ETV Bharat / bharat

চি বি এছ ইৰ বিদ্যালয়ত ৭৫% উপস্থিতি বাধ্যতামূলক: ব'ৰ্ড পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পূৰ্বতকৈ গুৰুত্বপূৰ্ণ এই নিয়ম

চি বি এছ ইৰ বিদ্যালয়সমূহত ব'ৰ্ড পৰীক্ষাৰ যোগ্যতাৰ বাবে ৭৫% উপস্থিতি বাধ্যতামূলক কৰাৰ নিৰ্দেশনা । এই সন্দৰ্ভত সুৰভি গুপ্তাৰ এক বিশ্লেষণ ।

CBSE 75 percent attendance rule why it matters more than ever for class 10 and class 12 board exam students
চি বি এছ ইত ৭৫% উপস্থিতিৰ নিয়ম (IANS)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 2:59 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডে পুনৰ পুৰণি নিয়মক মজবুত কৰি তুলিছে । যি নিয়ম অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰ-ছাত্ৰীসকল ন্যূনতম উপস্থিতি ৭৫% বাধ্যতামূলক কৰা হৈছে । এই সন্দৰ্ভত ৬ আগষ্টত জাৰি কৰা এক জাননীত, চি বি এছ ইৰ অন্তৰ্গত সকলো বিদ্যালয়ত এই নিয়ম বলবৎ কৰাৰ লগতে এই সম্পৰ্কীয় সকলো তথ্য সঠিকভাৱে ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

নিয়মসমূহ কি কি:

চি বি এছ ই পৰীক্ষাৰ উপ-নিয়মসমূহত স্পষ্টৰূপে কোৱা হৈছে যে, দশম আৰু দ্বাদশৰ ব'ৰ্ড পৰীক্ষাত বহিবলৈ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ৭৫% উপস্থিতি অনিবাৰ্য । এই ক্ষেত্ৰত কেৱল জৰুৰীকালীন পৰিস্থিতিতহে যেনে, চিকিৎসাজনিত কাৰণ, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত দেশক প্ৰতিনিধিত্ব কৰা বা কোনো বহুত গভীৰ কাৰণতহে ৰেহাই দিয়া হ'ব । প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিব পাৰিলেহে এইসমূহ মান্য বিবেচনা কৰা হ'ব ।

চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক সংযম ভৰদ্বাজে বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা পত্ৰত কয়, "৭৫% অনিবাৰ্য উপস্থিতি এক আৱশ্যকীয় মানদণ্ড আৰু এই মানদণ্ড পূৰ্ণ নকৰা ছাত্ৰ-ছাত্ৰীক অযোগ্য বুলি বিবেচিত কৰাৰ পিছত তেওঁলোকৰ সন্মুখীন হ'বলগীয়া অসুবিধাসমূৰ বিষয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক সজাগ কৰিব লাগে । যদি কোনো ছাত্ৰই চিকিৎসা তথা অন্য কোনো কাৰণত ছুটী লয়, তেওঁ ছুটীৰ আবেদন কৰাৰ সময়ত উপযুক্ত চিকিৎসা তথা অন্য নথি-পত্ৰসহ বিদ্যালয়ত আবেদন কৰিব লাগিব ।"

কিয় এই বিষয়ত সৰৱ হৈছে চি বি এছ ই:

বিগত বৰ্ষসমূহত, বিশেষকৈ কোভিড মহামাৰীৰ পিছত অনলাইন শিক্ষা আৰু স্ব-অধ্যয়ন সূলভ হৈ পৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী ত্যাগ কৰাৰ বিষয়টো বাঢ়ি গৈ আছে । দশম আৰু দ্বাদশ শ্ৰেণীৰ বহু ছাত্ৰই বিশেষকৈ NEET আৰু JEE ৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিদ্যালয়ত উপস্থিত নাথাকি কোচিং চেণ্টাৰত নামভৰ্তি কৰিছে । তেওঁলোকে ভাবে যে বিদ্যালয়ে তেওঁলোকৰ উপস্থিতি পূৰ্ণ কৰি দিব ।

দিল্লীৰ এগৰাকী নাম প্ৰকাশত অনিচ্ছুক অধ্যক্ষই কয়, "উপস্থিতিৰ নিয়ম কেৱল মাত্ৰ এক আনুষ্ঠানিকতাহে হ'বলৈ গৈ আছিল । ছাত্ৰ-ছাত্ৰীসকল কেৱল প্ৰি-ব'ৰ্ড বা প্ৰেক্টিকেলৰ সময়তহে আহিছিল । এয়া এক আমাৰ বাবে ভাবুকি ।

চিবিএছইয়ে সতৰ্কবাণী দিয়ে যে তেওঁলোকে উপস্থিতিৰ ৰেকৰ্ড নিৰীক্ষণ কৰিব পাৰে । যদি কোনো বিসংগতি দেখে তেন্তে বিদ্যালয়ৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । যাৰ ফলত বিদ্যালয়ৰ সৈতে সম্পৰ্ক বাতিল কৰা আৰু কঠোৰ শাস্তিও বিহিব পাৰে । পত্ৰখনত উল্লেখ কৰা হয়,"যদি ৰেজিষ্টাৰত উপস্থিতি আধৰুৱা পোৱা যায় বা তাত কোনো বিসংগতি কৰা হয়, তেতিয়া ব'ৰ্ড ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত বহাৰ পৰা অযোগ্য ঘোষণা কৰা হ'ব পাৰে ।"

ছাত্ৰ আৰু অভিভাৱকৰ প্ৰতিক্ৰিয়া:

নতুন নিৰ্দেশনাখনে ছাত্ৰ আৰু অভিভাৱকৰ মাজত চিন্তা আৰু ভ্ৰমৰ উদ্বেগ ঘটাইছে । গুৰুগ্ৰামৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ অৰ্জুন মালহোত্ৰাই কয়,"মই JEE ৰ কোচিঙৰ প্ৰতি মনোযোগ দি আছিলোঁ আৰু সপ্তাহত মাত্ৰ দুবাৰ বিদ্যালয়লৈ গৈ আছিলোঁ । মোৰ এতিয়া চিন্তা হৈছে, হয়তো মই ব'ৰ্ড পৰীক্ষা দিয়াৰ অনুমতি লাভ নকৰিম । মই শীঘ্ৰে বিদ্যালয়ৰ সৈতে কথা পাতিব লাগিব ।"

কোনো কোনো অভিভাৱকে এই নিয়ম কঠোৰ যদিও আৱশ্যকীয় বুলি উল্লেখ কৰে । নয়ডাৰ দশম শ্ৰেণীৰ এজন ছাত্ৰৰ মাতৃ প্ৰিয়া শৰ্মাই কয়,"ছাত্ৰ-ছাত্ৰীয়ে কেৱল এইবাবেই বিদ্যালয়লৈ যাব নোখোজে যে, তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ তৈয়াৰী কৰি আছে । কিন্তু মই বিচাৰোঁ যে বিদ্যালয়সমূহে কোচিঙৰ সময়সূচীৰ সৈতে মিলামিচা কৰিলে খুব ভাল আছিল ।"

আন একাংশই এই নিয়মৰ কঠোৰতাক গভীৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হৈছে । বেংগালুৰুৰ এগৰাকী অভিভাৱক নিকিতা ৰাৱে কয়,"যদি কোনো ছাত্ৰৰ সঁচাকৈয়ে শাৰিৰীক স্বাস্থ্য তথা মানসিক স্বাস্থ্যজনিত কাৰণত ছুটীৰ প্ৰয়োজন হয় তেতিয়া কি হ'ব ? এনে বিষয়বোৰত ৭৫% ৰ নিয়ম শিথিল কৰা প্ৰয়োজন । যিহেতু নম্বৰ আৰু ব'ৰ্ডে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিশ্চিত কৰে ।"

বিদ্যালয়সমূহে কি কৰা উচিত, চি বি এছ ইয়ে বিদ্য়ালয়সমূহক দিলে নিৰ্দেশ:

  • প্ৰতিদিনে উপস্থিতিৰ পঞ্জীয়ন কৰি ৰাখিব লাগিব, সেইসমূহ আপডেট কৰি, শ্ৰেণী শিক্ষক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা চহী কৰি ৰাখিব লাগিব
  • নিৰীক্ষণৰ বাবে ৰেকৰ্ড যাতে সহজে উপলব্ধ হয় সেয়া সুনিশ্চিত কৰিব লাগিব
  • উপস্থিতি কম হোৱাৰ বিষয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক লিখিত ৰূপত প্ৰথমেই জনাব লাগিব
  • বোৰ্ড পৰীক্ষাৰ বাবে পঞ্জীয়ণ প্ৰক্ৰিয়া চলি থকা সময়ত উপস্থিতিৰ সাৰাংশ দাখিল কৰিব লাগিব

নিয়মৰ ভিতৰত ছুটী, প্ৰয়োজন হ'ব নথি-পত্ৰৰ:

বোৰ্ডে ২৫% লৈকে ছুটী তেতিয়াহে দিব, য়েতিয়া এইসমূহ নথি-পত্ৰ দাখিল কৰিব পাৰিব:

  • চিকিৎসাৰ প্ৰমাণ পত্ৰ
  • অংশগ্ৰহণ কৰা প্ৰমাণ পত্ৰ
  • পৰিয়ালৰ কোনো লোকৰ মৃত্যু তথা বিশেষ ৰোগ

লগতে পঢ়ক: নেশ্যনেল হেৰাল্ড গোচৰ সন্দৰ্ভত পিছুৱালে আদালতৰ নিৰ্দেশ - NATIONAL HERALD CASE

কেৱল হাতত পিন্ধাই নহয়, সোৱাদো ল’ব পাৰিব এই ৰাখীৰ - RAKSHA BANDHAN 2025