নতুন দিল্লী: পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা ভয়ংকৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ভাৰতে । প্ৰতিক্ৰিয়াস্বৰূপে ইতিমধ্যে ভাৰতে বাতিল কৰিছে সিন্ধু জলচুক্তি । ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজনীতিবিদকে ধৰি সাধাৰণ নাগৰিকেও চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও কেন্দ্ৰীয় চৰকাৰৰ পাকিস্তান বিৰোধী এই সিদ্ধান্তক আদৰণি জনাইছে । চৰকাৰৰ এই সিদ্ধান্ত 'দৃঢ় কূটনীতিৰ এক নতুন যুগ'ৰ সূচনা বুলি দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, "এই চুক্তি বাতিল কৰি ভাৰতে প্ৰত্যুত্তৰ দিছে, কিয়নো জল নিৰাপত্তা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে সংযোজিত হৈ আছে ।"
সিন্ধু জলচুক্তি বাতিল
উল্লেখ্য যে সন্ত্ৰাসবাদীয়ে মঙলবাৰে দক্ষিণ কাশ্মীৰৰ পহলগামৰ এক মুখ্য পৰ্যটনস্থলীত আক্ৰমণ কৰে । য'ত ২৬ গৰাকী লোক নিহত হয় । তাৰ ভিতৰত বেছিভাগে পৰ্যটক আছিল । এই আক্ৰমণৰ পিছতে পাকিস্তানক লক্ষ্য কৰি ভাৰতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰিছে । সমান্তৰালকৈ ১৯৬০ চনৰ সিন্ধু জলচুক্তিও বাতিল কৰিছে । সিদ্ধান্তসমূহৰ প্ৰশংসা কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে Xৰ এটা পোষ্টত লিখিছে, "ভাৰতে প্ৰত্যুত্তৰ দিছে ।"
তেওঁ কয় যে ভাৰতে ৬ দশকৰো অধিক সময় ধৰি এই চুক্তিক সন্মান জনাই আহিছে আৰু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ইয়াক বাতিলৰ ঘোষণা কৰিছে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "সন্ত্ৰাসবাদক সমৰ্থন কৰা এখন দেশৰ সৈতে জল সহযোগিতা অব্যাহত থাকিব নোৱাৰে ।"
প্ৰভাৱিত হ'ব পাকিস্তান
তেওঁ কয় যে চুবুৰীয়া দেশৰ ৯০ শতাংশৰো অধিক কৃষি সিন্ধু নদী প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে । তেওঁ কয়,"জল উপলব্ধতা ১০-১৫ শতাংশ হ্ৰাস হোৱাৰ ফলত ২-৩ বিলিয়ন আমেৰিকান ডলাৰ/বছৰি শস্যৰ লোকচান হ'ব পাৰে । মুখ্য ৰপ্তানি সামগ্ৰী ঘেঁহু আৰু ধানৰ উৎপাদন ১৫-২০ শতাংশ হ্ৰাস হ'ব পাৰে, যাৰ ফলত ১২০ নিযুতৰো অধিক লোকৰ খাদ্য সুৰক্ষা বিপদাপন্ন হ'ব পাৰে ।" তেওঁ দাবী কৰে,"পাকিস্তানে ২,০০০-৩,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লোকচানৰ সন্মুখীন হ'ব ।"
তেওঁ লগতে কয়, "অৰ্থনৈতিক প্ৰভাৱ: লোড শ্বেডিং, শক্তি আমদানি ব্যয় আৰু ঔদ্যোগিক মন্দাৱস্থাৰ বাবে বছৰি ১.৫-২ বিলিয়ন আমেৰিকান ডলাৰ লোকচান হ'ব ।" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা নগৰীয়া পানীৰ যোগানো প্ৰভাৱিত হ'ব । বিশেষকৈ লাহোৰ, মুলতান, ফৈছলাবাদ, কৰাচী আৰু অন্যান্য চহৰ সিন্ধু নদীৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল । তেওঁ দাবী কৰে, "৪০ নিযুততকৈও অধিক নগৰবাসীয়ে পানীৰ অভাৱৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ গ্ৰীষ্ম মাহবোৰত আৰু জৰুৰীকালীন যোগান ব্যয় (যেনে টেংকাৰ, ডিচেলিনেচন) বছৰি কেইবা কোটি হ'ব পাৰে ।" মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই চুক্তি বাতিলৰ ফলত পাকিস্তানৰ জিডিপিত ব্যাপক প্ৰভাৱ পৰিব ।
তেওঁ কয় যে খাদ্য আৰু শক্তিৰ মূল্যও ২০ শতাংশতকৈও অধিক বৃদ্ধি পাব পাৰে । যাৰ ফলত ব্যাপক অৰ্থনৈতিক সংকটৰ সৃষ্টি হ'ব । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে পাকিস্তানে ৩০ দিনৰ পানী জমা কৰিব পাৰে যদিও ভাৰতে ১৭০ দিনলৈকে পানী জমা কৰি ৰাখিব পাৰে । তেওঁ দৃঢ়তাৰে কয় যে সিন্ধু জল চুক্তি ভাৰতে বাতিল কৰাটো কেলিব্ৰেটেড, আইনী আৰু কৌশলগত পদক্ষেপ যাৰ উদ্দেশ্য হৈছে পাকিস্তানক সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ দায়িত্ব ল'বলৈ বাধ্য কৰা । তেওঁ কয়, "এই সাহসী পদক্ষেপে দৃঢ় কূটনীতিৰ এক নতুন যুগৰ সূচনা কৰে য'ত জলৰ সুৰক্ষা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে সংযোজিত । এটা আৰম্ভণিহে মাত্ৰ । পাকিস্তানে বুজিব লাগিব যে এয়া হৈছে নতুন ভাৰত ।"
লগতে পঢ়ক :পহলগাম কাণ্ডক লৈ আজি কেন্দ্ৰীয় চৰকাৰৰ সৰ্বদলীয় বৈঠক - PAHALGAM TERROR ATTACK