ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৰ চিন্তাৰ সংকলন 'বিশ্ব নাৰুদু ৰামোজী' উন্মোচন
ৰঘু আৰীকাপুডীয়ে সম্পাদনা কৰা এই গ্ৰন্থখনত ৰামোজী ৰাওৰ মৃত্যুত বিশিষ্ট ব্যক্তিসকলে প্ৰকাশ কৰা শ্ৰদ্ধাঞ্জলি আৰু চিন্তাধাৰাক একত্ৰিত কৰা হৈছে ।

Published : September 13, 2025 at 3:34 PM IST
|Updated : September 13, 2025 at 3:45 PM IST
হায়দৰাবাদ : হায়দৰাবাদৰ ৰামনগৰস্থিত বাসগৃহত ‘বিশ্ব নাৰুদু ৰামোজী’ নামৰ গ্ৰন্থখন মুকলি কৰে প্ৰাক্তন ৰাজ্যপাল বন্দাৰু দত্তত্ৰেয়ে ৷ ৰঘু আৰিকাপুডী সেৱা ট্ৰাষ্টৰ সভাপতি ৰঘু আৰিকাপুডীয়ে সংকলন আৰু সম্পাদনা কৰা এই গ্ৰন্থখনত সংবাদ মাধ্যমৰ যুগ দ্রষ্টা চেৰুকুৰি ৰামোজী ৰাওৰ মৃত্যুক লৈ বিশিষ্ট ব্যক্তিৰ লগতে সাধাৰণ ৰাইজে প্ৰকাশ কৰা শ্ৰদ্ধাঞ্জলি আৰু চিন্তা-চৰ্চা সন্নিবিষ্ট কৰা হৈছে ৷
প্ৰাক্তন ৰাজ্যপাল বন্দাৰু দত্তত্ৰেয়ে ৰামোজী ৰাওক সমাজৰ উন্নতিৰ বাবে অক্লান্তভাৱে কাম কৰা নিঃস্বাৰ্থ দূৰদৰ্শী আখ্যা দি প্ৰশংসা কৰে ৷ তেওঁ কয় যে ৰামোজী ৰাও কেৱল এজন মহান সাংবাদিকেই নহয়, বিভিন্ন ক্ষেত্ৰ স্পৰ্শ কৰি নতুন দিশ দিয়া এজন মহান ব্যক্তিত্বও আছিল ৷ দত্তত্ৰেয়েই কয় যে ৰামোজী ৰাৱে অসুবিধাৰ মাজতো নিজৰ নীতিৰ ওপৰত দৃঢ়তাৰে থিয় দিছিল আৰু তেওঁ এজন মানৱ দৰদী আৰু মহান ব্যক্তি হিচাপে সদায় স্মৰণীয় হৈ থাকিব ৷

ৰঘু আৰীকাপুডীয়ে কয় যে ড৹ লেনিন ধনীশ্বেট্টীৰ সহযোগত ১১৪ পৃষ্ঠাৰ এই সংকলন প্ৰস্তুত কৰা হৈছে ৷ এই গ্ৰন্থখন ব্লু বুক ট্ৰাষ্ট আৰু ৰঘু আৰীকাপুডী সেৱা ট্ৰাষ্টে যৌথভাৱে প্ৰকাশ কৰিছে ৷ এই গ্ৰন্থখনত চেৰুকুৰি ৰামোজী ৰাওৰ মৃত্যুৰ পিছত বিভিন্ন বাতৰি কাকতত প্ৰকাশিত লেখাৰ সংকলন সন্নিবিষ্ট কৰা হৈছে, যিয়ে তেওঁৰ জীৱন, অৱদান আৰু নেতা তথা সাধাৰণ নাগৰিকৰ পৰা তেওঁ লাভ কৰা ব্যাপক প্ৰশংসাৰ ওপৰত আলোকপাত কৰা হৈছে ৷
ৰঘু আৰীকাপুডীয়ে কয়, "ৰামোজী ৰাওৰ সমাজলৈ বহুমুখী সেৱা যাতে ভৱিষ্যত প্ৰজন্মৰ মাজলৈ যায়, সেয়াই এই গ্ৰন্থখনৰ লক্ষ্য ৷" এই অনুষ্ঠানত কমেডিয়ান ব্ৰহ্মশংকৰ নাৰায়ণ, ৱাণ্ডাৰ বুক অৱ ৰেকৰ্ডছৰ সমন্বয়ক বিংগি নৰেন্দ্ৰ গৌৰ, সমাজকৰ্মী ৰিতেশ জাগীধৰকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷ গ্ৰন্থখনৰ জৰিয়তে অনুৰাগীসকলে ৰামোজী ৰাওক পুনৰবাৰ স্মৰণ কৰে. যাৰ জীৱন আৰু কৰ্মই অগণন ব্যক্তিক অনুপ্ৰাণিত কৰিছে ৷

ৰামোজী ৰাওৰ বিষয়ে :
জনপ্ৰিয়ভাৱে ৰামোজী ৰাও নামেৰে পৰিচিত চেৰুকুৰি ৰামোজী ৰাও বহুমুখী ব্যক্তিত্বৰ বাবে পৰিচিত আছিল ৷ ঘনিষ্ঠসকলৰ বাবে তেওঁ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হৈয়েই থাকিল ৷ তেওঁ ১৯৩৬ চনৰ ১৬ নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ গুডিবাড়াৰ সমীপৰ পেদাপাৰুপুডি গাঁৱৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৷ ২০২৪ চনৰ ৮ জুনত ৮৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয় ৷

