নতুন দিল্লী: দেশজুৰি জাতিগত গণনাৰ সৈতে লোকপিয়ল ২০২৭ অনুষ্ঠিত হ'ব । বুধবাৰে গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰা মতে দুটা পৰ্যায়ত এই লোকপিয়ল অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা এই লোকপিয়ল আৰম্ভ হ'ব । আনহাতে ২০২৭ চনৰ ১ মাৰ্চৰ পৰা লাডাখৰ দৰে বৰফাবৃত অঞ্চলসমূহত জাতিগত গণনাসহ লোকপিয়ল আৰম্ভ হ'ব ।
মন্ত্ৰণালয়ে বিবৃতিত উল্লেখ কৰিছে, "লোকপিয়ল-২০২৭ৰ ৰেফাৰেন্স ডেট হ'ব ২০২৭ চনৰ মাৰ্চ মাহৰ ১ তাৰিখৰ ০০:০০ বজা । কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয়শাসিত অঞ্চল আৰু হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড ৰাজ্যৰ বৰফাবৃত এলেকাৰ বাবে ৰেফাৰেন্স ডেট হ'ব ২০২৬ চনৰ অক্টোবৰ মাহৰ প্ৰথম দিন ০০.০০ বজা ।"
সম্ভৱতঃ ১৬ জুনত লোকপিয়ল আইন ১৯৪৮ ৰ ধাৰা ৩ৰ বিধান অনুসৰি এই ৰেফাৰেন্স ডেটসমূহৰ সৈতে লোকপিয়ল চলোৱাৰ উদ্দেশ্যেৰে চৰকাৰী অধিসূচনা প্ৰকাশ কৰা হ'ব । ১৯৪৮ চনৰ লোকপিয়ল আইন আৰু ১৯৯০ চনৰ লোকপিয়ল নিয়মৰ বিধান অনুসৰিয়ে ভাৰতত লোকপিয়ল অনুষ্ঠিত হ'ব ।
অন্তিম লোকপিয়ল ২০১১ চনত দুটা পৰ্যায়ত কৰা হৈছিল । ২০২১ চনৰ লোকপিয়ল ২০২০ চনৰ এপ্ৰিল-ছেপ্টেম্বৰৰ ভিতৰত প্ৰথম পৰ্যায় আৰু ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় পৰ্যায়ৰ সৈতে দুটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱো দিয়া হৈছিল ।
২০২১ চনত প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল । ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা কিছুমান ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ক্ষেত্ৰভিত্তিক কাম আৰম্ভ হোৱাৰ কথা আছিল যদিও সমগ্ৰ দেশতে ক'ভিড পৰিস্থিতিৰ বাবে লোকপিয়লৰ কাম পিছুৱাই দিয়া হয় । শেহতীয়াকৈ চৰকাৰে সিদ্ধান্ত লৈছে যে লোকপিয়লৰ লগতে জাতিগত গণনাও কৰা হ'ব ।