ETV Bharat / bharat

পহলগামকাণ্ডৰ অপপ্ৰচাৰ প্ৰতিহত কৰিবলৈ কেন্দ্ৰই গঠন কৰিলে মন্ত্ৰীগোট

একাংশ আধাৰ সেৱা কেন্দ্ৰ (এ এছ কে)ৰ বিৰুদ্ধেও অভিযান আৰম্ভ ৷

Centre Forms Ministerial Team To Monitor, Plug False Propaganda On Pahalgam Terror Attack
পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ (AP)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 7:46 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: ২২ এপ্ৰিল, ভাৰতৰ বাবে পাহৰিব নোৱৰা এটা দিন । এই দিনটোতে পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল, যি ঘটনাৰ বৰ্ণনা দুনাই আৰু কৰাৰ প্ৰয়োজন নাই ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভাৰত বিৰোধী কাৰ্যকলাপ আৰু অনলাইনত প্ৰচাৰিত ভুৱা অপপ্ৰচাৰ নিৰীক্ষণ আৰু প্লাগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয় (MHA) আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াক লৈ এক আন্তঃমন্ত্ৰালয়ৰ মন্ত্ৰীগোট গঠন কৰিছে ।

এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই ই টিভি ভাৰতক জনোৱা মতে, দলটোৱে বিভিন্ন ভাৰতীয় আৰু বিদেশী মিডিয়া হাউছৰ ডিজিটেল মিডিয়া কণ্টেণ্ট আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত তেওঁলোকৰ অনলাইন কাৰ্যকলাপৰ তদন্ত কৰিব ।

‘‘ভাৰত চৰকাৰ আৰু ইয়াৰ বাহিনীৰ নেতিবাচক ছবি দাঙি ধৰা, ৰচনা কৰা আৰু অপপ্ৰচাৰত লিপ্ত হোৱা লোকসকলক এই দলটোৱে চিনাক্ত কৰিব ।’’ বিষয়াগৰাকীয়ে কয় । তেওঁ লগতে কয় যে গৃহ মন্ত্ৰালয়ে আন্তঃমন্ত্ৰালয়ৰ দলটো গঠনৰ পৰামৰ্শ দিছিল ।

পহলগাম আক্ৰমণৰ পিছত বিদেশী কেইবাটাও ইউটিউব চেনেল আৰু ছ’চিয়েল মিডিয়া হেণ্ডেলত ভুৱা বাতৰি প্ৰচাৰ আৰু নেতিবাচক অপপ্ৰচাৰ চলোৱাৰ কথা জানিব পৰাৰ পিছতে এই দলটো গঠন কৰা হয় ।

চোৰাংচোৱাৰ তথ্য অনুসৰি পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থাই পহলগাম হত্যাকাণ্ডক লৈ ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ এটা সম্পূৰ্ণ দল সক্ৰিয় কৰিছে । চোৰাংচোৱাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি বিষয়াগৰাকীয়ে কয় যে চীনত ভিত্তি কৰি চাইবাৰ হেণ্ডলাৰসকলেও আই এছ আইক সহায় কৰি আছে ।

বিষয়াগৰাকীয়ে লগতে কয়, "দেশৰ ভিতৰতে বহু শক্তিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভুৱা তথ্য প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে । নিৰাপত্তা সংস্থাসমূহেও ভাৰত বিৰোধী পোষ্টৰ সৈতে জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে ।"

শেহতীয়াকৈ অসম আৰক্ষীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ অভিযোগত একাংশ মহিলা আৰু এগৰাকী বিধায়ককে ধৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে । একেদৰে একাংশ আধাৰ সেৱা কেন্দ্ৰ (এ এছ কে)ত সন্দেহজনক কাৰ্যকলাপ চলি থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছত সিবিলাকৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে ।

এই সন্দৰ্ভত নিৰাপত্তা সংস্থাসমূহে লক্ষ্ণৌৰ এ এছ কেৰ সন্দেহযুক্ত অপাৰেটৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । শেহতীয়াকৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতৰ সকলো মিডিয়া চেনেলক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু নিৰাপত্তাৰক্ষীৰ চলাচলৰ লাইভ কভাৰেজ প্ৰদৰ্শনৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ জাৰি কৰিছে ।

লগতে পঢ়ক : হৃদয়বিদাৰক ! তিনিটা সন্তানক লগত লৈ মাতৃ যাব লাগিব পাকিস্তানলৈ আৰু কনিষ্ঠ সন্তানৰে পিতৃ থাকিব ভাৰতত

লগতে পঢ়ক : যুদ্ধবিৰতি উলংঘা কৰি একেৰাহে তৃতীয় নিশা গুলীবৰ্ষণ পাকিস্তানৰ; ভাৰতেও দিলে যোগ্য প্ৰত্যুত্তৰ

ইয়াত কোৱা হৈছে যে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যম, ডিজিটেল প্লেটফৰ্ম আৰু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মন্ত্ৰালয়ে তেওঁলোকক প্ৰতিৰক্ষা অভিযান বা গতিবিধিৰ সৈতে জড়িত উৎসভিত্তিক তথ্যৰ ভিত্তিত প্ৰতিবেদন দিয়াৰ পৰা বিৰত থাকিবলৈ কয় । মন্ত্ৰালয়ে কয় যে স্পৰ্শকাতৰ তথ্যৰ অকাল প্ৰকাশে অজানিতে শত্ৰুতাপূৰ্ণ উপাদানসমূহক সহায় কৰিব পাৰে আৰু কাৰ্যকৰী ফলপ্ৰসূতা আৰু কৰ্মীসকলৰ সুৰক্ষা বিপন্ন কৰিব পাৰে ।

কাৰ্গিল যুদ্ধ, মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ (২৬/১১), কান্দাহাৰ হাইজেকিং আদি অতীতৰ কিছুমান কাণ্ডৰ ওপৰত আলোকপাত কৰি মন্ত্ৰালয়ে কয় যে নিষিদ্ধভাৱে কভাৰেজৰ ফলত ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত অনাকাংক্ষিত বিৰূপ পৰিণতি হৈছে ।

প্ৰখ্যাত নিৰাপত্তা বিশেষজ্ঞ প্ৰবীণ (অৱসৰপ্ৰাপ্ত) ব্ৰিগেডিয়াৰ বি কে খান্নাই কয় যে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি শত্ৰুতাপূৰ্ণ শক্তিসমূহৰ ভুৱা অপপ্ৰচাৰ কৌশল ৰোধৰ বাবে এনে কাৰ্য অতি জটিল । খান্নাই কয় যে যেতিয়া শত্ৰুৱে প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব নোৱাৰে তেতিয়া এই ধৰণৰ দুষ্টামি আৰু মিছা অপপ্ৰচাৰত লিপ্ত হয় ।

ব্ৰিগেডিয়াৰ খান্নাই কয়, “বিগত সময়ত বহুবাৰ ভাৰতৰ নিৰাপত্তাৰ প্ৰতি শত্ৰুতাপূৰ্ণ শক্তিসমূহে আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰিবলৈ ভুৱা অপপ্ৰচাৰত লিপ্ত হৈছে ।”

জম্মু-কাশ্মীৰত সংঘটিত হোৱা কৰুণ পহলগাম সন্ত্ৰাসবাদী ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰত, ইয়াৰ সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু, ভুৱা আৰু বিভ্ৰান্তিকৰ আখ্যান আৰু ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সোমবাৰে ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰে ।

নিষিদ্ধ কৰা কিছুমান ইউটিউব চেনেলৰ ভিতৰত আছে ১.৯৬M গ্ৰাহকৰ সৈতে ডন নিউজ, SAMAA TV (১২.৭M), ARY NEWS (১৪.৬M), জিঅ’ নিউজ (১৮.১M), SUNO NEWS HD (১.৩৬M), GNN (৩.৫৪M) দ্য পাকিস্তান ৰেফাৰেন্স (২৮৮K) আদি ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাতৰি সন্দৰ্ভত জেকী মাৰ্টিন (ভাৰতৰ মুৰব্বী, বিবিচি)কো ভাৰতৰ তীব্ৰ অনুভূতি প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ।

লগতে পঢ়ক : চতুৰ্থবাৰৰ বাবে যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ; কুপৱাৰা-পুঞ্চ ছেক্টৰত নিশা গুলীচালনা পাক সেনাৰ

লগতে পঢ়ক : সেউজীয়া কুৰ্তা পায়জামা পিন্ধি আহিছিল; পহলগামৰ ভুক্তভোগীয়ে চিনাক্ত কৰিলে সন্ত্ৰাসবাদীক