পাছপোৰ্টৰ বাবে জন্মৰ প্ৰমাণ-পত্ৰৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত কেন্দ্ৰৰ
চৰকাৰী সূত্ৰত প্ৰকাশ যে সংশোধনী চৰকাৰী গেজেটত প্ৰকাশ হোৱাৰ পিছত নতুন পাছপোৰ্ট নিয়মসমূহ কাৰ্যকৰী হ'ব ।

By PTI
Published : March 1, 2025 at 12:14 PM IST
নতুন দিল্লী : কেন্দ্ৰীয় চৰকাৰে পাছপোৰ্ট নিয়মত সংশোধন কৰিছে । এই সংশোধনী অনুসৰি, এতিয়াৰে পৰা এক নিৰ্দিষ্ট তাৰিখৰ পিছত জন্ম হোৱাসকলৰ পাছপোৰ্ট আবেদনৰ বাবে জন্মৰ প্ৰমাণ-পত্ৰ হিচাপে অন্য নথি গ্ৰহণ কৰা নহ'ব । কেৱল কৰ্তৃত্বশীল বিভাগে প্ৰদান কৰা জন্মৰ প্ৰমাণ-পত্ৰহে গ্ৰহণ কৰা হ'ব ।
এই সংশোধনীত ১ অক্টোবৰ, ২০২৩ তাৰিখে বা তাৰ পিছত জন্ম হোৱা পাছপোৰ্ট আবেদনকাৰীসকলৰ বাবে উপযুক্ত কৰ্তৃপক্ষই জাৰি কৰা জন্মৰ প্ৰমাণ-পত্ৰক জন্মৰ তাৰিখৰ একমাত্ৰ প্ৰমাণ হিচাপে ঘোষণা কৰিছে ।
১৯৮০ চনৰ পাছপোৰ্ট নিয়মৰ সংশোধনীক কাৰ্যকৰী কৰি এই সপ্তাহত এক চৰকাৰী জাননী জাৰি কৰা হৈছিল । আনহাতে, সংশোধনীটো চৰকাৰী গেজেটত প্ৰকাশ হোৱাৰ পিছত নতুন নিয়মবোৰ কাৰ্যকৰী হ'ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।
এই সংশোধিত নতুন নিয়মৰ অধীনত জন্ম আৰু মৃত্যু পঞ্জীয়ক, পৌৰ নিগম বা জন্ম আৰু মৃত্যু পঞ্জীয়ন অধিনিয়ম, 1969-ৰ অধীনত ক্ষমতা লাভ কৰা আন যিকোনো কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা জন্ম প্ৰমাণপত্ৰবোৰ 2023 চনৰ 1 অক্টোবৰ তাৰিখে বা তাৰ পিছত জন্ম হোৱা ব্যক্তিসকলৰ জন্মৰ তাৰিখৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ'ব ।
আনহাতে, উক্ত নিৰ্দিষ্ট তাৰিখৰ পূৰ্বে জন্মলাভ কৰা আন আবেদনকাৰীসকলে জন্মৰ তাৰিখৰ প্ৰমাণ হিচাপে বৰ্তমান চলি থকাৰ দৰে বিকল্প নথিপত্ৰ দাখিল কৰিব পাৰিব ।
তেওঁলোকে জন্মৰ তাৰিখৰ প্ৰমাণ হিচাপে ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, নিৰ্বাচনী ফটো পৰিচয়-পত্ৰ, স্কুলৰ শিক্ষা সাং কৰাৰ প্ৰমাণ-পত্ৰ, ছাৰ্ভিচ ৰেকৰ্ড (চৰকাৰী কৰ্মচাৰীৰ বাবে) বা জীৱন বীমা নিগম বা আন যিকোনো স্বীকৃত বীমাকৰ্তাই জাৰি কৰা পলিচী বণ্ড ।
এই পদক্ষেপৰ উদ্দেশ্য হৈছে জন্মৰ তাৰিখ পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াটো সুশৃংখল কৰা আৰু নতুন আবেদনকাৰীসকলৰ বাবে নথি দাখিল কৰাত একক প্ৰক্ৰিয়া নিশ্চিত কৰা ।
আনহাতে, 2023 চনৰ অক্টোবৰত পিছত জন্মলাভ কৰাসকলৰ বাবে জন্মৰ প্ৰমাণ-পত্ৰক একমাত্ৰ গ্ৰহণযোগ্য নথি হিচাপে গণ্য কৰি চৰকাৰে জন্মৰ তাৰিখত প্ৰৱঞ্চনা আৰু বিসংগতি হ্ৰাস কৰিব বিচাৰিছে । এই ব্যৱস্থাই পাছপোৰ্ট জাৰি আৰু পৰিচয় প্ৰমাণীকৰণৰ ক্ষেত্ৰত বিশ্বজনীন সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ সৈতে সংগতি প্ৰদান কৰিব ।
বিষয়াসকলে লগতে এইটোও স্পষ্ট কৰি দিছে যে এই সংশোধনীটোৱে ইতিমধ্যে বৈধ পাছপোৰ্ট থকা বা বৰ্তমান নিয়মৰ অধীনত পাছপোৰ্ট নৱীকৰণ কৰিবলগা লোকসকলক প্ৰভাৱিত নকৰে । অৱশ্যে নিৰ্ধাৰিত তাৰিখত বা তাৰ পিছত জন্ম হোৱা নতুন আবেদনকাৰীসকলে নিশ্চিত কৰিব লাগিব যে তেওঁলোকে পাছপোৰ্ট আবেদন প্ৰক্ৰিয়াৰ সময়ত কোনো জটিলতা পৰিহাৰ কৰিবলৈ কৰ্তৃত্বশীল সংস্থা এটাৰ পৰা জন্মৰ বৈধ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিব লাগিব ।
(PTI ৰ তথ্য অনুসৰি যুগুটোৱা হৈছে এই প্ৰতিবেদন)

