ETV Bharat / bharat

কেবিনেটৰ বিশেষ উপহাৰে অসম আৰু ত্ৰিপুৰাৰ উন্নয়ন বৃদ্ধি কৰিব: প্ৰধানমন্ত্ৰী

অসম আৰু ত্ৰিপুৰাৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ বাবে কেন্দ্ৰীয় কেবিনেটে মুঠ ৪,২৫০ কোটিৰ পুঁজিত অনুমোদন জনাইছে ।

Narendra Modi
নৰেন্দ্ৰ মোদী (ETV Bharat)
author img

By ANI

Published : August 9, 2025 at 11:20 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : উত্তৰ পূবৰ ৰাজ্য অসম আৰু ত্ৰিপুৰাৰ বাবে মুঠ ৪,২৫০ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে । বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ বিশেষ উন্নয়ন পেকেজৰ (এছডিপি) অধীনত এই পুঁজি আৱণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেটে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এই কথা ঘোষণা কৰে । প্ৰধানমন্ত্ৰীৰ মতে এই অনুমোদনে অঞ্চলটোৰ উন্নয়ন বৃদ্ধিৰ লগতে যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে নতুন সুযোগ সুনিশ্চিত কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এক পোষ্টত কয়, "কেবিনেটৰ এই সিদ্ধান্তই অসম আৰু ত্ৰিপুৰাৰ উন্নয়ন বৃদ্ধি কৰিব । ইয়াৰ দ্বাৰা যুৱক-যুৱতী আৰু মহিলাৰ বাবে নতুন সুযোগ সুনিশ্চিত হ'ব ।"

প্ৰধানমন্ত্ৰীৰ সভাপতিত্বত কেন্দ্ৰীয় কেবিনেটে অসম আৰু ত্ৰিপুৰাৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় খণ্ডৰ বিশেষ উন্নয়ন পেকেজ আঁচনিৰ অধীনত মুঠ ৪,২৫০ কোটি টকা ব্যয় সাপেক্ষে অনুমোদন জনাইছে । প্ৰস্তাৱিত পুঁজিৰ সামগ্ৰিক ব্যয় হ'ব ৭,২৫০ কোটি টকা, ইয়াৰে অসমৰ বাবে ৪,০০০ কোটি আৰু ত্ৰিপুৰাৰ বাবে ২৫০ কোটি টকা প্ৰদান কৰা হ'ব । অসম চৰকাৰে বাকী ৩,০০০ কোটি টকা বহন কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ।

ভাৰত চৰকাৰ, অসম আৰু ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্যৰ বিদ্ৰোহী সংগঠনৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিৰ আধাৰত ৪,২৫০ কোটি টকাৰ ভিতৰত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০২৯-৩০লৈ ৫ বছৰৰ বাবে অসমৰ বাবে ৪,০০০ কোটি টকা ব্যয় কৰা হ'ব আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ চনলৈকে ৪ বছৰৰ বাবে ত্ৰিপুৰাৰ বাবে ২৫০ কোটি টকা ব্যয় কৰা হ'ব ।

এই আঁচনিখন বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ অসম আৰু ত্ৰিপুৰা ৰাজ্যক লক্ষ্য কৰি লোৱা হৈছে । ইয়াৰ উদ্দেশ্য হৈছে বৰ্তমানৰ বিভিন্ন চৰকাৰী আঁচনিৰ পৰা পৰ্যাপ্তভাৱে লাভৱান নোহোৱা দুৰ্বল আৰু প্ৰান্তীয় লোকৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ জৰিয়তে সমতাক প্ৰসাৰ কৰা হ'ব ৷ কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা, স্বাস্থ্য সেৱা প্ৰদান কৰা, যুৱক-যুৱতী আৰু মহিলাৰ বাবে জীৱিকাৰ জৰিয়তে শিক্ষা আৰু দক্ষতা আৰু আয়ৰ প্ৰসাৰ কৰা আৰু দেশৰ অন্যান্য প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন বৃদ্ধি কৰা, যাৰ ফলত উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণৰ বাবে অতিৰিক্ত কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰা হ'ব ।

চৰকাৰে উল্লেখ কৰা মতে ইয়াৰ জৰিয়তে সমগ্ৰ অসমৰ আদিবাসী আৰু ডিমাছা লোক, অসমৰ আন বিভিন্ন জিলাত বাস কৰা লোক আৰু ত্ৰিপুৰাৰ লাখ লাখ জনজাতীয় লোক উপকৃত হ'ব । বিশেষ উন্নয়ন পেকেজ চলি থকা কেন্দ্ৰীয় খণ্ড আঁচনিৰ অধীনত এয়া এক নতুন পদক্ষেপ । পূৰ্বৰ শান্তি চুক্তিৰ ভিত্তিক পেকেজসমূহে (যেনে-বড়ো আৰু কাৰ্বি সংগঠনৰ বাবে) শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ ক্ষেত্ৰত ইতিবাচক ফলাফল দেখুৱাইছে । কেন্দ্ৰীয় চৰকাৰ, অসম আৰু ত্ৰিপুৰা চৰকাৰৰ মাজত বিভিন্ন বিদ্ৰোহী সংগঠনেৰে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল ।

উল্লেখ্য যে ২০২৩ চনৰ ডিচেম্বৰ মাহত আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । অৱশ্যে আলফা (স্বাধীন) এতিয়াও সক্ৰিয় হৈ আছে, এতিয়ালৈকে আলোচনাৰ পৰা আঁতৰি আছে সংগঠনটো । একেদৰে ২০২২ চনত অসমৰ আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল চৰকাৰে । ডি এন এল এ/ডি পি এছ চিৰ সৈতে ২০২৩ চনত চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল । ইফালে ত্ৰিপুৰাৰ বিদ্ৰোহী সংগঠন এন এল এফ টি আৰু এ টি টি এফৰ সৈতে ২০২৪ চনত চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ।

লগতে পঢ়ক :সস্তাত পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ ! অসম-ত্ৰিপুৰালৈ ৪,২৫০ কোটি টকাৰ উপহাৰ - PM MODI CABINET DECISION