ETV Bharat / bharat

জুয়ে পোৰা মণিপুৰত বিজেপি দল ত্যাগ ৮ নেতা-সদস্যৰ

মণিপুৰৰ জিৰিবাম জিলাত সোমবাৰে বিজেপিৰ মুঠ ৮ জন নেতা-সদস্যই দল ত্যাগ কৰিছে ।

MANIPUR UNREST
সংঘাতত জৰ্জৰিত মণিপুৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : November 18, 2024 at 5:49 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাৰ পাছত তৎপৰ হৈ পৰিছে নতুন দিল্লী ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে এক জৰুৰী বৈঠক সোমবাৰে অনুষ্ঠিত হয় । উক্ত বৈঠকত মণিপুৰলৈ চি এ পি এফৰ 50 টা অতিৰিক্ত কোম্পানী প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে ৷ তাৰ মাজতে দিব খুজিছো মণিপুৰৰ ৰাজনীতিৰ এক খবৰ ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেচনেল পিপ'লছ পাৰ্টী চমুকৈ এন পি পি দলে মণিপুৰত বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতে শাসকীয় বিজেপি দলৰ নেতা-সদস্যয়ো সামূহিক পদত্যাগ কৰা দেখা গৈছে । মণিপুৰৰ জিৰিবাম জিলাত সোমবাৰে মুঠ ৮ জন মণ্ডলৰ সদস্যই বিজেপি দলৰ পৰা পদত্যাগ কৰিছে ।

Manipur Unrest
বিজেপি দল ত্যাগ ৮ গৰাকী নেতা-সদস্যৰ (ETV Bharat Assam)

দেওবাৰে সন্ধিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এন পি পি দলৰ ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই মণিপুৰৰ চৰকাৰৰ পৰা নিজৰ দলৰ সমৰ্থন প্ৰত্যাহাৰ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডালৈ পত্ৰ প্ৰেৰণ কৰে ৷ ইয়াৰ পাছতে মণিপুৰত এন বীৰেন সিং চৰকাৰৰ ৭ গৰাকী বিধায়ক হ্রাস পায় । আনহাতে মণিপুৰত বিজেপি দলৰ কেবাখনো গুৰুত্বপূৰ্ণ বৈঠক আজি পুৱাৰ পৰা অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে জিৰিবামত যোৱা ১১ নৱেম্বৰ সোমবাৰে চি আৰ পি এফৰ গুলীত নিহত হৈছিল ১০ জন কুকি জনগোষ্ঠীৰ যুৱক ৷ মণিপুৰ চৰকাৰে দাবী কৰিছিল যে নিহত এই ১০ যুৱক সন্দেহজনক কুকি উগ্ৰপন্থী গোটৰ সদস্য ৷ ইফালে, আটাইকেইজনৰ মৰণোত্তৰ পৰীক্ষা অসমৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত সম্পন্ন হয় ৷

লগতে পঢ়ক: মণিপুৰলৈ আহি আছে চি এ পি এফৰ ৫০ টা অতিৰিক্ত কোম্পানী: কেন্দ্ৰই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শনিবাৰে এই ১০জন যুৱকৰ মৃতদেহ জিৰিবামলৈ লৈ যোৱাৰ বাবে প্ৰস্তুত হৈছিল মণিপুৰ চৰকাৰ ৷ মাছিমপুৰৰ পৰা হেলিকপ্টাৰেৰে মৃতদেহকেইটা জিৰিবামলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মণিপুৰ চৰকাৰে ৷ সেই সময়তেই একাংশ লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয় যদিও পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

এই ঘটনাৰ পাছত মণিপুৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় । উত্তেজিত জনতাই মণিপুৰৰ বিধায়কৰ গৃহত আক্ৰমণ চলায় ৷ বৰ্তমানলৈকে মুঠ ১৪ জন বিধায়কৰ বাসগৃহত স্থানীয় ৰাইজে আক্ৰমণ কৰে ৷ আজি জিৰিবামত এজন বিধায়কৰ বাসগৃহত উত্তেজিত লোকে আক্ৰমণ চলায় । একে সময়তে জিৰিবামত পুনৰ গুলীছালনা সংঘটিত হয় । জিৰিবাম অঞ্চলত বিজেপি, কংগ্ৰেছ সকলো ৰাজনৈতিক দলৰ কাৰ্যালয় ক্ষুব্ধ ৰাইজে জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে ।

আনহাতে মণিপুৰৰ শেহতীয়া তিনিটা ঘটনাৰ গোচৰ NIA লৈ হস্তান্তৰ কৰা হৈছে বুলি এক চৰকাৰী সূত্ৰত জানিব পৰা গৈছে । নতুন দিল্লীত কংগ্ৰেছৰ জেষ্ঠ নেতা জয়ৰাম ৰমেশৰ নেতৃত্বত মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে এক সংবাদ মেল অনুষ্ঠিত কৰি মণিপুৰ চৰকাৰ সম্পূৰ্ণ ৰূপে বিফল হোৱা বুলি দাবী কৰে । তেওঁ কয় যে বৰ্তমান মণিপুৰত প্ৰশাসন যন্ত্ৰ সম্পূৰ্ণ বিকল হৈ পৰিছে আৰু বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ব্যৰ্থতা পৰিস্ফুট হৈছে ।

লগতে পঢ়ক: বিজেপি শাসিত মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ