জাতিৰ সেৱাত সৰ্বোচ্চ ত্যাগ বি এছ এফৰ উপ-পৰিদৰ্শক, সেনা জোৱানৰ
জম্মুত বি এছ এফৰ এটা সীমান্ত আউটপোষ্টৰ কমাণ্ডাৰ হিচাপে নিয়োজিত এম ডি ইমটিয়াজে সাহসেৰে সন্মুখৰ পৰা নেতৃত্ব দি জাতিৰ সেৱাত সৰ্বোচ্চ ত্যাগ কৰে ।

Published : May 11, 2025 at 11:33 AM IST
জম্মু: জম্মুৰ আৰ এছ পুৰা ছেক্টৰত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানে সীমা অতিক্ৰম কৰি গুলীচালনা কৰাৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ এজন উপ-পৰিদৰ্শক নিহত হোৱাৰ বিপৰীতে আন সাতজন লোক আহত হয় ৷
এই সন্দৰ্ভত এগৰাকী শীৰ্ষ বিষয়াই কয় যে বি এছ এফৰ উপ-পৰিদৰ্শক এম ডি ইমটিয়াজে শত্ৰুপক্ষৰ বিৰুদ্ধে সন্মুখৰ পৰা সাহসেৰে নেতৃত্ব দি দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল ।
DG BSF and All Ranks salute the supreme sacrifice made by BSF Sub Inspector Md Imteyaz in service to the Nation on 10 May 2025 during cross border firing by Pakistan along the International Boundary in R S Pura area, Jammu.
— BSF (@BSF_India) May 10, 2025
Prahari Pariwar stands firm with the bereaved family in… pic.twitter.com/eQeoLAHlEU
বি এছ এফে এক বিবৃতিত বিষয় সন্দৰ্ভত এনেদৰে প্ৰকাশ কৰে "বি এছ এফৰ এটা সীমান্ত আউটপোষ্টৰ নেতৃত্ব দি থকাৰ সময়তে উপ-পৰিদৰ্শক এম ডি ইমটিয়াজে সাহসেৰে সন্মুখৰ পৰা নেতৃত্ব দিছিল । ২০২৫ চনৰ ১০ মে'ত জম্মুৰ আৰ এছ পুৰা অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি গুলীচালনা কৰাৰ সময়ত বি এছ এফৰ সাহসী হৃদয়ে কৰা সৰ্বোচ্চ ত্যাগক আমি প্ৰণাম জনাইছো ।"
বি এছ এফে লগতে কয় যে, "ডি জি বি এছ এফ আৰু সকলো ৰেংকে তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । এই কঠিন সময়ত প্ৰহৰী পৰিবাৰে শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।"
খবৰ অনুসৰি দেওবাৰে জম্মুৰ পালৌৰাস্থিত বি এছ এফ ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ত বিষয়াগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ সন্মানেৰে মাল্যাৰ্পণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
আনহাতে, শনিবাৰে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ এটা বিমানঘাটিত সেনা-বায়ু প্ৰতিৰক্ষাই সফলতাৰে ধ্বংস কৰা এখন পাকিস্তানী ড্ৰোণৰ এটা খণ্ডই ৰাজস্থানৰ ঝুনঝুনুৰ এজন জোৱানক আঘাত কৰা বুলি জানিব পৰা গৈছে । যুদ্ধবিৰতি ঘোষণাৰ পূৰ্বে পাকিস্তানৰ ড্ৰোণ আক্ৰমণৰ বলি হোৱা উধমপুৰ বিমানঘাটিত কৰ্তব্যৰত অৱস্থাত আছিল জোৱানজন ।
ভাৰতীয় বায়ু প্ৰতিৰক্ষা বাহিনীয়ে আকাশত থকা ড্ৰোণসমূহ সফলতাৰে ধ্বংস কৰে যদিও আকাশৰ পৰা সৰি পৰা ধ্বংসাৱশেষৰ ফলত জোৱানজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পিছত তেওঁ আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে বুলি পি টি আইৰ এজন শীৰ্ষ বিষয়াৰ উদ্ধৃতিৰে খবৰটো প্ৰকাশ পাইছে ।
राष्ट्र सुरक्षा का कर्तव्य-निर्वहन करते हुए उधमपुर एयर बेस पर वीरगति को प्राप्त राजस्थान के बेटे, झुंझुनूं निवासी, भारतीय सेना के जवान श्री सुरेंद्र सिंह मोगा जी की शहादत का समाचार अत्यंत दुःखद है।
— Bhajanlal Sharma (@BhajanlalBjp) May 10, 2025
प्रभु श्रीराम पुण्यात्मा को अपने श्रीचरणों में स्थान तथा शोकाकुल परिवार को यह… pic.twitter.com/tQTuanJ7Fp
এই ঘটনাত শোকপ্ৰকাশ কৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই কয়, "উধমপুৰ বিমানঘাটিত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত কৰ্তব্য পালন কৰাৰ সময়তে ভাৰতীয় সেনাৰ জোৱান তথা ৰাজস্থানৰ পুত্ৰ সুৰেন্দ্ৰ সিং মোগাৰ শ্বহীদ হোৱাৰ খবৰটো অত্যন্ত যন্ত্ৰণাদায়ক । ভগৱান শ্ৰীৰামে বিদেহী আত্মাক তেওঁৰ ঐশ্বৰিক চৰণত স্থান প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালটোক সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক । এই দুখ অপৰিসীম ।’’
লগতে পঢ়ক: সীমান্তত উলংঘনৰ যিকোনো ঘটনা কঠোৰভাৱে মোকাবিলা কৰিবলৈ সেনাক নিৰ্দেশ ভাৰতৰ

