ETV Bharat / bharat

পৰিৱেশ-বান্ধৱ, বহনক্ষম পৰ্যটনৰ বাবে কেন্দ্ৰৰ ৰাষ্ট্ৰীয় কৌশল প্ৰস্তুত; অন্তৰ্ভুক্ত পানীদিহিং পক্ষী অভয়াৰণ্য

গ্ৰীণফিল্ড পৰ্যটন ক্ষেত্ৰকে ধৰি পৰ্যটনস্থলী আৰু পৰ্যটন সামগ্ৰীৰ উন্নয়ন আৰু প্ৰচাৰৰ দায়িত্ব মূলতঃ নিজ নিজ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল প্ৰশাসনৰ ।

National Strategy For Tourism
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 6:49 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : সমগ্ৰ দেশতে পৰিৱেশ অনুকূল আৰু বহনক্ষম পৰ্যটনক প্ৰসাৰ আৰু বিকাশৰ বাবে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে অপাৰেটৰসকলক বহনক্ষম পৰ্যটন পদ্ধতি গ্ৰহণ আৰু পৰিৱেশৰ কাৰণে জীৱনশৈলীৰ (travel for Lifestyle for Environment, LiFE) ভিত্তিত ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰিবলৈ এক ৰাষ্ট্ৰীয় কৌশল প্ৰস্তুত কৰিছে । ইয়াৰ বাবে মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসন আৰু কেন্দ্ৰীয় সংস্থাসমূহক আৰ্থিক সাহায্য প্ৰদান কৰে ।

পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয়, "মন্ত্ৰণালয়ে নিজৰ আঁচনিৰ অধীনত দেশৰ পৰ্যটন সম্পৰ্কীয় আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয়শাসিত প্ৰশাসন আৰু কেন্দ্ৰীয় সংস্থাসমূহক আৰ্থিক সাহায্য প্ৰদান কৰে । মন্ত্ৰণালয়ৰ 'স্বদেশ দৰ্শন আঁচনি'ৰ অধীনত পৰিৱেশ-চক্ৰক অন্যতম বিষয়ভিত্তিক হিচাপে চিনাক্ত কৰা হৈছে । মন্ত্ৰণালয়ৰ প্ৰচেষ্টাত অন্ধ্ৰপ্ৰদেশ, দিল্লী, গোৱা, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান, ছিকিম আৰু উত্তৰ প্ৰদেশত পৰ্যটন আৰক্ষী মোতায়েন কৰিছে ।"

গ্ৰীণফিল্ড পৰ্যটনস্থলীকে ধৰি পৰ্যটনস্থলী আৰু পৰ্যটন সামগ্ৰীৰ উন্নয়ন আৰু প্ৰচাৰ মূলতঃ নিজ নিজ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনে কৰে ।

মন্ত্ৰণালয়ে নিজৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনি যেনে স্বদেশ দৰ্শন, স্বদেশ দৰ্শন ২.০, স্বদেশ দৰ্শন আৰু 'পিলগ্ৰিমেজ ৰিজুভেনেচন এণ্ড স্পিৰিচুৱেল, হেৰিটেজ অগমেণ্টেচন ড্ৰাইভ (Swadesh Darshan and Pilgrimage Rejuvenation and Spiritual, Heritage Augmentation Drive. PRASHAD) আঁচনিৰ উপ-আঁচনি প্ৰত্যাহ্বান ভিত্তিক গন্তব্যস্থান উন্নয়নৰ (Challenge Based Destination Development, CBDD) জৰিয়তে সমগ্ৰ দেশৰ পৰ্যটন গন্তব্যস্থানসমূহত পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ প্ৰচেষ্টাক পৰিপূৰক হিচাপে লৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰবোৰক আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে ।

ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ধনৰ উপলব্ধতা, আঁচনিৰ নিৰ্দেশনা মানি চলা আৰু ৰাজ্য চৰকাৰসমূহে বিশদ প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) দাখিল কৰাৰ ওপৰত নিৰ্ভৰশীল বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয় ।

ইয়াৰ উপৰি চৰকাৰে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্য (Special Assistance to States for Capital Investment, SASCI) পদক্ষেপৰ অধীনত পৰ্যটন প্ৰকল্পৰ উন্নয়নৰ বাবে ৰাজ্যসমূহক আৰ্থিক সাহায্যও প্ৰদান কৰিছে ।

প্ৰকল্পসমূহৰ চিনাক্তকৰণ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে দাখিল কৰা প্ৰস্তাৱ, নিৰ্দেশনাৰ সৈতে ইয়াৰ মিল, বাজেটৰ উপলব্ধতা, অগ্ৰাধিকাৰ আৰু উদ্দেশ্যৰ বাবে প্ৰণয়ন কৰা প্ৰতিষ্ঠানিক আন্তঃগাঁথনি অনুসৰি চিনাক্ত কৰা হয় ।

"পৰ্যটন মন্ত্ৰণালয়ৰ বিভিন্ন আঁচনিৰ অধীনত অনুমোদিত প্ৰকল্পসমূহত গ্ৰীণ ফিল্ড আৰু ব্ৰাউন ফিল্ড প্ৰকল্প দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে । অতিমাত্ৰা পৰ্যটন প্ৰতিৰোধকে ধৰি পৰ্যটন আন্তঃগাঁথনিৰ সুষম আঞ্চলিক উন্নয়ন সাধনৰ বাবে সমগ্ৰ ভাৰতীয় প্ৰতিনিধিত্ব অন্তৰ্ভুক্ত কৰা হৈছে ।" শেখাৱাটে লোকসভাক অৱগত কৰে ।

লোকসভাৰ তথ্য অনুসৰি, ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা হৈছে যে দেশৰ শীৰ্ষ ৫০ টা পৰ্যটনস্থলীক ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে এক প্ৰত্যাহ্বানমূলক মোডৰ জৰিয়তে উন্নয়ন কৰা হ’ব । মূল আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভূমি ৰাজ্যসমূহে যোগান ধৰিব লাগিব ।

উক্ত গন্তব্যস্থানসমূহৰ হোটেলসমূহক Harmonised Master List (HML) আন্তঃগাঁথনিত অন্তৰ্ভুক্ত কৰা হ’ব । ৰাজ্য চৰকাৰ, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ইয়াৰ মাপকাঠি সন্দৰ্ভত আলোচনা কৰা হৈছে ।

প্ৰত্যাহ্বান ভিত্তিক গন্তব্য উন্নয়নৰ (চি বি ডি ডি) অধীনত অনুমোদন জনোৱা প্ৰকল্পসমূহ হৈছে :

  • অন্ধ্ৰপ্ৰদেশ : আহোব্লাম-নাগাৰ্জুনসাগৰত বৌদ্ধ ঐতিহ্য আৰু সাংস্কৃতিক অভিজ্ঞতাক সমৃদ্ধিশালী কৰা এক আধ্যাত্মিক যাত্ৰা ।
  • অৰুণাচল প্ৰদেশ : বিচোম ডেম এডভেন্সাৰ এণ্ড ইক’-টুৰিজিম প্ৰজেক্ট, কিভিটো ফ্ৰণ্টিয়াৰ টুৰিজিম- শান্তিৰ প্ৰৱেশদ্বাৰ ।
  • অসম : পানীদিহিং পক্ষী অভয়াৰণ্য, শিৱসাগৰ ।
  • বিহাৰ : সাৰণৰ সোণেপুৰ মেলাস্থলীত পৰ্যটন সুবিধাৰ উন্নয়ন ।
  • ছত্তীশগড় : পৰিৱেশ-পৰ্যটনৰ গন্তব্যস্থান হিচাপে মায়ালী বাগিচাৰ উন্নয়ন ।
  • গোৱা : মায়েম গাঁৱৰ হাৰভালেম জলপ্ৰপাত ।
  • গুজৰাট : শৰ্মিষ্ঠা হ্ৰদ, হৰচিদ্দি তীৰ, পোৰবন্দৰ ।
  • হিমাচল প্ৰদেশ : কাজা, ৰাকছাম, চিটকুল ।
  • ঝাৰখণ্ড : ৰামৰেখা ধাম, ছিমডেগা ।
  • কেৰেলা : থালাচেৰী- আধ্যাত্মিক স্থান, ভাৰ্কালা- দক্ষিণ কাশী ।
  • লাডাখ : মুছকোহক বহনক্ষম পৰ্যটন কেন্দ্ৰ হিচাপে উন্নীত কৰা; বন্যপ্ৰাণী দৰ্শনক সংহত কৰা ।
  • মধ্যপ্ৰদেশ : মধ্যযুগীয় স্প্লেণ্ডাৰ ২.০, অৰ্ছা ।
  • মহাৰাষ্ট্ৰ : আহমেদনগৰ দুৰ্গ ।
  • মণিপুৰ : মণিপুৰৰ প্ৰাচীন ৰাজধানী লংথাবল কনুগৰ উন্নয়ন ।
  • মেঘালয় : মাউফলং সাংস্কৃতিক আৰু ঐতিহ্য কেন্দ্ৰ, নাৰ্টিয়াং আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ ।
  • নাগালেণ্ড : ছ'লফুল ট্ৰিলছ: দ্য ইম্পুৰ হেৰিটেজ এক্সপিৰিয়েন্স, ইম্পুৰ ভিলেজ, দৈয়াং: এক পৰিৱেশ পৰ্যটন হেভেন' দৈয়াং জলাশয় ।
লগতে পঢ়ক :মাত্ৰ ১ টকাত লোক আৰু শাস্ত্ৰীয় নৃত্য-গীত শিকোৱা এজন গুৰুৰ কাহিনী... - PRESERVING CULTURE OF ODISHA
লগতে পঢ়ক :আক্ৰমণকাৰীক আশ্ৰয় দিয়া দুই অভিযুক্তৰ মাতৃয়ে চিনাক্ত কৰিলে পহলগামৰ সন্ত্ৰাসবাদীক - PAHALGAM TERRORISTS KILLED