ETV Bharat / bharat

অসমত প্ৰায় ১১ হাজাৰ কোটিৰ ইউৰিয়া প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ - UREA PLANT IN ASSAM

কেন্দ্ৰীয় কেবিনেটে ইউৰিয়া উৎপাদনৰ বাৰ্ষিক ১২.৭ লাখ টন ক্ষমতাৰ নতুন ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।

Urea Plant in Assam
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফাইল ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 10:52 AM IST

3 Min Read

নতুন দিল্লী : অসমত প্ৰস্তাৱিত ইউৰিয়া প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ । কেন্দ্ৰীয় কেবিনেটে বুধবাৰে শস্যৰ মুখ্য পুষ্টিৰ বাবে ব্যৱহৃত ইউৰিয়া আমদানি হ্ৰাস কৰা আৰু এই ক্ষেত্ৰত ভাৰতক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আনুমানিক ১০,৬০১.৪ কোটি টকা ব্যয়সাপেক্ষে অসমত এটা ইউৰিয়া প্ৰকল্প স্থাপনত অনুমোদন জনায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে নামৰূপ সাৰ কাৰখানাৰ বৰ্তমানৰ চৌহদৰ ভিতৰত বাৰ্ষিক ১২.৭ লাখ টন ইউৰিয়া উৎপাদন ক্ষমতাৰ নতুন ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায় । এক সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইকথা জনায় ।

এই প্ৰকল্পটো যুটীয়া খণ্ডত স্থাপন কৰা হ'ব । ইয়াৰ বাবে পুঁজি বিনিয়োগৰ অনুপাত হ'ব 70:30 ঋণ-ইকুইটি শ্বেয়াৰ । আনহাতে, প্ৰকল্পটোৰ বাবে মুঠ আনুমানিক ব্যয় নিৰ্ধাৰণ কৰা হৈছে 10,601.40 কোটি টকা । নামৰূপ সাৰ কাৰখানাৰ এই চতুৰ্থ প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে সামগ্ৰিকভাৱে 48 মাহৰ সময়সীমা নিৰ্ধাৰণ হৈছে বুলি এক চৰকাৰী বিবৃতিত কোৱা হৈছে ।

কেন্দ্ৰীয় কেবিনেটে ৰাজহুৱা উদ্যোগ বিভাগৰ (ডি পি ই) নিৰ্দেশনাত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ (এন এফ এল) ইকুইটি অংশগ্ৰহণ আৰু নামৰূপৰ চতুৰ্থ সাৰ প্ৰকল্প স্থাপনৰ প্ৰক্ৰিয়াত তদাৰক কৰিবলৈ এখন আন্তঃ-মন্ত্ৰণালয় সমিতি (আই এম চি) গঠনৰ বাবেও অনুমোদন জনায় ।

এই প্ৰস্তাৱিত যুটীয়া উদ্যোগত অসম চৰকাৰৰ ৪০ শতাংশ শ্বেয়াৰ থাকিব । আনহাতে, বি ভি এফ চি এলৰ ১১ শতাংশ, হিন্দুস্তান উৰ্বৰক আৰু ৰাসায়ন লিমিটেডৰ (এইচ ইউ আৰ এল) ১৩ শতাংশ, এন এফ এলৰ ১৮ শতাংশ আৰু অইল ইণ্ডিয়া লিমিটেডৰ ১৮ শতাংশ শ্বেয়াৰ থাকিব । ইয়াৰ উপৰি বি ভি এফ চি এলৰ ইকুইটিৰ অংশ ইয়াৰ সম্পদৰ দ্বাৰা গ্ৰহণ কৰা হ'ব ।

"এই প্ৰকল্পটোৱে দেশত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত ঘৰুৱা ইউৰিয়া উৎপাদন ক্ষমতা বৃদ্ধি কৰিব । ই উত্তৰ-পূব, বিহাৰ, পশ্চিমবংগ, পূব উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ ইউৰিয়া সাৰৰ বৰ্ধিত চাহিদা পূৰণ কৰিব ।" বিবৃতিটোত কোৱা হৈছে ।

"নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন অধিক শক্তি সম্পন্ন হ'ব । ই অঞ্চলটোৰ লোকসকলৰ বাবে অতিৰিক্ত প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ সুযোগৰ পথো মুকলি কৰিব । ই দেশত ইউৰিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী লাভ কৰাত সহায় কৰিব ।" কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে ।

উল্লেখ্য যে কেন্দ্ৰই বিগত 10 বছৰত ইউৰিয়াৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আছে কেইটামান বন্ধ উৎপাদন কাৰখানা পুনৰুজ্জীৱিত কৰা ।

এই পদক্ষেপবোৰে ২০১৪-১৫ বৰ্ষত বাৰ্ষিক ইউৰিয়া উৎপাদন ২২৫ লাখ টনৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত ৩১৪.০৯ লাখ টনৰ অভিলেখসংখ্যক ইউৰিয়া উৎপাদনলৈ বৃদ্ধি কৰাত সহায় কৰিছে । উল্লেখ্য যে ভাৰতে ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ প্ৰতিবছৰে প্ৰায় ৫০-৬০ টন ইউৰিয়া আমদানি কৰে ।

লগতে পঢ়ক :IIT গুৱাহাটীৰ নতুন উদ্ভাৱন : অসমৰ পৰম্পৰাগত পানীটেঙাৰ পৰা উপকাৰী বেক্টেৰিয়া চিনাক্ত - IIT GUWAHATI
লগতে পঢ়ক :বিহাৰ দিৱসকলৈ ৰাজনীতি কৰাৰ কোনো অৰ্থই নাই : মুখ্যমন্ত্ৰী - BIHAR DAY CELEBRATION CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.