ETV Bharat / bharat

উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলনত পোত গ’ল 57 গৰাকী শ্ৰমিক, 33 জনক উদ্ধাৰ

উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ আৰু হিমাচলত ইতিমধ্যে হিমস্খলনৰ সতৰ্কবাণী জাৰি কৰিছিল বতৰ বিজ্ঞান বিভাগে ৷ তেন্তে এই সতৰ্কবাণীবোৰক আওকাণ কৰা হৈছিল নেকি ?

Uttarakhand avalanche
চামোলীৰ হিমস্খলন (Indian Army)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 5:30 PM IST

|

Updated : March 1, 2025 at 7:00 AM IST

3 Min Read
Choose ETV Bharat

ডেৰাডুন: উত্তৰাখণ্ডৰ চামোলী জিলাৰ ভাৰত-চীন সীমান্তৰ সমীপত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা । বদ্ৰীনাথ ধামৰ সন্মুখত থকা মানা গাঁৱৰ সমীপত হিমস্খলনৰ ফলত পোত যায় 57 গৰাকী শ্ৰমিক ৷

হিমবাহত পোত যোৱা লোকসকলক সুকলমে উদ্ধাৰ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান । শেহতীয়াকৈ লাভ কৰা তথ্য মতে, 33 জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে ৷ প্ৰথম অৱস্থাত 16 গৰাকী শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল আৰু তেতিয়া ধ্বংসাৱশেষৰ তলত এতিয়াও পোত গৈ আছিল 41 গৰাকী শ্ৰমিক ।

এই ঘটনাৰ সৈতে জড়িত এটা ডাঙৰ খবৰ সম্প্ৰতি পোহৰলৈ আহিছে । জানিব পৰা মতে, চণ্ডীগড়স্থিত প্ৰতিৰক্ষা ভূ-তথ্য বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান আৰু বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে এক সতৰ্কবাণী জাৰি কৰি হিমস্খলনৰ আশংকা প্ৰকাশ কৰিছিল ।

প্ৰতিৰক্ষা জিঅ’-ইনফৰ্মেটিক্স গৱেষণা প্ৰতিষ্ঠানে জাৰি কৰা সতৰ্কতাবাণীত উত্তৰাখণ্ডৰ চামোলী, উত্তৰকাশী, ৰুদ্ৰপ্ৰয়াগ, পিথোৰাগড় আৰু বাগেশ্বৰ জিলাৰ হিমস্খলন সন্দৰ্ভত জাৰি কৰিছিল য়েল্ল’ সতৰ্কবাণী ৷

উত্তৰাখণ্ডৰ উপৰিও প্ৰতিৰক্ষা জিঅ’-ইনফৰ্মেটিক্স গৱেষণা প্ৰতিষ্ঠানে জম্মু-কাশ্মীৰ, হিমাচল আৰু লাডাখৰ ক্ষেত্ৰতো সতৰ্কতাবাণী জাৰি কৰিছিল । 27 ফেব্ৰুৱাৰীৰ সন্ধিয়া 5 বজাৰ পৰা 28 ফেব্ৰুৱাৰীৰ সন্ধিয়া 5 বজালৈ হিমস্খলন সংঘটিত হোৱাৰ আশংকাৰে জাৰি কৰা হৈছিল এই সতৰ্কবাণী । তদুপৰি ৰাজ্যখনত বৃষ্টিপাত আৰু বৰফ পৰাৰো আগজাননী দিছিল বতৰ বিজ্ঞান বিভাগে ।

বিভাগে উত্তৰাখণ্ডৰ উত্তৰকাশী, চামোলী, ৰুদ্ৰপ্ৰয়াগ, তেহৰী গড়ৱাল, ডেৰাডুন আৰু পিথোৰাগড়ত ধাৰাবাহিক বৃষ্টিপাতৰ লগতে 3200 মিটাৰৰ ওপৰৰ অঞ্চলত প্ৰচণ্ড বৰফ পৰাৰ পূৰ্বাভাস প্ৰকাশ কৰিছিল । বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণীত স্পষ্ট কৰি দিছিল যে অত্যধিক বৰফ পৰাৰ বাবে হিমস্খলনৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, দুৰ্ঘটনাস্থলীত দ্ৰুতগতিত চলি আছে সাহাৰ্য আৰু উদ্ধাৰৰ কাম । স্থানীয় আৰক্ষী-প্ৰশাসন, আই টি বি পি আৰু এন ডি আৰ এফৰ দলে অহৰহ এই কামত নিয়োজিত হৈ আছে । অঞ্চলটোৰ প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ মাজতো উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ কাষ চাপিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ।

  • 4 বছৰ পূৰ্বেও হৈছিল হিমস্খলন:

এই কাণ্ডই 2021 চনত চামোলী জিলাত সংঘটিত হোৱা আন এক হিমস্খলনৰ দুৰ্ঘটনাৰ স্মৃতি সজীৱ কৰি তুলিছে । সেই সময়তো চামোলী জিলাত নন্দ দেৱী হিমবাহৰ এটা অংশ ভাঙি হিমস্খলন আৰু আবতৰীয়া বানৰ সৃষ্টি হৈছিল । এই দুৰ্যোগত বহু লোক নিহত আৰু নিৰুদ্দেশ হৈছিল ।

লগতে পঢ়ক: তেলেংগানা সুৰংগ দুৰ্ঘটনা; বোকা-আৱৰ্জনাৰ অৱৰোধ ভেদি উদ্ধাৰ অভিযানত গুৰুত্বপূৰ্ণ অগ্ৰগতি - SLBC TUNNEL COLLAPSE
Last Updated : March 1, 2025 at 7:00 AM IST