ETV Bharat / bharat

আৰু এজন BSF জোৱান শ্বহীদ হ'ল, দেশৰ বাবে প্ৰাণ দিলে দীপক চিংগাখামে

জম্মুত সীমাৰ গুলীচালনাত আহত বিএছএফৰ জোৱান দীপক চিংগাখাম আৰু নাই । দেশৰ বাবে শ্বহীদ হ'ল বি এছ এফ জোৱান দীপক চিংগাখাম ।

BSF constable deepak chingakham martyred in cross border firing in r s pura jammu
দেশৰ বাবে প্ৰাণ দিলে দীপক চিংগাখামে (X / @bsf_jammu)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 11:53 PM IST

2 Min Read
Choose ETV Bharat

জম্মু : জম্মু-কাশ্মীৰৰ আৰ এছ পুৰাত আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানৰ গোলাবৰ্ষণত আহত বি এছ এফৰ জোৱান দীপক চিংগাখামৰ দেওবাৰে মৃত্যু হয় । বি এছ এফে শ্বহীদ দীপকক তেওঁৰ পৰম ত্যাগক সশ্ৰদ্ধ প্ৰণাম জনায় ।

বি এছ এফ জম্মুৱে এক্সৰ এটা পোষ্টত কয়, ''বি এছ এফ কনিষ্টবল (জি ডি) দীপক চিংগাখামে জাতিৰ বাবে কৰা মহত্‍ সেৱা আৰু বলিদানৰ বাবে আমি প্ৰণাম জনাইছো । ২০২৫ চনৰ ১০ মে’ত জম্মুৰ আৰ এছ পুৰা ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত হোৱা গুলীচালনাৰ সময়ত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু ২০২৫ চনৰ ১১ মে’ত তেওঁ শ্বহীদ হয় । ডি জি বি এছ এফ আৰু সকলো ৰেংকে শ্বহীদ দীপক চিংগাখামৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰিলো ।''

বি এছ এফৰ কৰ্তৃপক্ষই জনোৱা মতে, সোমবাৰে পালৌৰাৰ ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় জম্মুত সম্পূৰ্ণ স-সন্মানেৰে মাল্যাৰ্পণ অনুষ্ঠান তথা শ্বহীদ দীপক চিংগাখামৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, জম্মু জিলাৰ আৰ এছ পুৰা ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানৰ গোলাবৰ্ষণত শনিবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ উপ-পৰিদৰ্শক মহম্মদ ইমটিয়াজো শ্বহীদ হয় । ৮ আৰু ৯ মে’ৰ মাজৰ নিশা গোলাবৰ্ষণত আহত হৈছিল মহম্মদ ইমতিয়াজ । মহম্মদ ইমতিয়াজৰ পৰম বলিদানক বি এছ এফে প্ৰণাম জনাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যন সেন্দূৰত ৫ ভাৰতীয় জোৱান শ্বহীদ হয় । দেওবাৰে সশস্ত্ৰ বাহিনীয়ে এক শ্বহীদ দীপক চিংগাখামৰ সংবাদমেলযোগে কয়, ''অপাৰেশ্যন সেন্দূৰত প্ৰাণ হেৰুৱা আমাৰ শ্বহীদ সতীৰ্থ আৰু ভাতৃক সশস্ত্ৰ বাহিনীৰ পাঁচজন আৰু সাধাৰণ নাগৰিকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।''

লগতে পঢ়ক : অপাৰেশ্যন সেন্দূৰ এতিয়াও সমাপ্ত হোৱা নাই !

লগতে পঢ়ক : ‘অপাৰেশ্যন সেন্দূৰ’ত ১০০ সন্ত্ৰাসবাদীক নিঃশেষ: DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই

লগতে পঢ়ক : কৰাচী বন্দৰত আক্ৰমণৰ বাবে সাজু আছিলো : ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান ভাইচ এডমিৰেল এ এন প্ৰমোদ

লগতে পঢ়ক : জাতিৰ সেৱাত সৰ্বোচ্চ ত্যাগ বি এছ এফৰ উপ-পৰিদৰ্শক, সেনা জোৱানৰ