ETV Bharat / bharat

এক্সত সলনি হ’ল চম্পাই ছোৰেনৰ পৰিচয়, বায়’ৰ পৰা আঁতৰালে ঝাৰখণ্ড মুক্তি মৰ্চাক - Champai Soren

Jharkhand Politics : ঝাৰখণ্ডৰ ৰাজনৈতিক প্ৰেক্ষাপট মুহূৰ্ততে সলনি হৈ আছে। প্ৰতিটো সূক্ষ্ম পৰিঘটনাক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা হৈছে। ছ’চিয়েল মিডিয়াত চম্পাই ছোৰেনৰ এক্স হেণ্ডেলতো একেধৰণৰ পৰিৱৰ্তন ঘটিছে।

CHAMPAI SOREN REMOVED JMM BIODATA
দিল্লীত চম্পাই ছোৰেন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 18, 2024 at 7:41 PM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 18 আগষ্ট : যি দল বা পদৰ লগতেই জৰিত নহওক কিয়, ৰাজনীতিত সৰু সৰু বিষয় এটায়ো ডাঙৰ ধুমুহাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে ৷ এনে পৰিস্থিতিত ঝাৰখণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বিশৃংখল পৰিস্থিতিৰ প্ৰভাৱ এতিয়া ছ’চিয়েল মিডিয়াতো দেখা গৈছে ৷

ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন বৰ্তমান দিল্লীত আছে লগতে তেওঁৰ লগত আৰু বহু বিধায়ক থকাৰ অনিশ্চিত খবৰ আছে ৷ অৱশ্যে দিল্লী পোৱাৰ পিছত চম্পাই ছোৰেনে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ ব্যক্তিগত কামৰ বাবেহে দিল্লীলৈ আহিছে, তেওঁৰ সন্তান দিল্লীতেই থাকে, সন্তানক লগ কৰিবলৈহে আহিছে বুলি কয় তেওঁ ৷ সেইবাবেই তেওঁ দিল্লীলৈ অহা-যোৱা কৰি থাকে আৰু আজিও দিল্লীলৈ এই কাৰণেই অহা বুলি উল্লেখ কৰে তেওঁ ৷ সাংবাদিকসকলৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ কলকাতাত কাকো লগ পোৱা নাই, ব্যক্তিগত কামৰ বাবে দিল্লীলৈ আহিছে ৷

অৱশ্যে চম্পাই ছোৰেনে বিমানবন্দৰত ব্যক্তিগত কামৰ বাবে দিল্লীলৈ আহিছোঁ আৰু পৰৱৰ্তী সময়ত সাংবাদিকক জনাব বুলি কৈছিল ৷ কিন্তু তেওঁৰ কথা সামাজিক মাধ্যমত তেওঁৰ এক্স (টুইটাৰ) হেণ্ডেলৰ সৈতে মিলা নাই ৷ কাৰণ চম্পাই ছোৰেনে ঝাৰখণ্ড মুক্তি মৰ্চাক তেওঁৰ এক্স হেণ্ডেলৰ বায়’ৰ পৰা আঁতৰাই দিছে ৷ এতিয়া তেওঁৰ এক্স হেণ্ডেলৰ বায়’ত, কেৱল Former Chief Minister, Jharkhand অৰ্থাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী, ঝাৰখণ্ড লিখা আছে ৷

এতিয়ালৈকে ৰাজনৈতিক পৰিঘটনা :

ঝাৰখণ্ডত ৰাজনীতি উচ্চ, এই ৰাজনৈতিক বিকাশৰ ভেটি স্থাপন হ’ল যেতিয়া শুকুৰবাৰে মন্ত্ৰী চম্পাই ছোৰেনে চেৰাইকেলাৰ পৰা ৰাঁচীলৈ উভতি আহিছিল ৷ ৰাঁচীত তেওঁ লবিন হেমব্ৰামক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷ লবিন হেমব্ৰামে স্পষ্টকৈ কৈছে যে চম্পাই ছোৰেনে বিজেপিত যোগদান কৰিব ৷ অৱশ্যে ৰাঁচীত সংবাদ মাধ্যমৰ প্ৰশ্নত তেওঁ কয় যে মই য’তেই আছো তাতেই ভালেই আছো ৷ ইয়াৰ পিছত চম্পাই ছোৰেনে কয় যে তেওঁ নিজৰ টাটাস্থিত বাসগৃহলৈ গৈ আছে ৷

ইয়াৰ পিচতে চম্পাই ছোৰেনে টাটাৰ পৰা কলকাতা হৈ দিল্লীলৈ যোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হ’বলৈ ধৰিলে ৷ শনিবাৰে পুৱাৰে পৰা এই সন্দৰ্ভত চৰ্চা আৰু জল্পনা-কল্পনাৰে ভৰি পৰিছে ৷ আন একাংশ বিধায়কো চম্পাই ছোৰেনৰ লগত থকা বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল ৷ চম্পাই ছোৰেনে দিল্লী বিমানবন্দৰত সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হৈ দিল্লীলৈ অহাৰ কাৰণ কোৱা নাছিল ৷ এই মুহূৰ্তত এই সকলো প্ৰশ্ন আৰু সকলো বিভ্ৰান্তিৰ অন্ত পৰা নাই যেন অনুমান হৈছে ৷

লগতে পঢ়ক : দিল্লী পালেগৈ চম্পাই ছোৰেণ: গেৰুৱা হ’বলৈ মন মেলিছে নেকি বৰ্ষীয়ান নেতাগৰাকীয়ে ? - JMM leader Champai Soren