ETV Bharat / bharat

আদালতে সময়সীমা নিৰ্ধাৰণ কৰিব পাৰেনে ? বিধেয়কৰ ওপৰত ছুপ্ৰিম কোৰ্টৰ ৰায় সন্দৰ্ভত প্ৰশ্ন ৰাষ্ট্ৰপতিৰ - PREZ MURMU QUESTIONS SC

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শীৰ্ষ ন্যায়ালয়ৰ ৰায়ৰ বৈধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দৃঢ়তাৰে কয় যে সংবিধানত এনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই ।

Prez Murmu Questions SC
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ফাইল ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 3:19 PM IST

5 Min Read

নতুন দিল্লী : তামিলনাডু চৰকাৰ বনাম ৰাজ্যপাল গোচৰত ৰাজ্যিক বিধেয়কৰ ওপৰত নিৰ্ণয় ল'বৰ বাবে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ওপৰত সময়সীমা আৰোপ কৰিবলৈ দেশৰ শীৰ্ষ ন্যায়ালয়ে ৮ এপ্ৰিলত দিয়া ৰায়ক কঠোৰ ভাষাৰে খণ্ডন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । লগতে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ বৈধতাৰ ওপৰত ৰাষ্ট্ৰপতিয়ে প্ৰশ্ন উত্থাপন কৰে আৰু এই কথাত গুৰুত্ব আৰোপ কৰে যে সংবিধানত এনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই ।

ৰাষ্ট্ৰপতিৰ উত্তৰত এই কথাৰ ওপৰত আলোকপাত কৰা হৈছে যে ভাৰতীয় সংবিধানৰ ২০০ অনুচ্ছেদত ৰাজ্যপালৰ ক্ষমতা তথা বিধেয়কক স্বীকৃতি দিয়া বা নিদিয়াৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা হৈছে । লগতে বিধেয়কক ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে সুৰক্ষিত ৰাখিছে ।

ইয়াৰ উপৰি ২০০ অনুচ্ছেদত এই সাংবিধানিক বিকল্পক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ৰাজ্যপালৰ বাবে কোনো সময়সীমা নিৰ্দিষ্ট কৰা নাই । একেদৰে ২০১ অনুচ্ছেদে বিধেয়কক মঞ্জুৰি প্ৰদান কৰা বা নকৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ অধিকাৰ আৰু প্ৰক্ৰিয়াক বৰ্ণনা কৰে । কিন্তু এই অনুচ্ছেদে এই সংবিধানিক ক্ষমতা প্ৰয়োগৰ বাবে কোনো সময়সীমা তথা প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা নাই ।

ইয়াৰ উপৰি ভাৰতৰ সংবিধানত এনে বহু উদাহৰণ আছে, য'ত কোনো ৰাজ্যত আইন প্ৰণয়ন হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ আৱশ্যক । ২০০ আৰু ২০১ অনুচ্ছেদ অনুসৰি ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ বিচাৰ কৰিব পৰা শক্তিসমূহ ফেডাৰিলিজিম, আইনী একতা, ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সুৰক্ষা আৰু শক্তিসমূহক পৃথকীকৰণৰ সিদ্ধান্তৰ সৈতে কেইবাটাও বিচাৰৰ দ্বাৰা বৰ্ণনা কৰা হৈছে ।

জটিলতাক অধিক বৃদ্ধি কৰি উচ্চতম ন্য়ায়ালয়ে এই বিষয়ত পৰস্পৰ বিৰোধী ৰায় দিছে যে ২০১ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ সন্মতি ন্যায়িক সমীক্ষাৰ অধীনত হয় নে নহয় । ৰাষ্ট্ৰপতিৰ উত্তৰত কোৱা হৈছে যে ৰাজ্যসমূহে প্ৰায়ে ১৩১ অনুচ্ছেদৰ সলনি ৩২ অনুচ্ছেদ অনুসৰি ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হয়, য'ত ফেডাৰিলিজিমৰ ওপৰত প্ৰশ্ন উঠে, যাৰ ওপৰত স্বাভাৱিকভাৱে সাংবিধানিক ব্যাখ্যাৰ প্ৰয়োজন হয় ।

১৪২ অনুচ্ছেদৰ পৰিসীমা বিশেষকৈ সাংবিধানিক বা আইনগত ব্যৱস্থাৰ দ্বাৰা পৰিচালিত বিষয়সমূহত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰো আৱশ্যকতা আছে । ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ বাবে "মান্য অনুমোদন"ৰ ধাৰণা সাংবিধানিক আন্তঃগাঁথনিৰ বিৰোধী, যিটো মৌলিকভাৱে তেওঁলোকৰ স্বাধীন অধিকাৰসমূহক সীমাবদ্ধ কৰে ।

এই অমীমাংসিত আইনগত চিন্তা-ভাবনা আৰু বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি মুৰ্মুৱে সংবিধানৰ ১৪৩(১) অনুচ্ছেদ অনুসৰি গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰি প্ৰেৰণ কৰিছে ।

প্ৰশ্নসমূহ হৈছে :

  • 200 অনুচ্ছেদৰ অধীনত বিধেয়ক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰাজ্যপালৰ ওচৰত কি সাংবিধানিক বিকল্প উপলব্ধ আছে ?
  • ৰাজ্যপালে এই বিকল্পসমূহ প্ৰয়োগ কৰাৰ সময়ত মন্ত্ৰীসভাৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ বাধ্য নেকি ?
  • 200 অনুচ্ছেদৰ অধীনত ৰাজ্যপালৰ বিচাৰ প্ৰয়োগ ন্যায়িক সমীক্ষাৰ অধীনত নেকি ?
  • ২০০ অনুচ্ছেদৰ অধীনত ৩৬১ অনুচ্ছেদে ৰাজ্যপালৰ কাৰ্যকলাপক ন্যায়িক ব্যৱস্থাৰ ওপৰত পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰে নেকি ?
  • আদালতে ৰাজ্যপালসকলৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিব পাৰে নেকি আৰু সাংবিধানিক সময়সীমাৰ অভাৱ হ'লেও ২০০ অনুচ্ছেদৰ অধীনত নিজৰ ক্ষমতা প্ৰয়োগৰ সময়ত পালন কৰিবলগীয়া প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিব পাৰে নেকি ?
  • ২০১ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ বিচাৰ ন্য়ায়িক সমীক্ষাৰ অধীনস্থ নেকি ?
  • আদালতে ২০১ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ বিচাৰাধিকাৰ প্ৰয়োগৰ বাবে সময়সীমা আৰু প্ৰক্ৰিয়াগত আৱশ্যকতা নিৰ্ধাৰণ কৰিব পাৰে নেকি ?
  • ৰাজ্যপালৰ দ্বাৰা সংৰক্ষিত বিধেয়কৰ ওপৰত নিৰ্ণয় লোৱাৰ সময়ত ৰাষ্ট্ৰপতিয়ে ১৪৩ অনুচ্ছেদৰ অধীনত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰামৰ্শ ল'ব লাগিব নেকি ?
  • ২০০ আৰু ২০১ অনুচ্ছেদৰ অধীনত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা সিদ্ধান্ত কোনো আইনৰ আনুষ্ঠানিক ৰূপত বলৱৎ হোৱাৰ পূৰ্বে ন্যায়োচিত নেকি ?
  • ১৪২ অনুচ্ছেদৰ জৰিয়তে ন্যায়পালিকাই ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ দ্বাৰা প্ৰয়োগ কৰিব পৰা সাংবিধানিক ক্ষমতাক সংশোধন বা ৰদ কৰিব পাৰে নেকি ?
  • ২০০ অনুচ্ছেদ অনুসৰি ৰাজ্যপালৰ সন্মতি অবিহনে কোনো ৰাজ্যই আইন প্ৰণয়ন কৰিব পাৰে ?
  • সৰ্বোচ্চ ন্যায়ালয়ৰ যিকোনো বিচাৰপীঠে প্ৰথমে এইটো নিৰ্ধাৰণ কৰিব লাগিব নেকি যে কোনো গোচৰত পৰ্যাপ্ত সাংবিধানিক ব্যাখ্যা অন্তৰ্ভুক্ত আছে আৰু পুনৰ তাক ১৪৫(৩) অনুচ্ছেদৰ অধীনত পাঁচ ন্যায়াধীশৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিব লাগিব নেকি ?
  • সংবিধানে সৰ্বোচ্চ ন্যায়ালয়ক ১৩১ অনুচ্ছেদৰ অধীনত গোচৰৰ বাহিৰে অন্য কোনো মাধ্যমেৰে ফেডাৰেল আৰু ৰাজ্যচৰকাৰবোৰৰ মাজত বিবাদ সমাধানৰ অনুমতি দিয়ে নেকি ?

এই প্রশ্নবোৰ উত্থাপন কৰি ৰাষ্ট্ৰপতিয়ে কাৰ্যপালিকা আৰু ন্যায়িক কৰ্তৃপক্ষৰ সাংবিধানিক সীমাবদ্ধতাৰ ওপৰত পৰিষ্কাৰ ছবি এখন বিচাৰিছে । লগতে ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ বিষয়বোৰত ন্যায়িক বুজাবুজিৰ আৱশ্যকতাক পুনৰ গুৰুত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক :ছ'ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা মন্ত্ৰীৰ বিৰুদ্ধে অৱশেষত গোচৰ ৰুজু - FIR AGAINST MINISTER VIJAY SHAH
লগতে পঢ়ক :প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে আদালতে দিলে গোচৰ ৰুজুৰ নিৰ্দেশ - SOFIA QURESHI CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.