ETV Bharat / bharat

৮ দিন ধৰি ভাৰতৰ বিমানবন্দৰত কি কৰিছে ব্ৰিটিছ যুদ্ধ বিমানে ? - BRITISH FIGHTER JET

এতিয়াও কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰতে আছে ব্ৰিটিছ যুদ্ধ বিমান এফ-৩৫বি । যাক লৈ ব্যাপক কৌতূহল অব্যাহত আছে ।

British Fighter Jet stuck in India
ভাৰতৰ বিমানবন্দৰত আৱদ্ধ ব্ৰিটিছ যুদ্ধ বিমান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 5:28 PM IST

3 Min Read

তিৰুৱনন্তপুৰম : যোৱা ১৪ জুনত তিৰুৱনন্তপুৰম বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিছিল এখন ব্ৰিটিছ যুদ্ধ বিমানে । ইন্ধন শেষ হোৱাৰ বাবে যুদ্ধ বিমানখনে ভাৰতত জৰুৰী অৱতৰণ কৰিব লগা হৈছিল বুলি জানিব পৰা গৈছিল । কিন্তু ৮ দিন হ'ল, এতিয়াও তিৰুৱনন্তপুৰম বিমানবন্দৰতে আছে যুদ্ধ বিমানখন । যাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

অৱশ্যে জানিব পৰা মতে যুদ্ধ বিমানখনৰ কাৰিকৰী সমস্যা এতিয়াও সমাধান হোৱা নাই । তিৰুৱনন্তপুৰম বিমানবন্দৰ কৰ্তৃপক্ষই ইটিভি ভাৰতক জনোৱা মতে এই সমস্যা সমাধান কৰিবলৈ অতি সোনকালে ব্ৰিটিছ টেকনিচিয়ান ভাৰতলৈ আহিব বুলি আশা কৰা হৈছে । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চলি থকা ব্ৰিটিছ বিমানবাহক জাহাজ এইচ এম এছ প্ৰিন্স অৱ ৱেলছৰ পৰা উৰা মাৰি যোৱা শনিবাৰে এফ-৩৫বি যুদ্ধ বিমানখনে তিৰুৱনন্তপুৰম বিমানবন্দৰত ইন্ধন শেষ হোৱাৰ পিছত জৰুৰী অৱতৰণ কৰিছিল ।

অৱতৰণৰ পিছত কৰা পৰিদৰ্শনত বিমানখনৰ হাইড্ৰলিক চিষ্টেমত বিসংগতি ধৰা পৰে আৰু পিছতে বিমানখনৰ ইঞ্জিন বন্ধ কৰি দিয়া হয় । বিমানবাহক জাহাজখনৰ ৩ জন অভিযন্তা আৰু এজন পাইলটে হেলিকপ্টাৰেৰে তিৰুৱনন্তপুৰম বিমানবন্দৰত উপস্থিত হৈ এই কাৰিকৰী সমস্যা ঠিক কৰিবলৈ সক্ষম হয় । কিন্তু তাৰ পিছতো বিমানখনে উৰা মাৰিব নোৱাৰিলে ।

যাৰ ফলত ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অধিক অভিজ্ঞ কাৰিকৰী বিষয়া বিমানবন্দৰলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছে । তিৰুৱনন্তপুৰম বিমানবন্দৰ কৰ্তৃপক্ষই কয় যে এনে বিলম্বৰ কাৰণৰ বিষয়ে তেওঁলোক অৱগত নহয় আৰু এই বিষয়ে তেওঁলোকক অৱগত কৰা নাই । জৰুৰীকালীন অৱতৰণৰ সময়ত বিমানখনত থকা পাইলটজনে হেলিকপ্টাৰেৰে বিমানবাহক জাহাজখনলৈ উভতি গৈছে ।

এফ-৩৫বি যুদ্ধ বিমান

ব্ৰিটিছ নৌসেনাৰ এফ-৩৫বি বিশ্বৰ অন্যতম ব্যয়বহুল আৰু অত্যাধুনিক যুদ্ধ বিমান । এই বিমানখন নিৰ্মাণ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানী লকহিড মাৰ্টিনে । বৰ্তমান ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষত ইৰাণৰ বিৰুদ্ধে বিমান আক্ৰমণত নেতৃত্ব দিছে এফ-৩৫বিৰ পৰিৱৰ্তিত সংস্কৰণ এফ-৩৫আই আদিৰে । এফ-৩৫আই আদিৰত ইজৰাইলৰ প্ৰযুক্তি সন্নিবিষ্ট কৰা হৈছে ।

হিব্ৰু ভাষাত আদিৰ শব্দৰ অৰ্থ হৈছে শক্তিশালী । চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতক এফ-৩৫ যুদ্ধ বিমান যোগান ধৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল । ইজৰাইল আৰু ব্ৰিটেইনৰ উপৰিও ব্ৰিটিছ ৰয়েল এয়াৰ ফৰ্চ আৰু আমেৰিকাৰ মেৰিন কৰ্পছেও বৰ্তমান এফ-৩৫ বিমান ব্যৱহাৰ কৰি আছে । শত্ৰুৰ ৰাডাৰত ধৰা নপৰাকৈ উৰিব পৰা ক্ষমতা থকাৰ লগতে শত্ৰুক হঠাতে আক্ৰমণ কৰিব পৰা প্ৰযুক্তি থকা বিমান হিচাপে পৰিচিত এফ-৩৫ ।

কিন্তু ভাৰতৰ ইন্টিগ্ৰেটেড এয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেমে আকাশত এই বিমানখনৰ উপস্থিতি ধৰা পেলাবলৈ সক্ষম হোৱাটো ভাৰতীয় বায়ুসেনাৰ শক্তি বুলি গণ্য কৰা হয় । প্ৰতিৰক্ষা বিশেষজ্ঞসকলে আকাশত অত্যাধুনিক যুদ্ধ বিমান ধৰা পেলোৱাৰ ক্ষমতাক দেশৰ প্ৰতিৰক্ষা ঢালৰ প্ৰমাণ বুলি গণ্য কৰে । বিশেষজ্ঞসকল অহাৰ পিছত শীঘ্ৰে ইয়াক জাহাজখনলৈ লৈ যোৱা হ'ব । কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএছএফৰ জোৱানে যুদ্ধ বিমানসমূহৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক :ভাৰতৰ মাটিত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ পাকিস্তানে মূল্য ভৰিব লাগিব : ৰাজনাথ সিং - RAJNATH SINGH WARNS PAK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.