ETV Bharat / bharat

গভীৰ নিশাৰ টোপনিত লালকাল হৈ থাকোঁতেই আহিল বিপদ ! কি হ’ল তাৰ উমঘামেই নাপালে

শনিবাৰে পুৱতি নিশা খহি পৰিল এটা অট্টালিকা । ধ্বংসাৱশেষৰ তলত কেইবাজনো আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । জানক সবিশেষ

Building collapses in Delhi
দিল্লীৰ মুস্তাফাবাদত অট্টালিকা খহি কেইবাজনো আবদ্ধ হোৱাৰ আশংকা (ANI)
author img

By ANI

Published : April 19, 2025 at 9:20 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দিল্লীত পুনৰ সংঘটিত হৈছে অট্টালিকা খহি পৰাৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান মুস্তাফাবাদ । শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা ।

শনিবাৰে পুৱতি নিশা দিল্লীৰ মুস্তাফাবাদ অঞ্চলত এটা অট্টালিকা খহি পৰাৰ ফলত কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । স্থানীয় কৰ্তৃপক্ষৰ বিষয়াসকলৰ সূত্ৰত প্ৰকাশ ।

বিষয়াসকলে জনোৱা মতে, ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফ আৰু দিল্লী আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । বৰ্তমান ঘটনাস্থলীত তীব্ৰ গতিত উদ্ধাৰ অভিযান চলি আছে । অৱশ্যে বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত সবিশেষ জানিব পৰা হোৱা নাই আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

উল্লেখ্য যে শুকুৰবাৰে দিল্লীত হঠাতে বতৰৰ পৰিৱৰ্তন দেখা যায় । শুকুৰবাৰে নিশা ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত চহৰখনৰ বহু ঠাই প্ৰভাৱিত হয় । আনহাতে, একে ধৰণৰ আন এটা ঘটনাত যোৱা সপ্তাহত ধূলিৰ ধুমুহাৰ সময়ত দিল্লীৰ মধু বিহাৰ আৰক্ষী থানাৰ ওচৰত এটা নিৰ্মীয়মাণ অট্টালিকাৰ দেৱাল খহি পৰে । এই ঘটনাৰ ফলত এজন লোক নিহত হোৱাৰ উপৰি আন দুজন লোক আহত হয় ।

আৰক্ষীয়ে জনোৱা অনুসৰি, দেৱালখন এটা নিৰ্মীয়মাণ ছয় মহলীয়া ভৱনৰ আছিল । অতিৰিক্ত আৰক্ষী উপায়ুক্ত (পূব) বিনীত কুমাৰে কয়, "সন্ধিয়া প্ৰায় ৭ বজাত আমি এটা পি চি আৰ কল লাভ কৰোঁ । লগে লগে আমি ঘটনাস্থলীলৈ ৰাওনা হওঁ । ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত আমি দেখা পাওঁ যে ধূলিৰ ধুমুহাৰ সময়ত এটা ছয় মহলীয়া নিৰ্মীয়মাণ অট্টালিকাৰ দেৱাল খহি পৰিছে । এই ঘটনাত এজন লোকৰ মৃত্যু হয় আৰু আন দুজন আহত হয় । আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ।"

লগতে পঢ়ক :মে’ মাহত মহাকাশ ভ্ৰমণৰ বাবে সাজু ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা - ISRO ASTRONAUT SHUBHANSHU SHUKLA
লগতে পঢ়ক :কিয় প্ৰথমবাৰৰ বাবে কাশ্মীৰলৈ ৰাওনা হৈছে কোব্ৰা কমাণ্ডো: ১০ পইণ্ট - COBRA COMMANDOS