নগদ ধন আৱিষ্কাৰ বিতৰ্ক : উচ্চতম ন্যায়ালয় সমিতিৰ তদন্ত আৰম্ভ, ন্যায়াধীশ বাৰ্মাৰ বাসগৃহ পৰিদৰ্শন
সমিতিৰ সদস্যসকল প্ৰায় আধা ঘণ্টা ধৰি ন্যায়াধীশ বাৰ্মাৰ বাসগৃহৰ ভিতৰত থাকে আৰু নগদ ধন আৱিষ্কাৰ হোৱা স্থানটুকুৰা পৰিদৰ্শন কৰে ।

Published : March 26, 2025 at 7:43 AM IST
নতুন দিল্লী : দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ সৈতে জড়িত নগদ ধন আৱিষ্কাৰৰ অভিযোগৰ তদন্ত আৰম্ভ । উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত আভ্যন্তৰীণ সমিতিৰ তিনি সদস্যই মঙলবাৰে এই তদন্ত আৰম্ভ কৰে ।
দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ২২ মাৰ্চত ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আভ্যন্তৰীণ তদন্ত কৰিবলৈ তিনিজনীয়া সমিতি গঠন কৰিছিল । এই ঘটনাৰ বিষয়ে জ্ঞাত এক সূত্ৰ মতে, সমিতিৰ সদস্যসকলে ৰাজধানীৰ ৩০ তোঘলক ক্ৰিচেণ্টৰ ন্যায়াধীশ বাৰ্মাৰ চৰকাৰী বাসভৱন পৰিদৰ্শন কৰে ।
সমিতিৰ সদস্যসকল প্ৰায় আধা ঘণ্টা ধৰি ন্যায়াধীশ বাৰ্মাৰ বাসগৃহৰ ভিতৰত আছিল । তেওঁলোকে তথাকথিত পোৰা অৱস্থাত নগদ ধন আৱিষ্কাৰ হোৱা স্থানটুকুৰা পৰিদৰ্শন কৰা বুলি সূত্ৰটোৱে কয় ।

সমিতিৰ সদস্য তিনিগৰাকী হৈছে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ সান্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰমন ।
উল্লেখ্য, ১৪ মাৰ্চৰ নিশা প্ৰায় ১১.৩৫ বজাত ন্যায়াধীশ বাৰ্মাৰ চৰকাৰী বাসভৱনত সংঘটিত হয় এক অগ্নিকাণ্ড । যাৰ ফলত অগ্নিনিৰ্বাপক বিষয়াসকলে ঘটনাস্থলীলৈ গৈ এই জুই নিয়ন্ত্ৰণ কৰে । কিন্তু ইয়াৰ পিছতে এই নগদ ধন আৱিষ্কাৰৰ অভিযোগ উত্থাপন কৰা হয় ।
সোমবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে এক প্ৰস্তাৱ জাৰি কৰি ন্যায়াধীশ বাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ প্ৰত্যাৱৰ্তন কৰিবলৈ কেন্দ্ৰক পৰামৰ্শ দিয়ে । উল্লেখ্য যে তেওঁক এই উচ্চ ন্যায়ালয় পৰাই ২০২১ চনত দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল ।
শীৰ্ষ ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে, "উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ২০ আৰু ২৪ মাৰ্চ, ২০২৫ তাৰিখে অনুষ্ঠিত বৈঠকত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাক এলাহাবাদৰ উচ্চ ন্যায়ালয়লৈ প্ৰত্যাৱৰ্তনৰ পৰামৰ্শ দিছে ।"

আনহাতে, দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ঘোষণা কৰে যে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ পৰা ন্যায়িক কাম 'তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱা'কৈ প্ৰত্যাহাৰ কৰা হৈছে ।
ইফালে ন্যায়াধীশ বাৰ্মাই এই নগদ ধন আৱিষ্কাৰ বিতৰ্কত উঠা অভিযোগবোৰক তীব্ৰ গৰিহণা দিছে আৰু কয় যে তেওঁৰ বাসগৃহৰ ভঁৰালত কেতিয়াও তেওঁৰ বা পৰিয়ালৰ কোনো সদস্যই কোনো নগদ ধন ৰখা নাছিল ।
লগতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়াত ন্যায়াধীশ বাৰ্মাই কয় যে তেওঁৰ বাসগৃহৰ পৰা নগদ ধন আৱিষ্কাৰৰ অভিযোগটো "তেওঁক জনমানসত হেয় আৰু বদনাম কৰাৰ ষড়যন্ত্ৰ" যেন লাগিছে ।

ইফালে শীৰ্ষ ন্যায়ালয়ৰ পাঁচজনীয়া কলেজিয়ামে ২০ মাৰ্চত সৰ্বসন্মতিক্ৰমে ন্যায়াধীশ বাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে । ন্যায়াধীশ বাৰ্মাৰ বাসগৃহত নগদ ধন জ্বলোৱাৰ এটা ভিডিঅ'ৰ বিষয়ে সদস্যসকলক অৱগত কৰাৰ পিছত কলেজিয়ামে এই সিদ্ধান্ত লয় ।
আনহাতে, এলাহাবাদ উচ্চ ন্যায়ালয় বাৰ এছ'চিয়েশ্যনে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক তেওঁৰ মূল উচ্চ ন্যায়ালয়লৈ বদলিৰ বিৰোধিতা কৰিছে । উকীল সন্থাৰ এক কঠোৰ শব্দ প্ৰয়োগেৰে লিখা এক বিবৃতিত কৈছে যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ সিদ্ধান্তই এলাহাবাদ উচ্চ ন্যায়ালয় 'আৱৰ্জনাৰ পাত্ৰ' নেকি তাক লৈ এক গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে ?

