ৰামোজি ফিল্ম চিটী : পদ্ম বিভূষণ বঁটাৰে সন্মানিত ৰামোজী ৰাওৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী । বিগত বছৰৰ ৮ জুনৰ দিনাই সকলোকে কন্দুৱাই এই ইহসংসাৰৰ পৰা বিদায় লৈছিল ভাৰতীয় সংবাদ জগতৰ স্বপ্নদ্ৰষ্টা চেৰুকুৰী ৰামোজী ৰাৱে ।
সকলোৰে বাবে ভৱিষ্যৎ গঢ়া স্বপ্নদৰ্শী ৰামোজী ৰাওৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে ৰামোজি ফিল্ম চিটীত আয়োজন কৰা হয় ৰক্তদান শিবিৰৰ । এই ৰক্তদান শিবিৰত ৰামোজি গ্ৰুপ অৱ কোম্পানীৰ প্ৰতিষ্ঠাপক প্ৰয়াত ৰামোজী ৰাওৰ স্মৃতিত কোম্পানীটোৰ কৰ্মচাৰী আৰু কৰ্মচাৰীয়ে ৰক্তদান কৰে । লগতে তেওঁক সকলোৱে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ৰেড ক্ৰছ ছ’চাইটিৰ সহযোগত ৰামোজী ফিল্ম চিটীত আয়োজন কৰা এই ৰক্তদান শিবিৰ । ইয়াৰ উদ্বোধন কৰে ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ CMD চেৰুকুৰি কিৰণ আৰু ৰামোজী ফিল্ম চিটীৰ MD চেৰুকুৰি বিজয়েশ্বৰীয়ে ।
এই শিবিৰতে চিকিৎসকসকলে ৰক্তদান কৰা কৰ্মচাৰীসকলক স্বাস্থ্যৰ সতৰ্কতা সম্পৰ্কে বুজাই দিয়ে । এই কাৰ্যসূচীৰ তত্বাৱধানত ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ মানৱ সম্পদ বিভাগৰ (HR) মুৰব্বী ড০ গোপাল ৰাৱে ।
লগতে পঢ়ক : ৰামোজী ফিল্ম চিটী: য'ত সপোন বাস্তৱত পৰিণত হয় - RAMOJI RAO PASSES AWAY IN HYDERABAD লগতে পঢ়ক : মাৰ্গদৰ্শী : উন্নত ভৱিষ্যৎ সন্ধানীৰ বাবে আশাৰ কিৰণ ৰামোজী ৰাও - Ramoji Rao passes away |
উল্লেখ্য যে, সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ জগতৰ মহান ব্যক্তিত্বৰ অধিকাৰী তথা পদ্ম বিভূষণ বঁটাৰে সন্মানীত চেৰুকুৰি ৰামোজী ৰাওৱে যোৱা বছৰৰ ৮ জুনত ৮৭ বছৰ বয়সত হায়দৰাবাদৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল ।
ৰামোজি ফিল্ম চিটী (RCF)ৰ প্ৰতিষ্ঠাপক চেৰুকুৰি ৰামোজী ৰাওৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১৬ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাৰ পেদাপাৰুপুডী গাঁৱত । কেৱল এয়াই নহয়, বিশ্বৰ অন্যতম বৃহৎ বাতৰি কাকত ইনাডুৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাৱে ১৯৯৬ চনত বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰখন নিৰ্মাণ কৰিছিল ।
ৰামোজী ৰাৱে ইটিভি চেনেল আৰু তাৰ পিছত ইটিভি ভাৰত স্থাপন কৰি বহু ভাষাৰ মানুহৰ মাজলৈ বাতৰি কঢ়িয়াই লৈ গৈছিল । তেওঁ আছিল এজন দূৰদৰ্শী । সমাজ সেৱা তেওঁৰ জীৱনৰ মূল উদ্দেশ্য আছিল ।
ৰামোজি ফিল্ম চিটীত আয়োজিত তেওঁৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানত সকলোৱ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে উপস্থিত সকলোৱে তেওঁৰ কৰ্মৰাজিক স্মৰণ কৰি আৱেগিক হৈ পৰে ।