ষ্টাৰমাৰৰ নেতৃত্বত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কই যথেষ্ট অগ্ৰগতি লাভ কৰিছে: মোদী
মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ বৈঠক ৷

Published : October 9, 2025 at 2:04 PM IST
মুম্বাই: আজি (বৃহস্পতিবাৰ) মুম্বাইত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দুয়োগৰাকী নেতাই বিস্তৃত বিষয়ৰ ওপৰত আলোচনা কৰে। দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে বুধবাৰে পুৱা মুম্বাইত উপস্থিত হয় ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ আমন্ত্ৰণত ভাৰতলৈ আহিছে ষ্টাৰমাৰ ।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে এক যৌথ বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ নেতৃত্বত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক যথেষ্ট অগ্ৰগতি লাভ কৰিছে । চলিত বৰ্ষৰ জুলাই মাহত ব্ৰিটেইন ভ্ৰমণৰ সময়ত আমি ঐতিহাসিক বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চি ই টি এ)ত স্বাক্ষৰ কৰিছিলো ।"
#WATCH | Mumbai: In a joint statement with UK PM Keir Starmer, PM Modi says, " under the leadership of pm starmer, india and uk relations have seen significant progress. in july this, during my visit to uk, we signed the historic comprehensive economic and trade agreement (ceta)."… pic.twitter.com/vzD1p4Dobu
— ANI (@ANI) October 9, 2025
তেওঁ আৰু কয়, "এই চুক্তিখনে (সামগ্ৰিক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি) আমাৰ দুয়োখন দেশৰ মাজত আমদানিৰ ব্যয় হ্ৰাস কৰিব, যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব, বাণিজ্য বৃদ্ধি কৰিব আৰু আমাৰ উদ্যোগ আৰু গ্ৰাহকসকলক উপকৃত কৰিব । চুক্তি স্বাক্ষৰিত হোৱাৰ কেইমাহমানৰ ভিতৰত আপোনাৰ ভাৰত ভ্ৰমণে, এতিয়ালৈকে সৰ্ববৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে, ভাৰত-ব্ৰিটেইনৰ অংশীদাৰিত্বৰ নৱীকৃত শক্তিৰ প্ৰতীক ।"
#WATCH | Mumbai: In a joint statement with UK PM Keir Starmer, PM Modi says, " with this agreement, (comprehensive economic and trade agreement), the import cost between the two countries will come down, new employment opportunities will be generated for the youth, trade will… pic.twitter.com/OZWnXRlmpk
— ANI (@ANI) October 9, 2025
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰত আৰু ব্ৰিটেইন স্বাভাৱিক অংশীদাৰ । গণতন্ত্ৰ,স্বাধীনতা,আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত পাৰস্পৰিক আস্থা আমাৰ সম্পৰ্কৰ ভেটি । বিশ্ব অস্থিৰতাৰ এই যুগত ভাৰত আৰু ব্ৰিটেইনৰ মাজত এই ক্ৰমবৰ্ধমান অংশীদাৰিত্ব বিশ্বৰ স্থিতিশীলতা আৰু অৰ্থনৈতিক প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ আহিছে ।
#WATCH | Mumbai: In a joint statement with PM Modi, UK PM Keir Starmer says, " pm modi, it was an honour for me to host you in the uk in july and i am so delighted to be making this return visit, just a few months later..."
— ANI (@ANI) October 9, 2025
(video: ani="" dd news) pic.twitter.com/qO2TsFDz0A
আজিৰ বৈঠকত আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল,পশ্চিম এছিয়াৰ শান্তি আৰু স্থিতিশীলতা, ইউক্ৰেইনৰ সংঘাতৰ বিষয়ে আলোচনা কৰিলোঁ । ইউক্ৰেইন সংঘাত আৰু গাজাৰ বিষয়ত আলোচনা আৰু কূটনীতিৰ জৰিয়তে শান্তিৰ বাবে কৰা সকলো প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰে । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সুৰক্ষা বৃদ্ধিৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।"
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে কয়, "পি এম মোদী, জুলাই মাহত আপোনাক ব্ৰিটেইনত আতিথ্য দিয়াটো এক গৌৰৱৰ কথা আছিল আৰু মাত্ৰ কেইমাহমানৰ পিছতে এই উভতি অহাৰ বাবে মই আনন্দিত হৈছো । আমি ভৱিষ্যতৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰু সুযোগসমূহ গ্ৰহণ কৰি এক নতুন, আধুনিক অংশীদাৰিত্ব গঢ়ি তুলিছো ।"
#WATCH | Maharashtra: PM Narendra Modi welcomes UK PM Keir Starmer to Raj Bhavan in Mumbai, as the two leaders meet here.
— ANI (@ANI) October 9, 2025
(Video: ANI/DD News) pic.twitter.com/jjWxKBgbXf
বুধবাৰে হোটেল তাজত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছ আৰু সংগী ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ প্ৰতিনিধি দলে বৈঠকত মিলিত হয় । ব্ৰিটেইনৰ পৰা অহা এটা বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলো প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ লগত গৈছিল । খবৰ অনুসৰি আজি ভাৰত আৰু ব্ৰিটেইনৰ মাজত বাণিজ্যিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হ’ব ।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ষ্টাৰমাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ । প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুৱা মুম্বাইত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে বৈঠকত মিলিত হয় । বিয়লি বান্দ্ৰা কুৰলা কমপ্লেক্সৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ।
এই অনুষ্ঠানত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভিজন ২০৩৫ৰ সৈতে সংগতি ৰাখি ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব । প্ৰতিবেদন অনুসৰি ভিজন ২০৩৫ত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা, জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য আৰু শিক্ষা আদি মূল বিষয়সমূহ ৰূপায়ণৰ বাবে দহ বছৰৰ সময়সীমা ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰা হ’ব ।
প্ৰধানমন্ত্ৰী মোদীয়ে ষষ্ঠ গ্ল’বেল ফিনটেক ফেষ্টিভেলত অংশগ্ৰহণ কৰি ৩ বজাত ভাষণ প্ৰদান কৰিব । গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত বিশ্বৰ আগশাৰীৰ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক, নিয়ন্ত্ৰক, বিনিয়োগকাৰী, শিক্ষাবিদ আৰু উদ্যোগপতিসকলক একত্ৰিত কৰা হ’ব । অনুষ্ঠানৰ বিষয়বস্তু হ'ব "এখন উন্নত বিশ্বৰ বাবে বিত্তীয় সবলীকৰণ"।
#WATCH | Maharashtra: PM Narendra Modi meets UK PM Keir Starmer, at Raj Bhavan in Mumbai.
— ANI (@ANI) October 9, 2025
(Video: ANI/DD News) pic.twitter.com/bW0pAWkPNd
এই অনুষ্ঠানত প্ৰযুক্তি আৰু মানৱ চিন্তাধাৰাই কেনেদৰে নৈতিক আৰু বহনক্ষম অৰ্থনৈতিক ভৱিষ্যতৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ’ব । দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ এই যৌথ অনুষ্ঠানটো বি কে চি নামেৰেও জনাজাত বান্দ্ৰা কমপ্লেক্সত অনুষ্ঠিত হ’ব । এই অঞ্চলটো সদায় কাৰ্যকলাপৰ দ্বাৰা ব্যস্ত ।
বৃহৎসংখ্যক কাৰ্যালয়ৰ উপস্থিতিৰ বাবে কৰ্মচাৰীৰ অহৰহ সোঁত । মুম্বাই যান-বাহন আৰক্ষীয়ে নাগৰিকসকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে । আজি বি কে চি এলেকাত এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
এই স্থানত নাগৰিকৰ বৃহৎ ভিৰ হোৱাৰ সম্ভাৱনা আছে । সেয়ে যান-জঁটৰ পৰা হাত সাৰিবলৈ যান-বাহন আৰক্ষীয়ে মুম্বাইবাসীক যাত্ৰাৰ পৰিকল্পনা কৰাৰ সময়ত বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: ২০২৮ ত ভাৰত হ'ব তৃতীয় বৃহত্তম বিশ্ব অৰ্থনীতি; ব্ৰিটিছ প্ৰধানমন্ত্ৰী

