নতুন দিল্লী: দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত থকা চৰকাৰী বাসগৃহত নগদ ধন মজুত ৰখাৰ ঘটনা পোহৰলৈ অহাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে ।
ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন কৰা হৈছিল ।
বিগত ৮ মে’ত উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক প্ৰেছ বিবৃতিৰ উদ্ধৃতিৰে বিচাৰপীঠে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ ন্যায়াধীশৰ সঁহাৰিৰ লগতে ভাৰতৰ মুখ্য ন্যায়াধীশে ইন-হাউছ তদন্ত সমিতিৰ প্ৰতিবেদন প্ৰেৰণ কৰে ।
বিচাৰপীঠে কয় ‘‘ৰিট অৱ মেণ্ডামছ বিচৰাৰ পূৰ্বে আবেদনকাৰীয়ে উপযুক্ত কৰ্তৃপক্ষৰ সন্মুখত প্ৰতিনিধিত্ব দাখিল কৰি তেওঁলোকৰ অভিযোগৰ প্ৰতিকাৰ বিচাৰিব লাগিব । গতিকে আমি এই ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছো । এই পৰ্যায়ত অন্যান্য আবেদনসমূহৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় নহয় ।’’
ইন-হাউছ তদন্তকাৰী পেনেলে বাৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিছত প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই তেওঁক পদত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে । এই বিতৰ্কৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি হোৱা ন্যায়াধীশ বাৰ্মাই পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে । ন্যায়াধীশ বাৰ্মাই পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত ন্যায়াধীশ খান্নাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰে পত্ৰ ৷
অধিবক্তা মেথিউছ নেডুমপাৰা আৰু আন তিনিগৰাকীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ গৃহীত কৰে । আবেদনখনত ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ প্ৰাথমিকভাৱে সত্য বুলি বিবেচনা কৰি ইন-হাউছ কমিটীয়ে তৎকালীনভাৱে অপৰাধমূলক কাৰ্যবিধি আৰম্ভ কৰাৰ আহ্বান জনাইছে ।
আবেদনখনত আঙুলিয়াই দিয়া হৈছে যে আভ্যন্তৰীণ তদন্তৰ ফলত ন্যায়িক অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব পাৰে যদিও প্ৰযোজ্য বিধিৰ অধীনত ই অপৰাধমূলক তদন্তৰ কোনো বিকল্প নহয় ।
চলিত বছৰৰ মার্চ মাহত একেখিনি আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়লৈ যায়, য'ত তেওঁলোকে ঘৰুৱা তদন্তক চেলেঞ্জ কৰি ন্যায়পালিকাৰ আনুষ্ঠানিক তদন্তৰ দাবী জনায় । তাৰপিছত উচ্চতম ন্যায়ালয়ে সেই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷
লগতে পঢ়ক: সামাজিক মাধ্য়মত ‘মেজিক লেণ্টাৰ্ণ’ কৌশলৰে যুৱকক প্ৰলোভিত কৰে সন্ত্ৰাসবাদী সংগঠনে