লক্ষ্ণৌ: জুন মাহৰ ভিতৰত আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ চহৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ৷ যমুনা এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষ (YEIDA) অঞ্চলত অৱস্থিত এই প্ৰকল্পৰ লক্ষ্য হৈছে উত্তৰ প্ৰদেশক চলচ্চিত্ৰ নিৰ্মাণ, সংবাদ মাধ্যম, মনোৰঞ্জন আৰু পৰ্যটনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা ।
চলচ্চিত্ৰ নিৰ্মাতা বনী কাপুৰৰ মালিকানাধীন এটা কোম্পানীয়ে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । নিৰ্মাণ স্থানৰ ভূ-কাৰিকৰী জৰীপ প্ৰায় ইতিমধ্যে শেষ হৈছে আৰু পৰৱৰ্তী কেইদিনমানৰ ভিতৰত কোম্পানীটোৱে নিজৰ বিল্ডিং প্লেন দাখিল কৰাৰ সম্ভাৱনা আছে । ইফালে মাটিৰ মৌলিক সমতলতা, পথ নিৰ্মাণ আৰু স্থানৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাও সম্পূৰ্ণ হোৱাৰ পথত ৷ সকলো অনুমোদন লাভ কৰাৰ পিছত আনুষ্ঠানিকভাৱে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ৷ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।
বেভিউ প্ৰজেক্টছ এল এল পিৰ জি এম ৰাজীৱ অৰোৰাৰ মতে, বিল্ডিং প্লেনৰ অনুমোদন লাভ কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ফিল্ম চিটীৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব । প্ৰথম পৰ্যায়ত কোম্পানীটোৱে ১৩-১৪টা আধুনিক চলচ্চিত্ৰ শব্দ ষ্টুডিঅ’ আৰু প্ৰায় ৩ লাখ বৰ্গমিটাৰত বিস্তৃত এখন চলচ্চিত্ৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিব । আঠ বছৰৰ ভিতৰত তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’ব এই সমগ্ৰ প্ৰকল্প ।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সপোন পূৰণ কৰিব পৰা এখন চলচ্চিত্ৰ চহৰ নিৰ্মাণ কৰিব বুলি অৰোৰাই কয় । তেওঁ লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী যোগীয়ে নিজে আধাৰশিলা স্থাপন কৰিব, যাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সময় নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলি আছে ।
YEIDA প্ৰকল্পটোৰ বাবে ইতিমধ্যে সকলো প্ৰকাৰৰ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হৈছে ৷ কৰ্তৃপক্ষই ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি কৃষকসকলক ক্ষতিপূৰণ দিয়া আৰম্ভ কৰিছে । এই প্ৰকল্পই উত্তৰ প্ৰদেশক কেৱল চলচ্চিত্ৰ নিৰ্মাণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাই নহয়, চাকৰি সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ কৰাত সহায় কৰিব ।
যমুনা এক্সপ্ৰেছৱে’ৰ কাষৰ ছেক্টৰ-২১ ত মুঠ ১০০০ একৰ মাটিকালিত নিৰ্মাণ কৰা হৈছে ফিল্ম চিটি । প্ৰথম পৰ্যায়ত ২৩০ একৰ ভূমি সামৰি ল’বলগা প্ৰকল্পটোৰ আনুমানিক ব্যয় ১৫১০ কোটি টকা । সৰ্বোচ্চ ১৮% মুঠ ৰাজহৰ অংশীদাৰিত্ব আগবঢ়াই বেভিউ প্ৰজেক্টছ এল এল পিক প্ৰকল্পটোৰ শীৰ্ষ নিবিদাকাৰী হিচাপে নিৰ্বাচিত কৰা হয় । যোৱা বছৰ কোম্পানীটোৱে লাভ কৰিছিল লেটাৰ অৱ এৱাৰ্ড ।
২০২৪ চনৰ ২৭ জুনত YEIDA কোম্পানীটোৰ প্ৰতিনিধিয়ে চলচ্চিত্ৰ নিৰ্মাতা বনী কাপুৰৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে । সেই চুক্তি অনুসৰি ২০২৫ চনৰ ২৭ ফেব্ৰুৱাৰীত এই স্থানৰ স্বত্ব গতাই দিয়া হৈছিল । চলিত বৰ্ষৰ ৩০ জানুৱাৰীত ফিল্ম চিটিৰ মাষ্টাৰ প্লেন অনুমোদন কৰা হৈছিল । ভৱিষ্যতে বাকী ৭৭০ একৰ মাটিত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্মাণকাৰ্য সম্পন্ন কৰা হ’ব ৷