ETV Bharat / bharat

অপৰাধীক আদালতৰ কাঠগড়াত থিয় কৰাওক: পহলগাম আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ - NHRC ON PAHALGAM ATTACK

প্ৰত্যক্ষ বা পৰোক্ষভাৱে সন্ত্ৰাসবাদত লিপ্তসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে । মানৱ অধিকাৰ আয়োগে কয় ।

NHRC on Pahalgam attack
পহলগামত নিহতলৈ শ্ৰদ্ধাঞ্জলি গৃহ মন্ত্ৰী অমিত শ্বাহৰ (X@AmitShah)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 2:30 PM IST

2 Min Read

নতুন দিল্লী : পহলগামত সাধাৰণ লোকক হত্যাৰ ঘটনাক গৰিহণা প্ৰদান ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ । শুকুৰবাৰে নিৰীহৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা অমানুষিক আক্ৰমণৰ ঘটনাক গৰিহণা দি মানৱ অধিকাৰ আয়োগে কয় যে সন্ত্ৰাসবাদত 'প্ৰত্যক্ষ বা পৰোক্ষ'ভাৱে জড়িত লোকসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ সময় আহি পৰিছে ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কয় যে এই ঘটনাটোৰ বাতৰিয়ে 'গভীৰভাৱে বিচলিত' কৰিছে । লগতে আশা প্ৰকাশ কৰে যে "ৰাষ্ট্ৰই ইয়াৰ সৈতে জড়িতসকলক জবাবদিহি কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব" । লগতে "অপৰাধীসকলক আদালতৰ কাঠগড়াত থিয় কৰাব" ।

উল্লেখ্য যে মঙলবাৰে দক্ষিণ কাশ্মীৰৰ পহলগামৰ এক মুখ্য পৰ্যটনস্থলী বৈছাৰণ ভেলীত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে আক্ৰমণ চলায় । এই ঘটনাত কমেও ২৬ জন লোক নিহত হয় । আনহাতে, কেইবাজনো লোক আহত হয় । ইয়াৰে ভিতৰত বেছিভাগেই পৰ্যটক ।

এক বিবৃতিত, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কয়, "উপত্যকাটোলৈ বন্ধৰ ছুটী কটাবলৈ যোৱা নিৰস্ত্ৰ আৰু নিৰ্দোষী নিৰীহ নাগৰিকসকলৰ ওপৰত চলোৱা আক্ৰমণক গৰিহণা দিছোঁ ।"

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পেনেলে লগতে কয়, প্ৰত্যক্ষ বা পৰোক্ষভাৱে সন্ত্ৰাসবাদত লিপ্ত লোকসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ আৰু এই "মানৱতাৰ বিৰুদ্ধে বিপদ"ৰ বাবে তেওঁলোকক জবাবদিহি কৰাৰ সময় আহি পৰিছে ।

"আশা কৰা হৈছে যে ৰাষ্ট্ৰই অপৰাধীক জবাবদিহি কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব; অপৰাধীসকলক আদালতৰ কাঠগড়ালৈ আনিব আৰু ভুক্তভোগীসকলৰ পৰিয়ালক সকলো ধৰণে সহায় আগবঢ়াব ।" ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কয় ।

উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰদানৰ লগতে ক্ষোভিত হৈ আছে দেশৰ জনসাধাৰণ । আনহাতে, এই ঘটনাত পাকিস্তানৰ পৰোক্ষ পৃষ্ঠপোষকতাৰ অভিযোগত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :সন্ত্ৰাসবাদক ধ্বংস কৰাত আমাৰ সহযোগ থাকিব: চৰকাৰলৈ বিৰোধীৰ পূৰ্ণ সমৰ্থন - ALL PARTY MEETING AT DELHI
লগতে পঢ়ক :কাশ্মীৰত সেনাপ্ৰধান দ্বিবেদীৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা: শ্ৰীনগৰত ৰাহুল গান্ধী - PAHALGAM ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.