ETV Bharat / bharat

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ Z শ্ৰেণীৰ নিৰাপত্তা, দিল্লীৰ সকলো সাংসদে ল'লে খবৰ

ৰাজহুৱা শুনানিৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত আক্ৰমণ । ঘটনাৰ পিছতেই বৃদ্ধি কৰা হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তা ব্যৱস্থা ।

Centre grants Z category security to Delhi CM Rekha Gupta after attack
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ Z শ্ৰেণীৰ নিৰাপত্তা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 2:34 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত আক্ৰমণৰ ঘটনাক লৈ সৰৱ কেন্দ্ৰ চৰকাৰ । ৰাজহুৱা শুনানিৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পিছতেই কেন্দ্ৰ চৰকাৰে বৃদ্ধি কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰপত্তা ব্যৱস্থা । CRPF ৰ Z শ্ৰেণীৰ নিৰাপত্তা প্ৰদান মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক ।

বৃহস্পতিবাৰে পুৱা দিল্লী আৰক্ষীয়ে তেওঁৰ সুৰক্ষাৰ দায়িত্ব ল'বলৈ মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত হয় চি আৰ পি এফৰ জোৱান । বিশেষ সূত্ৰই ই টিভি ভাৰতক জনাই যে, গুপ্তাক Z শ্ৰেণীৰ সুৰক্ষা প্ৰদানৰ বাবে নিয়োগ কৰা হৈছে চি আৰ পি এফৰ ২০-২২ গৰাকী জোৱান । ২৪ ঘণ্টাই মুখ্যমন্ত্ৰীগৰাকীৰ সুৰক্ষা নিশ্চিত কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰী আৱাস আৰু কাৰ্যালয়ৰ আশে পাশে অতিৰিক্তভাৱে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ।

দিল্লীৰ সকলো সাংসদে মুখ্য়মন্ত্ৰীক কৰিলে সাক্ষাৎ:

ইফালে বৃহস্পতিবাৰে পুৱাৰভাগত বিজেপি সাংসদ মনোজ তিৱাৰী, বিজেপি নেতা ৰমেশ বিধুৰী আৰু সাংসদ যোগেন্দ্ৰ চন্দোলিয়া মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আৱাসত উপস্থিত হয় ।

বৰ্তমান ঠিকেই আছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ স্বাস্থ্য:

মুখ্যমন্ত্ৰী আৱাসত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত ভাজপাৰ সাংসদ মনোজ তিৱাৰীয়ে কয়,"মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ স্বাস্থ্য বৰ্তমান ঠিকেই আছে... ৰাজহুৱা শুনানিত কোনো প্ৰভাৱ নপৰে ... আৰক্ষীয়ে নিজৰ কাম কৰি আছে...আমি তদন্তৰ ফলাফললৈ অধীৰবাৱে অপেক্ষা কৰি আছোঁ...। "

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক সাক্ষাতৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই কয়, "আজি আমি সকলো সাংসদ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক সাক্ষাৎ কৰিবলৈ আহিলোঁ... তেওঁ এতিয়া সুস্থ...এই বিষয়ত আৰক্ষীয়ে নিজৰ কাম কৰি আছে...মুখ্যমন্ত্ৰীয়ে জনতাক সাক্ষাৎ কৰা কাৰ্য অবিৰতভাৱে চলি থাকিব..."

"মুখ্যমন্ত্ৰী ৰেখা গুপ্তা সাহসী আৰু তেওঁৰ মনোবল অতুত"

ভাজপাৰ সংসদ বাঁসুৰী স্বৰাজে কয়,"মুখ্যমন্ত্ৰী ৰেখা গুপ্তা অত্যন্ত সাহসী আৰু তেওঁৰ মনোবল অটুত আছে...তেওঁ পূৰ্বৰ আত্মীয়তাৰ সৈতেই জনতাক সাক্ষাৎ কৰি যাব আৰু দিল্লীক প্ৰগতিৰ পথত অগ্ৰসৰ কৰাৰ বাবে কাম কৰি যাব...অভিযুক্ত কোনো কাৰণত ৰেহাই নাপাই..."

ৰাজহুৱা শুনানিৰ সময়ত ৰেখা গুপ্তাৰ ওপৰত কৰিছিল আক্ৰমণ:

উল্লেখ্য যে, ৰাজহুৱা অভাৱ-অভিযোগৰ বিষয়ে শুনানি লৈ থকাৰ সময়তেই মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ চৰকাৰী আৱাসৰ কাৰ্যালয়ত সাধাৰণ জনতাৰ অভিযোগ শুনাৰ সময়তেই এই ঘটনাটো সংঘটিত হয় । মুখ্যমন্ত্ৰীগৰাকীয়ে এজন এজনকৈ ৰাইজক লগ কৰি আছিল, তেনে সময়তে পুৱা প্ৰায় ৮:৩০ বজাত এজন ব্যক্তিয়ে তেওঁৰ কাষলৈ আহে । লোকজনে কাগজ-পত্ৰ দলিয়াই চৰ শোধাবলৈ চেষ্টা কৰে ।

মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, সেই ব্যক্তিগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ কাগজ দলিয়াই আৰু আক্ৰমণ কৰিবলৈ চেষ্টা কৰে । লগে লগে লগে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে বিষয়টোত হস্তক্ষেপ কৰি তেওঁক ৰক্ষা কৰে । ঘটনাক কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক: ৰাজহুৱা শুনানিৰ সময়তেই দিল্লীৰ মুখ্যমন্ত্ৰীক আক্ৰমণ - CM REKHA GUPTA ATTACKED

আকৌ টাৰ্গেটত শিক্ষানুষ্ঠান ; পুৱাই আহিল বহুকেইখন বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি - DELHI BOMB THREAT