন্দ্ৰীয় চৰকাৰৰ শীঘ্ৰে এই বিষয়ত হস্তক্ষেপৰ দাবী জনাই তেওঁ কয় যে প্ৰেছু অঞ্চলত খেতি কৰা অৰুণাচলৰ কৃষকসকলে তাত চীনৰ উপস্থিতিৰ বাবে তলৰ অঞ্চল খালী কৰি আছে । ব্যাবাং হাপো দুয়ে আৰু কয় যে যদিও তেওঁলোকে এই বিষয়টো কেইবাবাৰো উত্থাপন কৰিছে, তথাপিও অৰুণাচল প্ৰদেশৰ লোকসভাৰ সাংসদ দুজনৰ কোনো এজনেও সংসদত এই বিষয়টো উত্থাপন কৰা নাই ।

লগতে পঢ়ক: চীনৰ সৈতে সম্পৰ্ক জটিল ভাৰতৰ; সীমান্তৰ পৰা সেনা বিতাৰণৰ সিদ্ধান্তক আদৰণি এছ জয় শংকৰৰ - India China relation

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ লোকসভাৰ সাংসদ তাপিৰ গাৱে অলপতে অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ভাৰতীয় ভূখণ্ডত চীনা সৈন্যই অনুপ্ৰৱেশ কৰিছে বুলি কৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে নিষ্পত্তি নকৰিলে ভৱিষ্যতে চীনৰ সৈতে সীমান্তৰ সমস্যা অধিক ভয়াৱহ হৈ পৰিব বুলি সকীয়াই দিছিল ।

CHINESE ARMY SETS UP CAMPS
পূব অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাত চীনা সৈন্যৰ আগ্ৰাসন (ETV Bharat Assam)

ভাৰতে চীনৰ সৈতে ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘৰ সীমা ভাগ-বাটোৱাৰা কৰিছে ৷ এই সীমাসমূহ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ লগত সংলগ্ন ৷ জম্মু-কাশ্মীৰত ভাৰতে চীনৰ লগত ১৫৯৭ কিলোমিটাৰ দৈৰ্ঘৰ সৰ্বাধিক দীঘল সীমান্ত ভাগ-বাটোৱাৰা কৰাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ লগত ১১২৬ কিলোমিটাৰ দৈৰ্ঘৰ সীমা ভাৰতে চীনৰ সৈতে ভাগ-বাটোৱাৰা কৰিছে । হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমত ক্ৰমে ২০০ কিলোমিটাৰ, ৩৪৫ কিলোমিটাৰ আৰু ২২০ কিলোমিটাৰ দৈৰ্ঘৰ সীমা ভাৰতে চীনৰ লগত ভাগ-বাটোৱাৰা কৰিছে ।

লগতে পঢ়ক: আকৌ অৰুণাচল প্ৰদেশ : কিয় চীনে আন দেশৰ ঠাইৰ নতুন নাম উদ্ভাৱন কৰি থাকে ? - INDIA CHINA CONFLICT

ভাৰত আৰু চীনৰ মাজৰ সীমা সম্পূৰ্ণৰূপে নিৰ্ধাৰিত হোৱা নাই আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা স্পষ্ট আৰু নিশ্চিত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে । ভাৰত-চীন সীমান্তৰ ভূ-প্ৰকৃতিৰ বৈশিষ্ট্য হৈছে যথেষ্ঠ উচ্চতাৰ ভূখণ্ড, বৰফেৰে আবৃত পৰ্বত আৰু বৰফাবৃত হ্ৰদ । ভাৰত আৰু চীনৰ সীমান্তৰ সঠিক সীমা নিৰ্ধাৰণ নকৰাৰ বাবে ভাৰতীয় সেনা আৰু চীনৰ পি এল এ ৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সূত্ৰপাত হয় ।

CHINESE ARMY SETS UP CAMPS
পূব অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাত চীনা সৈন্যৰ আগ্ৰাসন (ETV Bharat Assam)

ভাৰতীয় সেনাৰ প্ৰতিক্ৰিয়া:

অৰুণাচল প্ৰদেশৰ ছাত্ৰ সন্থাই চীনৰ সেনাই ভাৰতীয় ভূ-খণ্ড অধিগ্ৰহণ কৰা বুলি তোলা অভিযোগক ভাৰতীয় সেনাই নস্যাৎ কৰে । ভাৰতীয় সেনাৰ এক বিশেষ সূত্ৰই সীমান্ত অঞ্চলত পৰিস্থিতি শান্তিপূৰ্ণ আৰু কোনো এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই বুলি জনাইছে ৷ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ বিত্ত সচিব ব্যবাং হপু দুয়ে ভাৰতৰ ভূ-খণ্ডৰ হাদেৰা টাকুৰু পোষ্ট অঞ্চলৰ চাগলাগাম ৰাজহ চক্ৰৰ অন্তৰ্গত স্থান চীনা সৈন্যই অধিগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপিত কৰিছিল ৷