ETV Bharat / bharat

ভাইটিৰ হিচাব গণি গণি ল'বলৈ ক'ম... পহলগামত নিহত অৰুণাচলৰ তাগেৰ ভাতৃৰ গৰ্জন

তাগেৰ জেষ্ঠ ভাতৃয়ে পহলগামৰ হিচাব ল'ব । শুকাকুল পৰিৱেশত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি । শুকুৰবাৰে সম্পন্ন হ'ব শেষকৃত্য ।

Tribute to Tage Hailong
তাগে হাইলিয়াঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 8:33 PM IST

6 Min Read
Choose ETV Bharat

তেজপুৰ : এক অভাৱনীয় মৃত্যু ! দেশৰ ২৬ গৰাকী নিৰীহ লোকৰ লগতে ভাৰতীয় বায়ুসেনা বাহিনীত কৰ্মৰত অৰুণাচল প্ৰদেশৰ তাগে হাইলিয়াঙেও দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুৱায় । আহিবলগীয়া আছিল কৰ্মস্থান সলনি হৈ, কিন্তু আহিল পোছাক সলনি কৰি বগা কাপোৰেৰে কফিনৰ ভিতৰত নিথৰ দেহ হৈ !

বৃহস্পতিবাৰে এক গভীৰ শোক আৰু দুখৰ মুহূৰ্তই অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ তাজং গাঁৱত বিৰাজ কৰে । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত কৰুণ মৃত্যুক সাৱটি লোৱাৰ পিছত বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত ভাৰতীয় বায়ুসেনাৰ কৰ্প'ৰেল তাগে হাইলিয়াঙৰ মৃতদেহ নামনি সোৱণশিৰি জিলাৰ জিৰ’লৈ আনি তাজং গাঁৱৰ নিজঘৰলৈ লৈ যোৱা হয় । অগণন লোকে ৰাজপথলৈ ওলাই আহি নিহত বায়ুসেনাৰ কৰ্প'ৰেলগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ভাইটিৰ হিচাব গণি গণি ল'বলৈ ক'ম... (ETV Bharat Assam)

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আনহাতে, বৃহস্পতিবাৰে দুপৰীয়া তাজং গাঁৱত উপস্থিত হৈ কৰ্প'ৰেল তাগে হাইলিয়াঙৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে মৃতকৰ পৰিয়াললৈ অৰুণাচল প্ৰদেশ চৰকাৰে ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰে । লগতে পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰিও প্ৰদান কৰিব । ইয়াৰ উপৰি তাগেৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেওঁৰ স্মৃতিত জিৰ'ত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী খাণ্ডুৱে ।

Tribute to Tage Hailong
তাগে হাইলিয়াঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, "পহলগামত যি সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা ঘটিছে তাক লৈ সমগ্ৰ দেশে গৰিহণা দিছে । আৰু অৰুণাচল প্ৰদেশৰ তৰফৰ পৰা, অৰুণাচলৰ জনতাৰ তৰফৰ পৰা, অৰুণাচল চৰকাৰৰ তৰফৰ পৰা ইয়াক গৰিহণা দিছোঁ । এই ঘটনাত অৰুণাচলৰ এগৰাকী যুৱক যি এয়াৰফৰ্চত কৰ্প'ৰেল হিচাপে সেৱা আগবঢ়াই আছিল তাগে হাইলিয়াং তেওঁৰো মৃত্যু হৈছে । তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে আজি মই জিৰ'লৈ আহিছোঁ । তেওঁৰ পিতৃ-মাতৃ, পত্নী আৰু আত্মীয়সকলৰ সৈতেও মোৰ বাৰ্তালাপ হৈছে । প্ৰয়াত তাগে হাইলিয়াং সৰু অৱস্থাৰে পৰা এজন অতি চোকা, ডিচিপ্লিন আৰু কৰ্মোদ্যোমী ল'ৰা আছিল ।"

Tribute to Tage Hailong
তাগে হাইলিয়াঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ ঘটনাৰ গৰিহণাও দিয়ে । মুখ্যমন্ত্ৰী খাণ্ডুৰ সৈতে পূব অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাৱো এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে । খাণ্ডুৱে তাগেৰ পত্নী আৰু পৰিয়ালৰ সকলোৰে লগত মত বিনিময় কৰে আৰু এই দুখৰ সমভাগী হয় বুলি তেওঁৰ X পোষ্টত প্ৰকাশ কৰিছে । তাত তেওঁ তাগেৰ এই অকাল মৃত্যু ভৱিষ্যত প্ৰজন্মই সদায় স্মৰণ কৰিব বুলি মন্তব্য কৰে ।

Tribute to Tage Hailong
তাগে হাইলিয়াঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জিলা আয়ুক্তৰ (ETV Bharat Assam)

ইফালে মুখ্যমন্ত্ৰী আৰু সাংসদ গাৱৰ উপস্থিতিত স্থানীয় লোকে পাকিস্তান মুর্দাবাদ, তাগে হাইলিয়াং অমৰ হওক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । পূব অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাৱে ই টিভি ভাৰতক জনাই যে তাগে হাইলিয়াঙৰ পাৰ্থিৱ শৰীৰৰ কাইলৈ অৰ্থাৎ শুকুৰবাৰে স্থানীয় নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন কৰা হ'ব ।

ইয়াৰ পূৰ্বে অসমত উপস্থিত হোৱাৰ সময়ত গুৱাহাটীৰ বায়ুসেনা ঘাটিত অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই তাগেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে, বায়ুসেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেজপুৰ বায়ুসেনা ছাউনিলৈ অনা হয় আৰু তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা নিশা জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Tribute to Tage Hailong
তাগে হাইলিয়াঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

আনহাতে, তেজপুৰ শালনিবাৰী বায়ুসেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলেও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । ইফালে নামনি সোৱণশিৰি জিলাৰ হাপোলিৰ চেক গে'টত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শোকসভা অনুষ্ঠিত হয় । অনুষ্ঠানত বিধায়ক হাগে অপপা, জিৰ'ৰ উপ আয়ুক্ত, আৰক্ষী অধীক্ষক, বিভিন্ন সম্প্ৰদায়ৰ সংগঠন আৰু অন্যান্য বিষয়াসকলে বায়ুসেনাৰ কৰ্প'ৰেল তাগে হাইলিয়াঙৰ মৃতদেহ গ্ৰহণ কৰে আৰু এক শোকাকুল পৰিৱেশত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

স্থানীয় ৰাইজে নিজৰ সন্তানৰ এই চূড়ান্ত ত্যাগৰ বাবে স্থানীয় অৰুণাচল প্ৰদেশৰ সমাজে তাগে হাইলিয়াঙক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত সকলো লোক শোকাকুল হৈ পৰে । আনহাতে, তেওঁৰ মৃতদেহৰ আগমনে সমগ্ৰ অঞ্চলটোক একত্ৰিত কৰি দেশৰ প্ৰতি তেওঁৰ সেৱাৰ কথা স্মৰণ কৰি দুখ প্ৰকাশ কৰাৰ লগতে গৌৰৱ আৰু গভীৰ সন্মানৰ এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ পৰে তাজং গাঁৱৰ বাসিন্দাসকল ।

Tribute to Tage Hailong
তাগে হাইলিয়াঙলৈ অন্তিম শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

উল্লেখ্য যে ঘটনাৰ পাছত অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ তাজং গাঁৱত তেওঁৰ জেষ্ঠ ভাতৃ তাগে লাইলয়াঙে (Tage Lailyang) সংবাদ মাধ্যমৰ আগত কয়, "মোৰ ভাইটিৰ সৰুৰে পৰাই পঢ়াত দখল আছিল । জিৰ'ত পঢ়াৰ বিশেষ সুবিধা নথকাৰ বাবে হাৰিয়ানাত পঢ়িছিল আৰু প্ৰতিটো শ্ৰেণীতে শীৰ্ষত আছিল । উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ডনবস্ক' কলেজৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে বায়ুসেনা বাহিনীৰ মকৰলত অন্তৰ্ভুক্ত হয় আৰু ইয়াত সুখ্যাতিৰে অৱৰ্তীৰ্ণ হৈ বায়ুসেনাৰ গ্ৰাউণ্ড সেৱাত যোগদান কৰে । আমি তেওঁক বাধা দিছিলোঁ যে এতিয়াই চাকৰিত যোগদান কৰিব নালাগে আৰু বেছি পঢ়া-শুনা কৰি চাকৰিৰ বাবে চিন্তা কৰিবলৈ । কিন্তু আমাৰ কথা নুশুনিলে । সৰুৰে পৰাই সেনাবাহিনীত ভৰ্তি হোৱাৰ সপোন আছিল । কিন্তু আজি আমাক সকলোকে এৰি আঁতৰি গ'ল ।"

অশ্ৰুসিক্ত নয়নেৰে তেওঁ কয়, "চাকৰিত যোগদান কৰিছিল ২০১৭ চনত । ৮ বছৰ হৈছিল মাত্ৰ । জম্মুৰ পৰা ডিব্ৰুগড়লৈ তেওঁৰ ট্ৰেন্সফাৰ হৈছিল আৰু আমাৰ বোৱাৰীৰ লগত দুদিনমান আজৰি সময় কটাবলৈ গৈছিল পহলগামত আৰু এই ঘটনা সংঘটিত হ'ল ।"

"তাগে হাইলিয়াঙৰ মৃত্যুক আমি ক্ষতি বুলি নাভাবো । কাৰণ আমাৰ আৰু এটা ভাই তাগেৰ ককায়েক ভাৰতীয় সেনাবাহিনীত আছে আৰু তেওঁক ক'ম যে যদি এনেধৰণৰ সন্ত্ৰাসবাদী পায় তেন্তে আমাৰ ভাইটিৰ গণি গণি হিচাব ল'বলৈ । কাৰণ ইয়াৰ হিচাব লাগিবই ।" কান্দি কান্দি তেওঁ কয় ।

লগতে পঢ়ক :অৰুণাচলৰ চকুলো ! বায়ুসেনা বাহিনীৰ বিষয়াৰ তেজেৰে পহলগামৰ সেউজভূমি ৰঙা হ'ল - PAHALGAM TERROR ATTACK
লগতে পঢ়ক :কল্পনাতীত শাস্তি পাব, ভাৰতৰ আত্মাত আঘাত হনাসকলে ৰেহাই নাপায়: প্ৰধানমন্ত্ৰী মোদী - PM MODI ON PAHALGAM ATTACK