ETV Bharat / bharat

চীনাৰ পৰা জাপানীজলৈকে... সলসলীয়াকৈ ক'ব পৰা চাহ দোকানী পূজাই ল'ব খোজে ডক্টৰেট ডিগ্ৰীও

আত্মনিৰ্ভৰশীলতা আৰু শিক্ষাৰ প্ৰতি থকা আগ্ৰহে চাহ বিক্ৰেতাতকৈও অনন্য কৰি তুলিছে এগৰাকী মহিলাক ।

Chaiwali With PhD Dream
বিদেশী বন্ধুৰ সৈতে পূজা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 10:18 PM IST

6 Min Read
Choose ETV Bharat

বুদ্ধগয়া: সমগ্ৰ বিশ্বৰ আধ্যাত্মিক সাধনাৰ আশ্ৰয়স্থল বিহাৰৰ এখন ব্যস্ত গাঁৱত ২৫ বছৰীয়া পূজা কুমাৰীৰ চাহৰ বিপণিখনে লাভ কৰিছে বিশেষ চৰ্চা ৷ গয়াৰ মাঝাউলী বাংকট গাঁৱৰ বাসিন্দা এইগৰাকী মহিলাই দৰ্শনাৰ্থীক কেৱল সতেজ চাহ যোগান ধৰাই নহয়, বহু ভাষাত কথা-বতৰা পাতি জনাই উষ্ম আদৰণি ৷

পূজাৰ আছে এক সংগ্ৰামৰ কাহিনী, যিয়ে বহুতকে অনুপ্ৰাণিত কৰে । এই যাত্ৰাৰ কথা সুঁৱৰি তেওঁ কয়, ‘‘মোৰ বিশ্বাস কোনো কামেই অসাৰ নহয় । প্ৰথম অৱস্থাত মোৰ লাজ লাজ লাগিছিল যদিও তাৰ পিছত চাহ বিক্ৰী কৰি আনন্দ ল’বলৈ ধৰিলো । এতিয়া মই এই কামকে ভালপাওঁ । চাহৰ দোকানখনৰ বাবেই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ইমানবোৰ মানুহ লগ পাইছো ৷ বিদেশী যুৱতী আৰু মহিলাসকল মোৰ বন্ধু হৈ পৰিছে ৷’’ পূজাই কয় ।

Pooja Kumaris Tea Shop
নিজৰ বিপণিত পূজা (ETV Bharat)

পূজাৰ আত্মনিৰ্ভৰশীলতা আৰু শিক্ষাৰ প্ৰতি থকা প্ৰেমে তেওঁক চাহ বিক্ৰেতাতকৈও অনন্য কৰি তুলিছিল । ঐতিহাসিক চহৰখন ভ্ৰমণ কৰা বহু বিদেশীৰ বাবে পূজা আজি বহুভাষী, ভাষাবিদ আৰু বন্ধু ।

সংগ্ৰামৰ পৰা সফলতালৈ

পূজাৰ সফলতাৰ পথ আৰু চাহৰ দোকানৰ মালিক হোৱাৰ এই যাত্ৰা সহজ নাছিল । নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই শ্ৰমিক উপেন্দ্ৰ কুমাৰৰ সৈতে বিবাহপাশত হয় ৷ স্বামীৰ দৈনিক মজুৰিৰ পৰা হোৱা সামান্য উপাৰ্জনৰ পিছতো পূজাই আৰ্থিক প্ৰত্যাহ্বানৰ মাজতে পঢ়া-শুনা আৰু স্বচ্ছল জীৱনৰ সপোন দেখাটো কেতিয়াও বন্ধ নকৰিলে ।

Pooja Kumaris Tea Shop
পূজাৰ বিপণিৰ চাহে লাভ কৰিছে জনপ্ৰিয়তা (ETV Bharat)

২০২৩ চনত পৰিয়ালটোৱে বৃহৎ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল ৷ তেতিয়াই তেওঁ স্বামীক সকাহ দিবলৈ জীৱিকাৰ বাবে বুদ্ধগয়ালৈ যোৱাৰ সিদ্ধান্ত লৈছিল । তাত তেওঁ এখন চাহৰ বিপণি খোলে, যাৰ দ্বাৰা পৰিয়ালটোৱে আৰ্থিকভাৱে সহায় লাভ কৰিবলৈ ধৰিলে ৷ সমান্তৰালকৈ শিক্ষাগ্ৰহণ কৰি যোৱাৰ লগে লগে ই তেওঁৰ শৈক্ষিক কেৰিয়াৰৰ এক টাৰ্ণিং পইণ্ট হিচাপে প্ৰমাণিত হয় ৷ শৈক্ষিক সফলতাৰ পিছতো পূজাই চাহৰ দোকানখন চলাবলৈ আক্ষেপ কৰা নাই ।

Pooja Kumaris Tea Shop
পূজাৰ চাহৰ বিপণিত এদল বিদেশী বন্ধু (ETV Bharat)

‘‘মই পি এইচ ডি ডিগ্ৰী লাভ কৰি অধ্যাপক হ’ব বিচাৰো, কিন্তু পৰিয়ালৰ দায়িত্ব গুৰুত্বপূৰ্ণ । এতিয়া মোৰ কামক লৈ গৌৰৱ অনুভৱ কৰিছো ৷ কেৱল টকাৰ কথা নহয়, মই লগ পোৱা মানুহবোৰৰ লগতে বিভিন্ন ভাষা শিকাৰো সুযোগ পাইছো ৷’’ তেওঁ কয় ।

একাধিক ভাষাত দখল

কেতিয়াও শিকিবলৈ বন্ধ নকৰাৰ বাবে বুদ্ধগয়াৰ দৰ্শনাৰ্থীৰ মাজত কেইবাটাও ভাষাৰ পণ্ডিত হিচাপে পৰিচিত পূজা ৷ দৈনিক বিদেশী লোকক লগ পোৱাৰ লগে লগে ভাষাৰ প্ৰতিও তেওঁৰ প্ৰেম বাঢ়ি আহিছে ।

স্বামীয়েও তেওঁৰ পঢ়া-শুনা আগবঢ়াই নিবলৈ উৎসাহিত কৰিছিল । মেট্ৰিক, ইণ্টাৰমিডিয়েট আৰু স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত মগধ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী (এম এ) লাভ কৰে এইগৰাকী মহিলাই ।

“মই ইংৰাজী, জাপানীজ, চীনা, থাই আৰু আমেৰিকান ইংৰাজীকে ধৰি বহু ভাষা শিকিছো । ময়ো ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভাষা বুজো ৷’’ পূজাই গৌৰৱেৰে প্ৰকাশ কৰে ৷

Chaiwali With PhD Dream
বিদেশী বন্ধুৰ সৈতে পূজা (ETV Bharat)

বহু ভাষাত সাৱলীলভাৱে কথা ক’ব পৰাৰ ক্ষমতাই পূজাৰ চাহৰ বিপণিখনক পৃথক কৰি তুলিছে আৰু তেওঁ আটাইতকৈ মূল্যৱান সম্পদ হিচাপে প্ৰমাণিত হৈছে ৷ কাৰণ বিদেশী লোকসকলক আনৰ সৈতে যোগাযোগ কৰাত সহায় কৰে পূজাই ।

‘‘মই মোৰ ভাষাৰ দক্ষতা ব্যৱহাৰ কৰি এনে এক স্থান সৃষ্টি কৰিলো, য’ত সমগ্ৰ বিশ্বৰ লোকসকলে ঘৰত থকাৰ দৰে অনুভৱ কৰিব পাৰে । সেইবাবেই মোৰ দোকানখন সদায় বিদেশীৰে ব্যস্ত হৈ থাকে ৷’’ পূজাই লগতে কয় ।

বিদেশী অতিথিৰ বাবে এজন বন্ধু

পূজাই বহু বিদেশী বন্ধুও পাইছে যিয়ে তেওঁৰ চাহৰ দোকানলৈ অহাৰ লগতে নিজৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোককো লৈ আহে । হিন্দী আৰু ইংৰাজী ভাষাত যোগাযোগত অসুবিধাৰ সন্মুখীন হোৱাসকলৰ বাবে পূজা দোভাষী হৈ পৰে ।

জাপানৰ পৰা অহা তেওঁৰ নিয়মীয়া গ্ৰাহক একি ইয়ামাদা পূজাৰ ঘনিষ্ঠ হৈ পৰিছে আৰু এই বন্ধনে ভাষাক অতিক্ৰম কৰিছে । তেওঁলোকৰ কথা-বতৰাবোৰো প্ৰতিবাৰৰ ভ্ৰমণতে মৰম, হাঁহি আৰু আলিংগনেৰে ভৰি থাকে ।

“মই ইয়ালৈ প্ৰায়ে আহিছো কাৰণ পূজাই জাপানীজ কয় আৰু তেওঁৰ বিপণিত পোৱা চাহৰ সোৱাদ অবিশ্বাস্য ৷ পূজাৰ চাহে ঘৰৰ অনুভৱ আনে । আমি জাপানীজ ভাষাত কথা পাতো আৰু মই ইয়াত চাহ খাই জিৰণি ল’ব পাৰো ৷" সৰু কাপ এটাত চুমুক দি একিয়ে কয় ।

শিক্ষণৰ সুযোগ

পূজাৰ দক্ষতাই ওচৰৰ দোকানীসকলকো উপকৃত কৰিছে ৷ কাৰণ তেওঁলোকে বিদেশী গ্ৰাহকৰ সৈতে মোকাবিলা কৰিবলৈ পূজাৰ সহায় বিচাৰি আহে ৷ ‘‘মই তেওঁলোকক ইংৰাজী আৰু অন্যান্য ভাষা শিকাওঁ, যাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীৰ সৈতেও সংযোগ স্থাপন কৰিব পাৰে । সমাজখনক ওভতাই দিয়াৰ এয়া এটা সৰু উপায় ৷’’ তেওঁ কয় ।

তেওঁ নিজৰ সন্তানৰ ভাষাৰ দক্ষতাও বৃদ্ধি কৰিছে যাতে সিহঁতে কেইবাটাও ভাষাৰ জ্ঞানেৰে উপকৃত হ’ব পাৰে ৷ ‘‘মই বিচাৰো যে তেওঁলোকেও মোৰ দক্ষতাক অতিক্ৰম কৰি যিমান পাৰে সিমান ভাষা শিকিব ৷’’ পূজাই কয় ।

এক ক্ৰমবৰ্ধমান ব্যৱসায়

পূজাৰ চাহৰ দোকানখনো ইয়াৰ অসামান্য দিশৰ বাবে জনপ্ৰিয় । তেওঁ ১০ আৰু ২০ টকাত চাহ বিক্ৰী কৰে, ২০ টকীয়া কাপটো বহিঃৰাজ্যৰ পৰা অহা দৰ্শনাৰ্থীৰ প্ৰিয় । চৌপাশ যিয়েই নহওক কিয়, কেৱল চাহ বিক্ৰীৰ পৰাই মাহে ১০ হাজাৰতকৈ অধিক টকা উপাৰ্জন কৰে পূজাই ৷ চাহৰ বাহিৰেও তেওঁ জলপান বিক্ৰী কৰে, যাৰ ফলত অধিক লাভান্বিত হৈছে ৷

“যদিও মই এখন সৰু চাহৰ দোকান চলাইছো, যিটো মৌলিকভাৱে এটা ব্যৱসায়, মোৰ বাবে ই ইয়াতকৈ বহু বেছি । ই এনে এখন ঠাই, য’ত মানুহ একত্ৰিত হয়, শিকে আৰু ধাৰণাবোৰৰ বিনিময় কৰে । মই আনন্দিত যে মই যি কাম কৰি আছো সেয়া কৰি যাব পাৰিম ৷’’ পূজাই কয় ।

লগতে পঢ়ক: চামুচৰ পৰা বেজীলৈকে, কটাৰীৰ পৰা কলমলৈকে... পেটৰ পৰা নোলাল কি ! - EQUIPMENT IN STOMACH