ETV Bharat / bharat

চীনৰ বান্ধ নিৰ্মাণৰ পৰিকল্পনাত উদ্বিগ্ন সংসদৰ বিৰোধী উপ-দলপতি গৌৰব গগৈ

সাংসদ গগৈয়ে এই বিষয়টোক জৰুৰী আৰু অতি গুৰুত্বসহকাৰে লৈ ভাৰতৰ স্বাৰ্থ আৰু আঞ্চলিক স্থিতিশীলতা ৰক্ষাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনায় ।

MP GAURAV GOGOI
বিৰোধী উপ-দলপতি গৌৰৱ গগৈ (PTI)
author img

By ETV Bharat Assamese Team

Published : February 11, 2025 at 10:08 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে তিব্বতৰ ইয়াৰলুং ছাংপো নদীত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ চীনৰ পৰিকল্পনা সন্দৰ্ভত আজি অৰ্থাৎ মঙলবাৰে সংসদত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে ৷ কংগ্ৰেছ সাংসদগৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, জল সুৰক্ষা আৰু আঞ্চলিক স্থিতিশীলতাৰ ওপৰত এই প্ৰকল্পই পেলাব পৰা গভীৰ প্ৰভাৱ সম্পৰ্কত গুৰুত্ব আৰোপ কৰি তাৎক্ষণিকভাৱে কেন্দ্ৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

তিব্বতৰ পৰিকল্পনাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি যোৰহাটৰ কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে তেওঁ ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী উভয়কে ব্ৰহ্মপুত্ৰৰ জলসম্পদৰ ওপৰত চীনৰ অসমতাপূৰ্ণ নিয়ন্ত্ৰণৰ বিষয়ে শংকা উত্থাপন কৰি অৱগত কৰিছে । চীনে ভাৰতলৈ পানী এৰাৰ ক্ষেত্ৰত হেতালি খেলাৰ আশংকাক আঙুলিয়াই দি তেওঁ কয় যে ইয়াৰ ফলত ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে ! বানপানী বা বিধ্বংসী খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ।

সাম্ভাৱ্য স্পৰ্শকাতৰ ভৌগোলিক আৰু ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সাংসদগৰাকীয়ে ভাৰতক যিকোনো পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বিশেষকৈ বানৰ পূৰ্বাভাস আৰু ব্যৱস্থাপনাৰ বাবে চীনৰ সৈতে জটিল জলবিজ্ঞানৰ তথ্যসমূহ ভাগ-বতৰা কৰাটো নিশ্চিত কৰাৰ এক চুক্তি গ্ৰহণ কৰিবলৈ চৰকাৰক বিৰোধী উপ দলপতিগৰাকীয়ে আহ্বান জনায় ।

সাংসদগৰাকীয়ে এই বিষয়টোক জৰুৰী আৰু অতি গুৰুত্বসহকাৰে লৈ ভাৰতৰ স্বাৰ্থ আৰু আঞ্চলিক স্থিতিশীলতা ৰক্ষাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ বিশেষকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্ৰীক এছ জয়শংকৰক আহ্বান জনায় ।

লগতে পঢ়ক: উমৰাংছ’ৰ ঘটনা: প্ৰধানমন্ত্রীলৈ পত্র বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ