প্ৰশাসনিক বিষয়া পূজা খেডকাৰ বিতৰ্ক; তদন্তৰ বাবে পেনেল গঠন কেন্দ্ৰৰ - IAS Officer Puja Khedkar Case
IAS Officer Puja Khedkar Case : কেন্দ্ৰীয় চৰকাৰে প্ৰবেচনাৰী আই এ এছ বিষয়া পূজা খেডকাৰৰ সৈতে জড়িত বিতৰ্কৰ তদন্ত কৰিবলৈ এজনীয়া সদস্যৰ এক পেনেল গঠন কৰিছে । পূজাৰ বিৰুদ্ধে ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান সুৰক্ষিত কৰিবলৈ দিব্যাংগ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ' বি চি) কোটাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Published : July 12, 2024 at 1:59 PM IST
নিউজ ডেস্ক, ১২ জুলাই : কেন্দ্ৰই বৃহস্পতিবাৰে প্ৰবেচনাৰী আই এ এছ বিষয়া পূজা খেডকাৰৰ সৈতে জড়িত বিতৰ্কৰ তদন্তৰ বাবে এজনীয়া সদস্যৰ এক পেনেল গঠন কৰা বুলি সূত্ৰত প্ৰকাশ । কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ (Department of Personnel and Training, DoPT) এগৰাকী অতিৰিক্ত সচিবে বিষয়টো সন্দৰ্ভত তদন্ত কৰিব ।
উল্লেখ্য যে, ৩২ বছৰীয়া খেডকাৰৰ বিৰুদ্ধে ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান সুৰক্ষিত কৰিবলৈ দিব্যাংগ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ' বি চি) কোটাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । তেওঁক সোমবাৰে উৎপীড়ন আৰু অসদাচৰণৰ অভিযোগত পুনেৰ পৰা ৱাছিমলৈ বদলি কৰা হৈছিল । বৃহস্পতিবাৰে তেওঁ বিদৰ্ভ অঞ্চলৰ ৱাছিম জিলা আয়ুক্ত কাৰ্যালয়ত উপ-আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে ।
আনহাতে, পুনে আৰক্ষীয়ে কয় যে এই বিষয়টো সন্দৰ্ভত তেওঁলোকে এক পুংখানুপুংখ তদন্ত কৰিব আৰু বিতৰ্কিত আই এ এছ বিষয়াগৰাকীৰ ব্যক্তিগত গাড়ীত অনুমতি অবিহনে লিখা 'মহাৰাষ্ট্ৰ চৰকাৰ' আৰু ৰঙা-নীলা বীকন লাইট ব্যৱহাৰৰ ওপৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ।
খেডকাৰে ব্যৱহাৰ কৰা অ'ডি গাড়ীখন এটা ব্যক্তিগত কোম্পানীৰ নামত পঞ্জীয়ন কৰা হৈছিল আৰু পূৰ্বতে বাহনখনৰ বিৰুদ্ধে চালান জাৰি কৰা হৈছিল বুলি এগৰাকী বিষয়াই কয় ।
উল্লেখ্য যে, পৃথক কেবিন আৰু কৰ্মচাৰীৰ দৰে দাবীৰে বিতৰ্ক সৃষ্টি কৰাৰ বাবে ৩২ বছৰীয়া প্ৰবেচনাৰী আই এ এছ বিষয়াগৰাকীক তেওঁৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পুনেৰ পৰা বিদৰ্ভ অঞ্চলৰ ৱাছিম জিলালৈ বদলি কৰা হৈছে ।
বৃহস্পতিবাৰে তেওঁ ৱাছিম জিলা আয়ুক্ত কাৰ্যালয়ত উপ-আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে । অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ খেডকাৰে ভুৱা বিকলাঙ্গতা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ' বি চি) প্ৰমাণ-পত্ৰ দাখিল কৰাৰো অভিযোগ আছে ।
আনহাতে, পুনে আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে পুনেৰ পাছান অঞ্চলৰ খেডকাৰৰ বাংলোলৈ বীকন আৰু ভি আই পি নম্বৰ উলংঘনৰ বাবে অ'ডি গাড়ীখন পৰীক্ষা কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকে বাংলোৰ গে'টবোৰ বন্ধ হৈ থকা প্ৰত্যক্ষ কৰে ।
এই সন্দৰ্ভত পুনে আৰক্ষীৰ জ্যেষ্ঠ বিষয়া এগৰাকীয়ে কয়, "মটৰ বাহন আইনৰ অধীনত অ'ডি গাড়ীখনৰ সৈতে সম্পৰ্কিত নিয়ম উলংঘনৰ অভিযোগ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । দেখা গৈছে যে খেডকাৰে ব্যৱহাৰ কৰা গাড়ীখন এটা ব্যক্তিগত কোম্পানীৰ নামত পঞ্জীয়ন কৰা হৈছে ।"
"বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰা হ'ব । কিয়নো তেওঁৰ ব্যক্তিগত বাহনত ৰঙা-নীলা বীকন লাইট লগোৱা হৈছে । আনহাতে, গাড়ীখনত এখন 'মহাৰাষ্ট্ৰ চৰকাৰ' নেমপ্লেটো লগোৱা হৈছে । পূৰ্বতে উক্ত গাড়ীখনৰ বিৰুদ্ধে চালান জাৰি কৰা হৈছিল । কিন্তু আমি বাহনখনে কৰা নিয়মৰ উলংঘনবোৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছো ।" তেওঁ লগতে কয় ।
লগতে পঢ়ক :অসমকে ধৰি ১৬ ৰাজ্যৰ মুখ্য সচিব-বিত্ত সচিবক চমন জাৰি উচ্চতম ন্যায়ালয়ৰ - Supreme Court of India

