ETV Bharat / bharat

লণ্ডন নাপালেগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী, কালে টানি নিলে

অভিশপ্ত ড্ৰীমলাইনাৰে প্ৰাণ ল'লে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো । ৰাজনৈতিক মহলত শোকৰ ছাঁ ।

BJP leaders mourn death of former Gujarat CM Vijay Rupani
বিজয় ৰূপানীৰ মৃত্যুত শোক প্ৰকাশ (ANI)
author img

By ANI

Published : June 13, 2025 at 10:25 AM IST

4 Min Read
Choose ETV Bharat

আহমেদাবাদ: আহমেদাবাদৰ মেঘানীনগৰ আই জি কমপ্লেক্সত সংঘটিত হোৱা হৃদয়বিদাৰক বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে । এই বিমান দুৰ্ঘটনাতে প্ৰাণ হেৰুৱালে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে । ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ আৰু ১ জন কানাডাৰ নাগৰিকৰ সৈতে লণ্ডনলৈ উৰা মৰা বিমানখনৰ যাত্ৰী আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।

২০১৬ ৰ পৰা ২০২১ লৈ দুবাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল বিজয় ৰূপানী । বৰ্তমান ৰূপানী পঞ্জাব বিজেপিৰ প্ৰভাৰী হিচাপে নিযুক্ত হৈ আছিল । ৰূপানীয়ে পশ্চিম ৰাজকোট সমষ্টিৰ পৰা গুজৰাট বিধানসভাৰ সদস্য হৈছিল । এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে সংঘটিত হোৱা হৃদয়বিদাৰক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। কালৰূপী বিমানখনত লণ্ডনলৈ বুলি যাত্ৰা কৰা বিজয় ৰূপানীয়ে ৬৮ বছৰ ১০ মাহ ১০ দিন বয়সত ইহসংসাৰ ত্যাগ কৰে ।

বিজয় ৰূপানীৰ এই শোকাবহ মৃত্যুত শোকত ভাগি পৰিছে সকলো । দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে বৃহস্পতিবাৰে আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে । সামাজিক মাধ্যম X যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিজয় ৰূপানী সদায় জনকল্যানৰ বাবে উচৰ্গিত আছিল ।

X ত ৰাষ্ট্ৰপতি মুৰ্মুয়ে লিখে, "আহমেদাবাদৰ বিমান দুৰ্ঘটনাত যি প্ৰাণহানি সেয়া অত্যন্ত ভয়ানক । মই শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ । এই হৃদয়বিদাৰক ঘটনাত দেশে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীক হেৰুৱালে । ৰূপানী সদায় জনতাৰ কল্যানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । মই তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ হৃদয়ৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ ।"

ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতায়ো বিজয় ৰূপানীৰ অকাল বিয়োগত শোক প্ৰকাশ কৰিছে । সামাজিক মাধ্যম X ত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিজয় ৰূপানী এগৰাকী তৃণমূল নেতা আছিল । যিগৰাকীয়ে তেওঁৰ ৰাজ্যৰ বিকাশ আৰু কল্যানৰ বাবে নিজৰ জীৱন সমৰ্পন কৰিছিল ।

BJP leaders mourn death of former Gujarat CM Vijay Rupani
প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী (ANI)

ৰাজনাথ সিঙে প'ষ্টটোত কয়, "আহমেদাবাদৰ দুৰ্ভাগ্যজন বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যুত শোকস্তব্ধ হৈছোঁ । নিজৰ ৰাজ্যখন বিকাশ আৰু কল্যাণৰ বাবে নিজক সমৰ্পিত কৰা ৰূপানীক এগৰাকী তৃণমূল নেতা হিচাপে সকলোৱে মনত ৰাখিব । তেওঁৰ শোকস্তব্ধ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ঔম শান্তিঃ ।"

বিমান দুৰ্ঘটনাস্থলীত উপস্থিত হৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপ্পুয়ে কয়,"আমি এক নিৰপেক্ষ তদন্ত কৰিবলৈ আগবাঢ়িছোঁ আৰু এই ঘটনা কিয় ঘটিল তাৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা কৰিম । ভাজপা নেতা বিজয় ৰূপানীও এই বিমানৰে যাত্ৰী আছিল বুলি গম পাই শোকস্তব্ধ হৈছোঁ । মোক এই শোকাবহ আৰু ভয়ানক ঘটনাই জোকাৰি গৈছে । মই বৰ্তমানো আশ্চৰ্যজনক পৰিস্থিতিত আছোঁ ।"

ভাজপাৰ সাংসদ সম্বিত পাত্ৰই বিজয় ৰূপানীৰ মৃত্যু 'হৃদয় ফাটি যোৱা বেদনা' বুলি উল্লেখ কৰি তেওঁৰ এই মৃত্যু সমগ্ৰ ভাৰতীয় ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় । পাত্ৰই সামাজিক মাধ্যম X ত লিখে, "গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ভাজপা পৰিয়ালৰ বলিষ্ঠ সদস্য বিজয় ৰূপানীৰ মৃত্যুৰ খবৰ অত্যন্ত পীড়াদায়ক আৰু হৃদয়বিদাৰক । তেওঁৰ মৃত্যু কেৱল গুজৰাটৰ বাবেই নহয়, ভাৰতীয় ৰাজনীতিৰ বাবেও অপূৰণীয় ক্ষতি । বিদেহ আত্মাক জগন্নাথ মহাপ্ৰভূৱে তেওঁৰ কমল চৰণত স্থান দিয়ক আৰু এই কঠিন সময়ত তেওঁৰ শোক-সন্তপ্ত পৰিয়ালৰ লোক তথা সমৰ্থকসকলক ধৈৰ্য আৰু শক্তি প্ৰদান কৰক । ঔম শান্তিঃ ।"

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে বিজয় ৰূপানীৰ মৃত্য ভাৰতীয় ৰাজনীৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি সামাজিক মাধ্যম X ত লিখে,"গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ভাজপাৰ বলিষ্ঠ নেতা বিজয় ৰূপানীৰ আহমেদাবাদৰ দুৰ্ভাগ্যজন বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ অত্যন্ত দুখজনক আৰু আশ্চৰ্যজনক । এয়া কেৱল গুজৰাটৰ বাবেই নহয় ভাৰতীয় ৰাজনীতিৰ বাবেও এক অপূৰণীয় ক্ষতি ।"

ইয়াৰোপৰি লুধিয়ানা ভাজপা, দিল্লীৰ মন্ত্ৰী মজিন্দৰ শীৰ্শা, ভাজপা নেতা কেপ্টেইন অমৰেন্দ্ৰ সিঙকে আদি কৰি বহুজনে বিজয় ৰূপানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক: পাইলটৰ মে'ডে কল মানে কি জানেনে ? কোনে সৃষ্টি কৰিছিল এই আপাতকালীন বাৰ্তা ? - MAYDAY

অভিশপ্ত ড্ৰীমলাইনাৰ: কালৰূপী বিমানখনৰ কেবিন ক্ৰুত আছিল মণিপুৰৰ এয়াৰ হোষ্টেজ - AHMEDABAD CRASH