ETV Bharat / bharat

দক্ষিণ-পশ্চিম দিল্লীত বোমাৰ ভাবুকি, খালী কৰা হ'ল কেইবাটাও চৰকাৰী কাৰ্যালয় - BOMB THREAT IN SOUTH WEST DELHI

বোমা বিস্ফোৰণেৰে চৰকাৰী কাৰ্যালয় উৰুৱাই দিয়াৰ ভাবুকি । এই ভাবুকিৰ পাছতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ।

Bomb threat in South-West Delhi, several government offices evacuated
বোমা বিস্ফোৰণৰ ভাবুকি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 6:20 PM IST

2 Min Read

নতুন দিল্লী: আকৌ বোমা বিস্ফোৰণৰ ভাবুকি । এইবাৰ চৰকাৰী কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে কোনো দুষ্ট চক্ৰই । এই খবৰ লাভ কৰাৰ পাছতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ।

জানিব পৰা মতে, এইবাৰ বোমাৰে দক্ষিণ-পশ্চিম দিল্লীৰ প্ৰশাসনিক কাৰ্যালয়টো উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰা হৈছে । প্ৰথমে দ্বাৰকাস্থিত এছ ডি এমৰ কাৰ্যালয়ে বোমাৰ ভাবুকি লাভ কৰে, তাৰ পিছত তাত উপস্থিত থকা সকলো কৰ্মচাৰী আৰু অন্য লোকসকলকো ততাতৈয়াকৈ নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয় ।

Bomb threat in South-West Delhi, several government offices evacuated
বোমা বিস্ফোৰণৰ ভাবুকি (ETV Bharat)

এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে আৰক্ষীৰ লগতে সেই স্থানত বোমা নিষ্কাশন দল উপস্থিত হৈ কাৰ্যালয় চৌহদটো পুংখানুপুংখভাৱে তালাচী চলায় ।

ইয়াৰে কিছু সময়ৰ পিছতে নাজাফগড়ৰ এছ ডি এমৰ কাৰ্যালয় আৰু দক্ষিণ-পশ্চিম জিলাৰ জিলা দণ্ডাধীশ (ডি এম)ৰ কাৰ্যালয়েও বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে । তাৰ পাছতে আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে এই দুয়োটা কাৰ্যালয় খালী কৰি তাত তদন্ত আৰম্ভ কৰে ।

তথ্য অনুসৰি, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে সংশ্লিষ্ট সকলোকেইটা কাৰ্যালয় খালী কৰা হয় । সম্প্ৰতি কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই যদিও সমগ্ৰ চৌহদত বোমা নিষ্কাশনকাৰী দলে অতি সতৰ্কতাৰে তালাচী চলাই আছে ।

এই ঘটনাৰ পিছত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । আৰক্ষী আৰু প্ৰশাসনে ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে । ঘটনাৰ পিছতে সকলো চৰকাৰী কাৰ্যালয়তে নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি আৰক্ষীয়ে প্ৰতিটো দিশৰ পৰা তদন্ত কৰি আছে ।

লগতে পঢ়ক : “এইবাৰ পোনে পোনে ঘৰত সোমাই মাৰিম...!” পুনৰ মৃত্যুৰ ভাবুকি ছলমান খানলৈ

লগতে পঢ়ক : দিলসুখনগৰ বোমা বিস্ফোৰণৰ গোচৰ...উচ্চ ন্যায়ালয়ৰ মূল ৰায়দান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.