ETV Bharat / bharat

বিজেপিৰ ৯০ জনীয়া দ্বিতীয় তালিকা চূড়ান্ত; ঘোষণা হ'ব শীঘ্ৰে

BJP 2nd List for LS Poll : সূত্ৰ অনুসৰি, প্ৰাৰ্থীৰ তালিকাৰ ওপৰত সিদ্ধান্ত লোৱাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ দ্বিতীয়খন বৈঠকত মুখ্যত মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, বিহাৰ, হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ লোকসভা আসনৰ ওপৰত গুৰুত্ব দিয়া হয় । আনহাতে, বিহাৰ, তামিলনাডু আৰু ওড়িশাত বিজেপি আৰু মিত্ৰশক্তিৰ মাজত মিত্ৰজোঁটৰ আলোচনা চলি আছে ।

বিজেপিৰ ৯০ জনীয়া দ্বিতীয় তালিকা চূড়ান্ত
বিজেপিৰ ৯০ জনীয়া দ্বিতীয় তালিকা চূড়ান্ত
author img

By ETV Bharat Assamese Team

Published : March 12, 2024 at 9:03 AM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ১২ মাৰ্চ : বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বা চিএএৰ বাবে কেন্দ্ৰই জাননী জাৰি কৰাৰ দিনাই বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে সোমবাৰে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্ধাৰণ কৰিবলৈ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত নিৰ্বাচনী পেনেলে নিৰ্বাচনৰ বাবে সম্ভাৱ্য প্ৰাৰ্থীৰ নাম সন্দৰ্ভত আলোচনা কৰে । ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ (চিইচি) দ্বিতীয়খন বৈঠক সোমবাৰে নিশা ৰাষ্ট্ৰীয় ৰাজধানীত সমাপ্ত হয় । তাত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰায় ৯০ জন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে । সংবাদ সংস্থা এএনআয়ে এক সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে ।

দলৰ সূত্ৰ অনুসৰি, দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত সাতখন ৰাজ্যৰ প্ৰায় ৯০ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয় । এই সন্দৰ্ভত দলটোৱে শীঘ্ৰেই এক আনুষ্ঠানিক ঘোষণাৰ আশা কৰিছে ।

বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে অন্যান্যসকলে অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, প্ৰহ্লাদ যোশী, নিত্যানন্দ ৰায়, দলৰ সাংসদ সুশীল মোদী, চি আৰ পাটিল, তেলেংগানাৰ সভাপতি কিষাণ ৰেড্ডী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, উপ মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল বৈঠকত উপস্থিত থকা বিশিষ্ট নেতাসকলৰ ভিতৰত অন্যতম ।

সূত্ৰ অনুসৰি, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, বিহাৰ, হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ লোকসভা আসন সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় । অৱশ্যে বিহাৰ, তামিলনাডু আৰু ওড়িশাত মিত্ৰজোঁটৰ আলোচনা চলি থকা বাবে এই ৰাজ্যসমূহৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাত পলম হ'ব পাৰে । সূত্ৰটোৱে কয় ।

আনহাতে, গুজৰাটৰ বাকী থকা ১১ খন আসনৰ বাবে আলোচনা অনুষ্ঠিত হৈছে আৰু সাতখন আসনৰ নাম চূড়ান্ত কৰা হৈছে বুলিও সূত্ৰত প্ৰকাশ । মধ্যপ্ৰদেশৰ বাকী পাঁচখন আসনৰ বাবে আলোচনা হৈছে আৰু চাৰিখন আসনত সহমতত উপনীত হৈছে । মহাৰাষ্ট্ৰৰ ২৫ খন আসন, তেলেংগানাৰ আঠখন আসন আৰু কৰ্ণাটকৰ ২৮ খন আসনৰ আটাইকেইখনৰে প্ৰাৰ্থীৰ নাম সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় । অৱশ্যে সূত্ৰই কয় যে জেডি(এছ)য়ে কৰ্ণাটকত তিনিখন আসন লাভ কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ উপৰি হিমাচল প্ৰদেশৰ চাৰিওখন আসনৰ বাবেও আলোচনা অনুষ্ঠিত হয় । জেডি(ইউ), লোক জনশক্তি পাৰ্টী আৰু বিহাৰৰ অন্যান্য দল, তামিলনাডুৰ এআইএডিএমকে, হাৰিয়ানাৰ জেজেপি আৰু ওড়িশাৰ বিজেডিৰ দৰে দলসমূহৰ সৈতে প্ৰস্তাৱিত মিত্ৰতাই এতিয়ালৈকে আসন ভাগ-বটোৱাৰাৰ ব্যৱস্থা চূড়ান্ত কৰা নাই ।

উল্লেখ্য যে ২ মাৰ্চত বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১৯৫ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে । ইয়াৰ শীৰ্ষত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ বাৰাণসীৰ পৰা নিম্ন সদনত তেওঁৰ তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব । এই 195 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 34 গৰাকী কেন্দ্ৰ আৰু ৰাজ্যৰ মন্ত্ৰী ।

আনহাতে, দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী তালিকাত আছে । ২০১৯ চনত বিজেপি নেতৃত্বাধীন নেচনেল ডেম'ক্ৰেটিক এলায়েন্সে (এনডিএ) মুঠ ৩০৩ খন আসন লাভ কৰিছিল । ইফালে কংগ্ৰেছ ৫২ খন আসনতে সীমাবদ্ধ থাকে । লোকসভা নিৰ্বাচন এই বছৰৰ এপ্ৰিলৰ পৰা মে' মাহৰ মাজৰ কোনো সময়ত অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :২২ মাৰ্চত জেএনইউ ছাত্ৰ সন্থাৰ নিৰ্বাচন