ETV Bharat / bharat

৮ বছৰ বয়সতে হেৰুৱাইছিল দৃষ্টিশক্তি, এতিয়া ইতিহাস ৰচি এভাৰেষ্টত কৰিলে ত্ৰিৰংগা উত্তোলন

হিমাচলৰ চংজিন এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী অন্ধ মহিলা হিচাপে চিহ্নিত হ'ল ।

BLIND WOMAN ON MOUNT EVEREST
চংজিন আংমো (SOCIAL MEDIA)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 8:55 PM IST

4 Min Read
Choose ETV Bharat

কন্নৌৰ (হিমাচল প্ৰদেশ): বিশ্বৰ কোটি কোটি মানুহৰ বাবে মাথোঁ সপোন হৈ থকা কামটো সাধন কৰিলে এগৰাকী অন্ধ যুৱতীয়ে । বিশ্বৰ সৰ্বোচ্চ ৮,৮৪৮ মিটাৰ শৃংগত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ কন্যা চংজিন আংমোৱে প্ৰমাণ কৰিলে যে শৰীৰৰ সীমা থাকিব পাৰে কিন্তু সপোন আৰু সেই সপোনবোৰ বাস্তৱত ৰূপায়ণ কৰাৰ সীমা থাকিব নোৱাৰে । নিজৰ সাহসেৰে চংজিনে মাউণ্ট এভাৰেষ্টৰ গৌৰৱো যেন ভাঙি পেলালে ।

হিমাচলৰ কন্যাই ৰচিলে ইতিহাস

BLIND WOMAN ON MOUNT EVEREST
চংজিন আংমো (PIC CREDIT: CHHOZIN ANGMO FACEBOOK)

হিমাচলৰ কিন্নৌৰ জিলাৰ এখন সৰু গাঁও চাংগোৰ ২৯ বছৰীয়া অন্ধ পৰ্বতাৰোহী চংজিন আংমোৱে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰি এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে । ২০২৫ চনৰ ১৯ ​​মে’ৰ পুৱা ৮:৩০ বজাত দণ্ডু শ্বেৰ্পা আৰু গুৰুং মাইলাৰ সৈতে এভাৰেষ্ট অভিযানৰ অংশ হিচাপে তেওঁ এই কৃতিত্ব অৰ্জন কৰে । চংজিনে এই সাফল্যৰ বাবে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ পৃষ্ঠপোষকতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে, যাৰ প্ৰেৰণা আৰু সমৰ্থনে তেওঁক এই স্থানত উপনীত হোৱাত সহায় কৰিছে ।

BLIND WOMAN ON MOUNT EVEREST
ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত চংজিন আংমো (PIC CREDIT: CHHOZIN ANGMO FACEBOOK)

তৃতীয় শ্ৰেণীতে হেৰুৱাইছিল দৃষ্টিশক্তি

চংজিন আংমোৰ জীৱন সংগ্ৰামেৰে ভৰা । আঠ বছৰ বয়সত তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল । চংজিনে দৃষ্টিশক্তি হেৰুৱালেও তেওঁ পৰিস্থিতিৰ আগত হাৰ নামানিলে ৷ তেওঁৰ সাহস আৰু দৃঢ়তা পাহাৰতকৈও ওখ আৰু শক্তিশালী হৈ পৰিল, পিতৃ-মাতৃয়ে তেওঁক মহাবোধি স্কুল আৰু লেহৰ দৃষ্টিহীন শিশুৰ হোষ্টেলত ভৰ্তি কৰি দিলে । য'ৰ পৰাই তেওঁৰ জীৱনে নতুন দিশ পালে ।

BLIND WOMAN ON MOUNT EVEREST
চংজিন আংমো (PIC CREDIT: CHHOZIN ANGMO FACEBOOK)

পৰিয়াল আৰু গাঁওবাসীয়ে লৈছে শলাগ

চংজিন আংমোৰ এই সাফল্যত পৰিয়াল, গাওঁ, ৰাজ্যৰ লগতে সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে । সমগ্ৰ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ শলাগ লৈ এই সাফল্যৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে । চংজিন আংমোৱে কয় যে তেওঁৰ সপোন আছিল এদিন মাউণ্ট এভাৰেষ্ট জয় কৰা । "মই কেতিয়াও মোৰ অন্ধত্বক মোৰ সপোনৰ বাটত বাধা হৈ আহিবলৈ নিদিলোঁ আৰু মোৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে এই কৃতিত্ব অৰ্জন কৰিলোঁ ।" চংজিন আংমোৱে কয় ৷ এই সাফল্যৰ বাবে মুখ্যমন্ত্ৰী সুখুৱেও তেওঁক অভিনন্দন জনাইছে । মুখ্যমন্ত্ৰী সুখবিন্দৰ সুখুৱে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত তেওঁৰ ফটো পোষ্ট কৰি লিখিছে যে চংজিন আংমোৱে মাউণ্ট এভাৰেষ্টৰ শৃংগ জয় কৰি হিমাচল প্ৰদেশৰ নাম দেশ আৰু বিশ্বত গৌৰৱান্বিত কৰিছে ।

বেংকত কাম কৰে চংজিনে

চংজিন আংমো ভাৰতীয় ইউনিয়ন বেংকৰ কৰ্মচাৰী । এই অভিযানৰ বাবে বেংকে নিজেই তেওঁৰ পৃষ্ঠপোষকতা কৰিছিল । ইউনিয়ন বেংক অৱ ইণ্ডিয়াইও ছ’চিয়েল মিডিয়া পেজত তেওঁৰ এই কৃতিত্বৰ প্ৰশংসা কৰি ফটো পোষ্ট কৰিছে । চংজিনৰ ফেচবুক প্ৰফাইল অনুসৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত এম এ কৰি চণ্ডীগড়ৰ পৰা স্কুলীয়া শিক্ষা তেওঁ সমাপ্ত কৰিছে । ২০২৪ চনত কেভিনকেয়াৰ এবিলিটি বঁটাও লাভ কৰা চংজিনে ২০২৪ চনত প্ৰতিবন্ধীসকলৰ সবলীকৰণৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হয় ।

দেশ নহয় বিশ্বৰ বাবেও প্ৰেৰণা চংজিন আংমো

চংজিন আংমোৰ এই কৃতিত্বই তেওঁক প্ৰেৰণাৰ উৎস কৰি তুলিছে । যিসকলে নিজৰ সপোন পূৰণৰ বাবে সংগ্ৰাম কৰি আছে তেওঁলোকৰ বাবে চংজিনৰ কাহিনী এক প্ৰেৰণা । চংজিনে প্ৰমাণ কৰিলে যে যিসকলৰ পথ অতিক্ৰম কৰাৰ সাহস আছে আৰু নিজৰ স্থিতিত অটল, তেওঁলোকেহে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে ।

একে সময়তে চাংগোৰ গাঁওবাসীয়ে চোংজিন আংমোক তেওঁৰ অবিশ্বাস্য কৃতিত্বৰ বাবে অভিনন্দন জনাইছে । ২৯ বছৰীয়া চংজিন আংমোৰ এই কৃতিত্ব কেৱল তেওঁৰ গাওঁ, ৰাজ্য বা দেশৰ বাবেই নহয়, বিশ্বৰ বাবেও এক আদৰ্শ ।

লগতে পঢ়ক : মাউণ্ট কাঞ্চনজংঘাৰ শীৰ্ষ অতিক্ৰম নিমাছৰ, ঐতিহাসিক ‘‘হৰ শিখৰ ত্ৰিৰংগা’’ অভিযানৰ সামৰণি