ETV Bharat / bharat

হামখুৰি খাই পৰিল বিমান, প্ৰাণ বাচিল দুই পাইলটৰ - TRAINEE AIRCRAFT EMERGENCY LANDING

এ টি চিয়ে জৰুৰীকালীন অৱতৰণৰ বাবে সেউজ সংকেত দিয়ে আৰু বিমানখনে মাটি স্পৰ্শ কৰাৰ লগে লগে ওচৰৰ ঘাঁহনি অঞ্চলত পিছলি পৰে ।

Chhatarpur Trainee Aircraft Emergency Landing khajuraho airport Crash landing
জৰুৰীকালীন বিমান অৱতৰণ (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 8:39 PM IST

2 Min Read

খজুৰাহো (ছটাৰপুৰ): মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ খজুৰাহো বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা । বিমানবন্দৰত বাগৰি পৰিল এখন প্ৰশিক্ষাৰ্থী বিমান । ফলত বিমানখনৰ বহু অংশ ভাঙি যায় ।

দুৰ্ঘটনাত পতিত হোৱাৰ ফলতো পাইলট নিৰাপদে আছে বুলি জানিব পৰা গৈছে । এই বিমানখনে প্ৰশিক্ষণৰ বাবে উৰণ লৈছিল আৰু এই সময়ছোৱাতে কিছু কাৰিকৰী বিজুতিৰ বাবে বিমানখনে বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় ।

  • দুৰ্ঘটনাগ্ৰস্ত প্ৰশিক্ষাৰ্থী বিমান

ক্ৰেছ লেণ্ডিঙৰ পাছতো দুয়োজন পাইলট সুৰক্ষিত আছে বুলি জানিব পৰা গৈছে । অৱশ্যে এই ঘটনাৰ শীঘ্ৰে তদন্ত আৰম্ভ কৰা হ’ব । প্ৰাৰম্ভিক খবৰ অনুসৰি প্ৰশিক্ষণ বিমানখনে বতাহত ভাৰসাম্য হেৰুৱাই কঁপিবলৈ ধৰে । লগে লগে পাইলটে এ টি চিৰ পৰা বিমানখন অৱতৰণ কৰাৰ অনুমতি বিচাৰে । এ টি চিয়ে জৰুৰীকালীন অৱতৰণৰ বাবে সেউজ সংকেত দিয়ে আৰু বিমানখনে মাটি স্পৰ্শ কৰাৰ লগে লগে ওচৰৰ ঘাঁহনি অঞ্চলত পিছলি পৰে ।

Chhatarpur Trainee Aircraft Emergency Landing khajuraho airport Crash landing
জৰুৰীকালীন বিমান অৱতৰণ (ETV BHARAT)

অৱশ্যে এই পৰ্যন্ত লাভ কৰা তথ্য মতে, বিমানখনৰ লেণ্ডিং গিয়েৰত বিজুতি হোৱাৰ কথা পোহৰলৈ আহিছে । সম্পূৰ্ণ তদন্তৰ পিছতহে প্ৰকৃত কাৰিকৰী বিজুতি কি আছিল সেয়া স্পষ্ট হ’ব । কি পৰিস্থিতিত জৰুৰীকালীন অৱতৰণ হৈছিল, বিমানখনত থকা দুয়োজন পাইলট কিমান সুৰক্ষিত হৈ আছে সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব ।

  • বিমানখনৰ পিছফালৰ চকাত সমস্যাৰ সৃষ্টি হৈছিল

খজুৰাহো বিমানবন্দৰৰ এয়াৰ বিভাগ বিষয়া সন্তোষ সিঙে কয়, "খজুৰাহোৰ ফ্লাইং ক্লাবে শিশুক উৰণৰ প্ৰশিক্ষণ দিয়ে । অৱতৰণ কৰাৰ সময়ত বিমানৰ পঞ্জীয়ন নম্বৰ ভিটি-ভি পি আইৰ পিছফালৰ চকাত সমস্যা হৈছিল । যাৰ বাবে ই খোলা নাছিল ।"

লগতে পঢ়ক : গা ধুবলৈ নৈত নামিছিল ১০ যুৱক, ডুবি গ'ল ৭ জন

লগতে পঢ়ক : জুইৰ পৰা বাচিবলৈ সপ্তম মহলাৰ পৰা জাঁপ: দুই সন্তানসহ নিহত পিতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.