ETV Bharat / bharat

ভাৰতে চন্দ্ৰলৈ প্ৰেৰণ কৰিব ৰবট, জাপানে কৰিব সহযোগ, ইছৰোৰ মুৰব্বীয়ে কৰিলে স্পষ্ট - CHANDRAYAAN 5 PROJECT

ভাৰত আৰু জাপানে চন্দ্ৰযান-৫ অভিযানত একেলগে কাম কৰিব । ইয়াৰ জৰিয়তে মানৱবিহীন ৰবট চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব ।

ISRO Chairman Narayanan
ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 17, 2025 at 9:32 AM IST

3 Min Read

কন্যাকুমাৰী: শীঘ্ৰে উৎক্ষেপণ কৰা হ’ব ৯৮০০ কিলোগ্ৰাম ওজনৰ চন্দ্ৰযান-৪ উপগ্ৰহ । দুটা ৰকেটৰ জৰিয়তে চন্দ্ৰযান-৪ ক চন্দ্ৰত অৱতৰণ কৰি তাত খনিজ পদাৰ্থ সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰি অহাৰ প্ৰস্তুতি চলি আছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ভি নাৰায়ণনে ব্যক্ত কৰে এই কথা ৷

তামিলনাডুৰ কন্যাকুমাৰীৰ নাগেৰকইলত দেওবাৰে ড৹ জয়শেখৰৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয় । এই অনুষ্ঠানত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ভি নাৰায়ণনে অংশগ্ৰহণ কৰে । এই উপলক্ষে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এই কথা সদৰী কৰে ৷

তেওঁ কয়, "চলিত বৰ্ষৰ ১৬ জানুৱাৰীত আমি দুটা উপগ্ৰহ মহাকাশলৈ পঠিয়াইছিলো । উপগ্ৰহ দুটাক একেলগে ডক কৰা হৈছিল আৰু তাৰ পিছত সফলতাৰে পৃথক হৈছিল । ভাৰত হৈছে চতুৰ্থখন দেশ যিয়ে এনে সফল পৰীক্ষা সম্পন্ন কৰিছে ।"

চন্দ্ৰলৈ প্ৰেৰণ কৰিব ৰবট

ইছৰোৰ মুৰব্বীগৰাকীয়ে কয়, "ভৱিষ্যতে চন্দ্ৰলৈ মানুহ প্ৰেৰণৰ প্ৰকল্পৰ বাবে সৰু সৰু মানৱবিহীন ৰকেট নিৰ্মাণ কৰা হ’ব আৰু তাত পৰীক্ষাৰ বাবে ৰবট প্ৰেৰণ কৰা হ’ব ।" তেওঁ আৰু কয়, "ভাৰত আৰু জাপানে চন্দ্ৰযান-৫ অভিযানৰ বাবে একেলগে কাম কৰিব । ইয়াৰ বাবে অনুমতিও লাভ কৰা হৈছে । এই প্ৰকল্পৰ জৰিয়তে মানুহবিহীন ৰবট চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব ।

নাৰায়ণনে কয় যে ভাৰতৰ প্ৰথমখন মহাকাশ যান ১৯৭৯ চনত ড৹ আব্দুল কালামৰ নেতৃত্বত উৎক্ষেপণ কৰা হৈছিল । চলিত বৰ্ষৰ জানুৱাৰী মাহত আমি আমাৰ ১০০ সংখ্যক মহাকাশযান সফলতাৰে উৎক্ষেপণ কৰিলোঁ ।

ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে মহেন্দ্ৰগিৰিত অত্যাধুনিক ৰকেট উৎপাদনৰ ওপৰত অধ্যয়ন চলি আছে । ইয়াৰ জৰিয়তে ‘নাছল সুৰক্ষা ব্যৱস্থা’(Nasal Protective System)ই সফলতা লাভ কৰিছে । জলবায়ু আৰু মহাকাশৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়নৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে ।

মংগল গ্ৰহৰ কক্ষপথ অভিযান

‘মংগল কক্ষপথ অভিযান’ৰ জৰিয়তে মংগল গ্ৰহলৈ প্ৰেৰণ কৰা মহাকাশযানখনে ৬৮ কোটি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ লগতে ২৯৪ দিনৰ পাছত ইয়াত সংস্থাপিত যন্ত্ৰসমূহে কাম কৰিবলৈ আৰম্ভ কৰে । সফল কাৰ্যক্ষমতাৰ পিছত ভাৰতে এই পৰীক্ষাত সফল হোৱা বিশ্বৰ প্ৰথমখন দেশৰ গৌৰৱ লাভ কৰিছে । আন কোনো দেশেই এই কৃতিত্ব অৰ্জন কৰিব পৰা নাই ।

মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছৰ উভতি অহাৰ সন্দৰ্ভত ইছৰোৰ মুৰব্বী নাৰায়ণনে কয় যে সুনীতা উইলিয়ামছৰ কোনো ক্ষতি নহয় । মহাকাশৰ পৰা তেওঁ সফলতাৰে পৃথিৱীলৈ উভতি আহিব ।

লগতে পঢ়ক: 1000 কক্ষপথ অতিক্ৰম কৰিলে POEM-4 এ : ইছৰো

সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ শততম ৰকেট উৎক্ষেপণত কাৰিকৰী বিজুতি; কক্ষপথত উপনীত হোৱাত ব্যৰ্থ ছেটেলাইট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.