ETV Bharat / bharat

উত্তৰ দিল্লীত অট্টালিকা ভাঙি এজনৰ মৃত্যু

এই ধ্বংসপ্ৰাপ্ত অট্টালিকাটোৰ সমীপতে চলি আছিল মেট্ৰ’ ৰে’লপথ নিৰ্মাণৰ কাম । পঢ়ক সম্পূৰ্ণ খবৰ...

building collapsed in azadpur market in delhi
আজাদ মাৰ্কেটৰ এক দৃশ্য (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 7:54 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: উত্তৰ দিল্লীৰ আজাদ মাৰ্কেটৰ সমীপত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা । এটা অট্টালিকা ভাঙি পৰি মৃত্যু ঘটিছে এজন লোকৰ ৷

অট্টালিকাটোৰ তলৰ মহলাত ছুটকেছ আৰু তিৰপাল বিক্ৰী কৰা দোকান আছিল বুলি জানিব পৰা গৈছে । এই ধ্বংসপ্ৰাপ্ত অট্টালিকাটোৰ সমীপতে চলি আছিল মেট্ৰ’ ৰে’লপথ নিৰ্মাণৰ কাম ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত আজাদ মাৰ্কেটৰ পুল মিঠাইৰ সমীপতে সংঘটিত হয় এই ঘটনা । এই ঘটনাত এখন ট্ৰাকৰো ক্ষতিসাধন হয় ।

দুৰ্ঘটনাতো সংঘটিত হোৱা স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ৷ এই ঘটনাত গুৰুতৰভাৱে আহত এখন ৪৬ বছৰীয়া যুৱকক অভিযানকাৰীৰ দলে উদ্ধাৰ কৰি ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । আহত লোকজন উত্তৰ প্ৰদেশৰ বাসিন্দা মনোজ বুলি জানিব পৰা গৈছে ।

অগ্নিনিৰ্বাপক বাহিনীৰ উপৰিও বৰ্তমান ঘটনাস্থলীত উপস্থিত আছে এম্বুলেন্স আৰু এন ডি আৰ এফৰ দল ৷ দলসমূহে ক্ষীপ্ৰতাৰে চলাই গৈছে উদ্ধাৰকাৰ্য ৷

ইতিমধ্যে দিয়া হৈছিল জাননী

আচলতে এই অট্টালিকাটোৰ তলত থকা দোকানবোৰৰ সমীপতে সদৰ বজাৰ মেট্ৰ’ লাইনৰ কাম চলি থকাৰ লগতে নিৰ্মাণ কৰা হৈছিল এটা সুৰংগও । ইয়াৰ বাবে মেট্ৰ’ বিভাগে পূৰ্বতেই দোকানসমূহ খালী কৰিবলৈ জাননী জাৰি কৰিছিল যদিও দোকানৰ গৰাকীসকলে তাত গুৰুত্ব দিয়া নাছিল ৷ এই কথা সদৰী কৰে দিল্লী মেট্ৰ’ ৰে’ল নিগমে ৷

আন দোকানসমূহ খালী কৰা হৈছে

এই ঘটনা পুৱতি নিশা সংঘটিত হোৱাৰ বাবে অধিক সংখ্যক লোক আঘাতপ্ৰাপ্ত নহ’ল ৷ অৱশ্যে অট্টালিকাটোৰ ধ্বংসাৱশেষসমূহ আঁতৰোৱাৰ কাম কিছুদিনলৈ স্থগিত ৰখা হৈছে ৷ কিয়নো এই অট্টালিকাটোৰ গাতে লাগি থকা তিনিখন দোকান সম্প্ৰতি হেলনীয়া তথা বিপদজ্জনক অৱস্থাত আছে ৷

পাঁচ লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা

আনহাতে দিল্লী মেট্ৰ’ই ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি আশ্বাস দিছে । দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ প্ৰধান কাৰ্যবাহী সঞ্চালক অনুজ দয়ালে কয়, ‘‘এই ঠাইখন দিল্লী মেট্ৰ’ৰ পশ্চিম জনকপুৰী-আৰ কে আশ্ৰম মাৰ্গ কৰিডৰৰ বাবে চলি থকা সুৰংগ নিৰ্মাণকাৰ্য চলি থকা এলেকাৰ ভিতৰত পৰে ৷’’

অসুৰক্ষিত বুলি ঘোষণা কৰা হৈছিল

তেওঁ কয়, এই অঞ্চলত সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ আগতেই এই অট্টালিকাসমূহ অসুৰক্ষিত বুলি ঘোষণা কৰা হৈছিল আৰু ডি এম আৰ চিয়ে এই অট্টালিকাসমূহ খালী কৰিছিল ।

ডি এম আৰ চিয়ে চলিত বৰ্ষৰ ১২ জুনত স্থানীয় ৰাইজলৈ পত্ৰ প্ৰেৰণ কৰি অট্টালিকাসমূহ খালী কৰিবলৈ অনুৰোধ জনাইছিল । পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে এই অট্টালিকাসমূহ অতি জৰাজীৰ্ণ অৱস্থাত আছে আৰু সেয়েহে কোনো বিপদ হোৱাৰ পূৰ্বে ইয়াক খালী কৰাটো প্ৰয়োজন ।

এই ঘটনাৰ তদন্ত কৰিব দিল্লী মেট্ৰ’ ৰে’ল কৰ্তৃপক্ষই

দুৰ্ভাগ্যজনকভাৱে এই ঘটনাত এজন লোকৰ মৃত্যু ঘটে । দিল্লী মেট্ৰ’ ৰে’ল নিগমে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে । সুৰংগ নিৰ্মাণৰ দায়িত্বত আছে মেচাৰ্ছ আফকনছৰ নামৰ এটা সংস্থা । এই ঘটনা সন্দৰ্ভত ডি এম আৰ চিয়ে সম্পূৰ্ণ তদন্ত কৰিব ।

লগতে পঢ়ক: গুজৰাটত দলং ভাঙি মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি; পুনৰ ৩ টা মৃতদেহ উদ্ধাৰ