ত্ৰিপুৰাত মুকলি হ’ল পঞ্চমখন জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান - DIET in Tripura
Tripura CM Manik Saha : ত্ৰিপুৰাত মঙলবাৰে উদ্বোধন কৰা হয় পঞ্চমখন জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) ৷ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ।

By ANI
Published : July 3, 2024 at 2:17 PM IST
নেশ্যনেল ডেস্ক, 3 জুলাই: "কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উপকাৰৰ বাবে আৰু শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে"- এই মন্তব্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ । ত্ৰিপুৰাৰ পানীসাগৰৰ জলবাছাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) উদ্বোধন কৰি এই মন্তব্য কৰে সাহাই ।
সাহাই লগতে কয়, "আমাৰ আগতে চাৰিখন জিলা শিক্ষা আৰু প্ৰশিক্ষণ মহাবিদ্যালয় আছিল আৰু এতিয়া এই সংযোজনৰ লগে লগে আমাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সংখ্যা হ’লগৈ পাঁচখন । এখন সমাজৰ সফলতা নিৰ্ভৰ কৰে ইয়াৰ মানুহৰ শিক্ষাৰ ওপৰত । শিক্ষা আমাৰ অন্যতম অগ্ৰাধিকাৰ বিভাগ । কালি আমি এখন বৈঠক অনুষ্ঠিত কৰিছিলো য’ত সভাত অংশগ্ৰহণ কৰা সকলো শিক্ষাবিদক ৰাজ্যখনৰ দুৰ্বলতা চিনাক্ত কৰিবলৈ আহ্বান জনাইছিলো আৰু শিক্ষাৰ উন্নতিৰ পৰামৰ্শৰ বাবে আবেদন জনাইছিলো ৷ শিক্ষাগ্ৰহণৰ কোনো পৰিধি নাই । প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ উন্নয়ন আৰু শিক্ষা ব্যৱস্থাৰ বাবে নতুন আঁচনি ৰূপায়ণ কৰি আছে" ৷
"প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন কৰিছে, যিটো আমি আমাৰ শিক্ষা বিভাগতো ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছো, যাতে ছাত্ৰ-ছাত্ৰীসকলে দেশৰ বাকী অংশৰ লগত খোজ মিলাব পাৰে । 2023-24 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে 1 লাখ 12 হাজাৰ 899 কোটি টকা আবণ্টন দিছিল" ৷
তেওঁ লগতে উল্লেখ কৰে যে, বিদ্যা প্ৰৱেশ আঁচনিৰ বাবে 128 কোটি টকা অনুমোদন কৰা হৈছে ৷
সাহাই পুনৰ কয়, "আমাৰ চৰকাৰেও এই কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, যিটো ক্ৰীড়া আৰু খেলৰ ওপৰত আধাৰিত । ইয়াৰ বাবে চৰকাৰৰ পৰিকল্পনা আছে । ডিজিটেল/অনলাইন/অন এয়াৰ শিক্ষাৰ সৈতে জড়িত পিএম ই-বিদ্যাও আৰম্ভ কৰা হৈছে । দিশা আঁচনিও ৰূপায়ণ কৰা হৈছে ৷ ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে কাম কৰি আছে । ডায়েটৰ মূল লক্ষ্য হৈছে শিক্ষকসকলক উন্নত প্ৰশিক্ষণ প্ৰদান কৰা ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "মই সদায় আন্তঃগাঁথনিৰ লগতে জনশক্তিৰ গুৰুত্বৰ ওপৰত অগ্ৰাধিকাৰ দিওঁ । শেহতীয়াকৈ আমি গাণ্ডাচেৰাত নতুন বিদ্যালয় ভৱন উদ্বোধন কৰিলো ৷ দক্ষিণৰ জিলাত নতুন বিদ্যালয় ভৱন মুকলি কৰিলো আৰু সোণমুৰাত ছোৱালীৰ বাবে হোষ্টেল উদ্বোধন কৰিলো" ৷
এই উদ্বোধনী অনুষ্ঠানত সমাজ কল্যাণ আৰু সমাজ শিক্ষামন্ত্ৰী টিংকু ৰায়, বিধায়ক বিনয় ভূষণ দাস, বিধায়ক যাদৱ লাল নাথ, উত্তৰ জিলাৰ দণ্ডাধীশ দেবাপ্ৰিয়া বৰ্ধন আৰু উত্তৰ জিলাৰ আৰক্ষী অধীক্ষক ভানুপদা চক্ৰৱৰ্তী আৰু উচ্চশিক্ষাৰ অধ্যক্ষ ৰাভাল হামেন্দ্ৰ কুমাৰো উপস্থিত থাকে ।

