ETV Bharat / bharat

১৯-২০ ফেব্ৰুৱাৰীত দিল্লীৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা

বিশুদ্ধ পানী আৰু উন্নত নাগৰিক আন্তঃগাঁথনিৰ প্ৰতিশ্ৰুতিৰে দিল্লীত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ১৯ বা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

Delhi Govt oath taking
প্ৰতিনিধিত্বমূলক ছবি (Getty Image)
author img

By ETV Bharat Assamese Team

Published : February 15, 2025 at 9:38 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : ২৭ বছৰৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যত শাসন ক্ষমতালৈ উভতি আহিছে বিজেপি । সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত গেৰুৱা দলটোৱে মুঠ ৭০ খন আসনৰ ভিতৰত ৪৮ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে । নিৰ্বাচনৰ এই ফলাফল কেৱল দিল্লীত এক গেৰুৱা দলৰ শক্তি বৃদ্ধিয়ে নহয়, এক দশকৰো অধিক সময় ধৰি দিল্লী শাসন কৰি অহা আম আদমি পাৰ্টীক এক প্ৰকাৰ উৎখাত কৰে । বিগত নিৰ্বাচনত আপে মাত্ৰ ২২ খন আসনতহে জয়ী হ'বলৈ সক্ষম হয় । আহাতে, শতিকা পুৰণি দল কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল ।

অৱশ্যে নিৰ্বাচনী ফলাফল ওলাবলৈ এসপ্তাহ উকলিবৰ হ'ল যদিও এতিয়ালৈকে দিল্লীত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বা মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ে দলৰ ফালৰ পৰা একো প্ৰকাশ কৰা হোৱা নাই । কিন্তু এক সূত্ৰৰ পৰা জানিব পৰা মতে, দিল্লীত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ১৯ বা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইফালে বিজেপি নেতাসকলৰ মতে, এইবাৰ নতুন চৰকাৰে দিল্লীত বিশুদ্ধ খোৱাপানী যোগান আৰু উন্নত নাগৰিক আন্তঃগাঁথনিক অন্যান্য বিষয়ৰ লগত অগ্ৰাধিকাৰ প্ৰদান কৰিব ।

"প্ৰধানমন্ত্ৰী তেওঁৰ বিদেশ ভ্ৰমণৰ পৰা উভতি আহিছে আৰু শীঘ্ৰেই বিজেপি বিধায়িনী দলৰ এখন বৈঠকৰ বাবে পৰ্যবেক্ষক নিযুক্ত কৰা হ'ব ।" এই সন্দৰ্ভত নৱনিৰ্বাচিত বিজেপি বিধায়ক তথা দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক মনজিন্দৰ সিং ছিৰছাৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰিছে ।

আনহাতে, মুখ্যমন্ত্ৰী বা মন্ত্ৰীপদৰ দাবীদাৰ হিচাপে বিবেচিত ৰাজৌৰী গাৰ্ডেনৰ বিধায়কগৰাকীয়ে লগতে কয়, "নতুন চৰকাৰে ১৯-২০ ফেব্ৰুৱাৰীৰ ওচৰে-পাজৰে কাম আৰম্ভ কৰিব ।" বিজেপি বিধায়িনী দলৰ বৈঠক ১৮-১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পাৰে বুলি আশা ব্যক্ত কৰি ছিৰছাই লগতে কয়, "মই ভাবোঁ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নতুন চৰকাৰ গঠন কৰা হ'ব ।"

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত কেইবাজনো নৱনিৰ্বাচিত বিজেপি বিধায়ক থকা বুলি ওলোৱা কথাটোক হাঁহিৰে উৰুৱাই দি আন এগৰাকী বিধায়কে কয় যে এনে আলোচনা কেৱল সংবাদ মাধ্যমৰহে অনুমান । "দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ বাবে কোনো দৌৰ নাই । আমাৰ দলত মুখ্যমন্ত্ৰী বা বিধায়িনী দলৰ নেতা বিধায়কসকলৰ এখন বৈঠকত নিৰ্বাচিত হয় ।" লক্ষ্মীনগৰ সমষ্টিৰ দ্বিতীয়বাৰৰ বিধায়ক অভয় বাৰ্মাই কয় ।

উল্লেখ্য যে পৰৱেশ বাৰ্মাক দিল্লী চৰকাৰৰ শীৰ্ষ পদৰ বাবে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে আলোচনা চলি আছে । এই প্ৰসংগত তেওঁ কয়, "আমি জনসাধাৰণৰ সেৱা কৰিবলৈ আহিছোঁ আৰু এতিয়া উন্নয়ন, বিশুদ্ধ পানী যোগান আৰু জনসাধাৰণৰ বাবে বিশুদ্ধ বায়ুৰ দৰে সমস্যা সমাধানৰ লগতে যমুনাক প্ৰদূষণৰ পৰা কেনেদৰে মুক্ত কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰিছোঁ ।"

আনহাতে, বিজেপি বিধায়কসকলে দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিশ্ৰুতি অনুসৰি নতুন কেবিনেটৰ প্ৰথমখন বৈঠকতে আপ চৰকাৰে বাধা প্ৰদান কৰা আয়ুষ্মান ভাৰত স্বাস্থ্য আঁচনি দিল্লীত ৰূপায়ণ কৰা হ'ব । প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে নতুন কেবিনেটৰ প্ৰথম বৈঠকতে আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা আঁচনি ৰূপায়ণ কৰা হ'ব ।

ছিৰছাই লগতে কয় যে বিশুদ্ধ খোৱাপানী প্ৰদান কৰা, চহৰখনত অনাময় ব্যৱস্থা নিশ্চিত কৰা আৰু বায়ু আৰু যমুনা প্ৰদূষণৰ মোকাবিলা কৰাৰ বাবে কাম আৰম্ভ কৰাটো নতুন চৰকাৰৰ প্ৰথম ১০০ দিনৰ কৰ্ম পৰিকল্পনাৰ প্ৰাথমিকতা হ'ব । আনহাতে, ষষ্ঠবাৰৰ বিধায়ক মোহন সিং বিষ্টে কয় যে দিল্লীৰ নতুন মুখ্যমন্ত্ৰীক বিজেপিৰ ৪৮ জন বিধায়কৰ পৰা নিৰ্বাচিত কৰা হ'ব ।

মুস্তাফাবাদৰ বিধায়কজনে সংখ্যালঘুৰ আধিপত্য থকা সমষ্টিটোৰ নাম 'শিৱ বিহাৰ' বা 'শিৱ পুৰী'লৈ সলনি কৰাৰ প্ৰস্তাৱটোও পুনৰ দোহাৰে । "এটা সম্প্ৰদায়ৰ (সংখ্যালঘু) প্ৰায় ৪২ শতাংশ লোক আছে আৰু আনহাতে ৫৮ শতাংশ লোক (হিন্দু)... সেয়েহে, জনসাধাৰণৰ আৱেগক সন্মান জনাব লাগিব ।" বিজেপিৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে কয় ।

তেওঁ লগতে কয় যে বিজেপি চৰকাৰে নদীলৈ বৈ যোৱা ২৮ টা মুখ্য নলাত নৰ্দমা শোধন প্ৰকল্প (এছ টি পি) স্থাপন কৰি যমুনাৰ প্ৰদূষণ আঁতৰোৱাটো নিশ্চিত কৰিব ।

লগতে পঢ়ক :মণিপুৰত ১৭৪ অনুচ্ছেদ উলংঘাৰে সংবিধান অৱমাননা কৰা হৈছে : কংগ্ৰেছ - MANIPUR POLITICAL CRISIS
লগতে পঢ়ক :ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব, সহযোগিতাই উন্নত বিশ্ব গঢ়িব পাৰিব:মোদী - INDIA US BILATERAL TRADE