ETV Bharat / bharat

ত্ৰিপুৰাক গোলকীয় বজাৰৰ সৈতে সংযোগ কৰিবলৈ জলপথৰ বিকাশ কৰা হৈছে: সৰ্বানন্দ সোণোৱাল

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ যাত্ৰা শক্তিশালী হৈছে ।

Union Minister Sarbananda Sonowal
মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (X@sarbanandsonwal)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 8:32 PM IST

2 Min Read
Choose ETV Bharat

আগৰতলা: কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাক বাংলাদেশৰ মাজেৰে কলকাতা, পাৰাদীপ আৰু বিশাখাপট্টনমৰ সৈতে সংযোগ কৰিবলৈ জলপথ সংযোগ স্থাপনৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে ৷ আগৰতলাত এক সংবাদমেলত এইদৰে মন্তব্য় কৰি সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে লাভ কৰা পৰিৱৰ্তনশীল উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ শাসন সবকা সাথ, সবকা বিকাশৰ দৃষ্টিভংগীৰে সামগ্ৰিক বিকাশৰ ওপৰত কেন্দ্ৰীভূত । চৰকাৰে অৰ্থনৈতিক প্ৰগতি আৰু সমাজৰ সকলো শ্ৰেণীৰ উন্নতিৰ বাবে একাধিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে বুলি মন্ত্ৰী সোণোৱালে মন্তব্য় কৰি কয়, "বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উপস্থাপন কৰা এই বছৰৰ কেন্দ্ৰীয় বাজেটে আকৌ এবাৰ দেশজুৰি উন্নয়নৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । বাজেটত উল্লেখ কৰা ব্যৱস্থাসমূহে কৃষক, দৰিদ্ৰ, যুৱ, মহিলা আৰু মধ্যবিত্ত শ্ৰেণীক লাভান্বিত কৰিব, যাৰ ফলত ভাৰতৰ অৰ্থনৈতিক বিকাশ অধিক ত্বৰান্বিত হ'ব ।"

বিগত দশকত হোৱা দ্ৰুত অগ্ৰগতিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ যাত্ৰা যথেষ্ট শক্তিশালী হৈছে ।" উত্তৰ-পূব, বিশেষকৈ ত্ৰিপুৰাত উল্লেখযোগ্য বিকাশ পৰিলক্ষিত হৈছে । অতীতত সীমিত সংযোগৰ তুলনাত বৰ্তমান ৰাজ্যখনত প্ৰায় 24 খন বিমান চলাচল কৰে । 2014 চনত কেৱল মিটাৰ-গজ ৰে'লপথ আছিল, কিন্তু এতিয়া ব্ৰ'ড-গজ ৰে'ললাইন আৰু প্ৰায় 30 খন এক্সপ্ৰেছ ৰে'লে ত্ৰিপুৰাক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে । ইয়াৰ উপৰি ত্ৰিপুৰাৰ কৃষিজাত সামগ্ৰী যেনে কঁঠাল আৰু আনাৰসে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে ।"

ত্ৰিপুৰাত বিশাল কৃষি সম্ভাৱনা :

জলপথৰ উন্নয়নৰ বিষয়ে ব্য়াখ্য়া কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে যোগাযোগ বৃদ্ধিৰ বাবে মুখ্য আন্তঃগাঁথনি প্ৰকল্পসমূহ ৰূপায়ণ কৰি আছে । মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "আমি বংগোপ সাগৰৰ মাজেৰে বিশ্ব বজাৰত ত্ৰিপুৰাৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰিবলৈ গোমতী নদীৰ কাষত জেটি নিৰ্মাণ কৰি আছো । এই জেটিবোৰে কেৱল বাংলাদেশৰ জৰিয়তে নহয়, কলকাতা, পাৰাদীপ আৰু বিশাখাপট্টনমৰ জৰিয়তে পোনপটীয়া সংযোগ স্থাপনত সহায় কৰিব । ত্ৰিপুৰা হৈছে এক অতি উৰ্বৰ ৰাজ্য য'ত বিশাল কৃষি সম্ভাৱনা আছে আৰু উন্নত জলপথই ইয়াৰ বাণিজ্য ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, আন্তঃৰাষ্ট্ৰীয় বজাৰত নতুন সুযোগ মুকলি কৰিব ।"

লগতে পঢ়ক:সোণোৱাললৈ অৰুণাচলৰ গুৰু দায়িত্ব; বিজেপিয়ে অসমৰ ভাৰ অৰ্পন কৰিলে গজেন্দ্ৰ শ্বেখাৱতক - SARBANANDA SONOWAL