ETV Bharat / bharat

পাকিস্তানী সেনাৰ হাতত বন্দী ভাৰতীয় জোৱান: অজানিতে গচকিছিল পাকিস্তানৰ ভূমি - BSF DETAINED BY PAKISTAN RANGERS

টহল দি থকা অৱস্থাতে অজানিতে ভাৰত এৰি পাকিস্তান পালেগৈ এজন ভাৰতীয় সৈন্য । বৰ্তমান পাকিস্তানী সেনাৰ হাতত বন্দী বি এছ এফৰ জোৱানজন ।

BSF trooper inadvertently crosses border near Firozpur, held by Pakistan Rangers
পাকিস্তান সেনাৰ হাতত বন্দী ভাৰতীয় জোৱান (ANI)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 7:34 PM IST

2 Min Read

নতুন দিল্লী: পহলগামকাণ্ডক লৈ দেশ উত্তপ্ত হৈ আছে । যিকোনো সময়তে আৰম্ভ হ'ব পাৰে যুদ্ধ ! যুদ্ধংদেহী ৰূপত দেখা গৈছে ভাৰতীয় সৈন্য । ভাৰতীয়ৰ ৰূপ দেখি শংকিত হৈছে পাকিস্তানো ! দেশত ইখনৰ পাছত সিখনকৈ বৈঠকত বহিছে ভাৰতীয় শীৰ্ষ নেতাসকল ।

ইয়াৰ মাজতে পঞ্জাবৰ ফিৰোজপুৰত সংঘটিত হৈছে এক অদ্ভূত ঘটনা । টহল দি থকা অৱস্থাতে অসাৱধানবশতঃ এজন ভাৰতীয় সৈন্য অজানিতে পঞ্জাবৰ ফিৰোজপুৰৰ সমীপত আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ পাকিস্তানত উপস্থিত হয় । তাৰ পাছতে পাকিস্তান ৰেঞ্জাৰে আটক কৰে সীমান্ত নিৰাপত্তা বাহিনীৰ ভাৰতীয় সৈন্যজনক ।

জানিব পৰা মতে, এই ঘটনাটো সংঘটিত হয় বুধবাৰে দিনৰ ভাগত । পাকিস্তানী ৰেঞ্জাৰে বুধবাৰে বিয়লি আটক কৰে ভাৰতীয় সেনা জোৱানজনক । বৰ্তমান পাকিস্তানী সেনাৰ হাতত বন্দী হৈ আছে ভাৰতীয় জোৱানজন ।

সংবাদ সংস্থা ANI-এ উল্লেখ কৰা মতে, বি এছ এফৰ জোৱানজনে সীমান্তত পহৰা দি আছিল । কৰ্মৰত স্থানীয় কৃষকসকলক নিৰাপত্তা প্ৰদান কৰি থকাৰ সময়তে অজ্ঞাতে সীমান্ত অতিক্ৰম কৰি গুচি যায় । প্ৰাৰম্ভিক খবৰ অনুসৰি, জোৱানজনে অজানিতে পাকিস্তানৰ ভূখণ্ডত ভৰি দিয়ে ।

এই ঘটনাৰ পিছতে বিষয়াসকলে জনোৱা মতে, বি এছ এফ আৰু পাকিস্তান ৰেঞ্জাৰৰ মাজত পতাকা বৈঠক আৰম্ভ কৰা হয় । বৰ্তমান ভাৰতীয় জোৱানজনক নিৰাপদে ঘূৰাই অনাৰ বাবে চিন্তা-চৰ্চা চলি আছে ।

এই সন্দৰ্ভত অৱগত এগৰাকী বিষয়াই সংবাদ সংস্থা ANIৰ আগত কয় যে দুয়োপক্ষৰ জ্যেষ্ঠ বিষয়াসকলে বিষয়টো সৌহাদ্যপূৰ্ণভাৱে সমাধানৰ বাবে যোগাযোগ কৰি আছে বুলি জানিব পৰা গৈছে ।

জম্মু-কাশ্মীৰ (LoCৰ কিছু অংশকে ধৰি), পঞ্জাব, ৰাজস্থান আৰু গুজৰাট ৰাজ্যসমূহ সামৰি ৩,৩২৩ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-পাকিস্তান সীমান্ত পহৰা দিয়াৰ বাবে দায়বদ্ধ প্ৰাথমিক বাহিনীৰ বি এছ এফ ।

ঐতিহাসিক উত্তেজনা আৰু চলি থকা নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ বাবে এই সীমান্ত দেশৰ অন্যতম স্পৰ্শকাতৰ আৰু অস্থিৰ অঞ্চল হিচাবে বিবেচিত ।

লগতে পঢ়ক : কঠোৰ স্থিতিত ভাৰত: পানীৰ পিছত এইবাৰ বন্ধ কৰি দিয়া হ'ল আটাৰী-ৱাঘা সীমান্ত

লগতে পঢ়ক : ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ: উত্তৰ প্ৰদেশত পাকিস্তানীৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.