ETV Bharat / bharat

বিহাৰৰ মচনদ আকৌ নীতিশৰ হাতলৈ; ১৩০ গৰাকী বিধায়কৰ আস্থা ভোট নীতিশলৈ

Nitish Kumar wins floor test: আস্থা ভোটত জয়ী হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৷ খঙে-লাজে সদন এৰিলে লালু যাদৱৰ আৰ জে ডিৰ বিধায়কসকলে ৷ পঢ়ক সবিশেষ...

Bihar assembly floor test
Nitish Kumar floor test
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 4:40 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিহাৰৰ মচনদ পুনৰ দখল কৰিলে নীতিশ কুমাৰে ৷ সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধানসভাত আস্থা ভোটত জয়লাভ কৰাৰ বিপৰীতে তেজস্বী যাদৱ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দলে সদন ত্যাগ কৰে । এন ডি এ চৰকাৰে ১৩০ টা ভোট লাভ কৰি আস্থা ভোটত জয়লাভ কৰে ৷

নীতিশে আৰজেডি আৰু কংগ্ৰেছৰ পৰা, এন ডি এ ব্লকৰ সৈতে নিজকে চামিল কৰাৰ দুসপ্তাহৰ পিছতে এই আস্থা ভোট অনুষ্ঠিত হয় । ইফালে ৰাষ্ট্ৰীয় জনতা দলৰ তিনিজন বিধায়ক প্ৰহ্লাদ যাদৱ, নীলম দেৱী আৰু চেতন আনন্দও এন ডি এ ব্লকলৈ গতি কৰে ।

বিহাৰ বিধানসভাত ভাষণ দি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, "আমি সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে কাম কৰিছিলো । আগতে আৰ জে ডিয়ে কেৱল সাম্প্ৰদায়িক ৰাজনীতিহে কৰিছিল । ২০০৫ চনৰ আগতে বিহাৰত কোনো উন্নয়ন হোৱা নাছিল ।"

বিহাৰ বিধানসভাত আস্থা ভোটৰ পূৰ্বে ভাষণ দি উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদৰ পৰিয়াল “দুৰ্নীতিৰ প্ৰতীক”।

কংগ্ৰেছৰ বিধায়ক ড৹ শ্বাকীল আহমদ খানে কয়, “জিকা সত্ত্বেও তেওঁলোকৰ (বিজেপি-জেডিইউ) মূৰ লাজতে তলমুৱা হৈ আছে, তেওঁলোকৰ হাতত কোনো প্ৰশ্নৰ উত্তৰ নাই ৷ যেতিয়া প্ৰতাৰণা আৰু মতাদৰ্শ অবিহনে ৰাজনীতি কৰা হয়, তেতিয়াই এনেকুৱা হয় ।’’

"আমি বিহাৰক অপৰাধ আৰু দুৰ্নীতিমুক্ত কৰাৰ সংকল্প লৈছোঁ ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহাগঠবন্ধনক ‘জনতা ৰাজ’ চৰকাৰ বুলি অভিহিত কৰি আৰজেডিক ‘জংগল ৰাজ’ৰ ভাবমূৰ্তি উন্নত কৰাৰ সুযোগ দিছিল যদিও “ৰাজডিয়ে নিজৰ ভাবমূৰ্তি উন্নত কৰাত ব্যৰ্থ হৈছিল ।’’ এই মন্তব্য উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিজয় সিনহাৰ ।

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয়, "জেডিইউৰ বিধায়কসকললৈ মোৰ বেয়া লাগে কাৰণ তেওঁলোকে জনসাধাৰণৰ মাজলৈ গৈ উত্তৰ দিব লাগিব । কোনোবাই আপোনাক সুধিব যে নীতিশ কুমাৰে কিয় ৩ বাৰ শপত গ্ৰহণ কৰিলে, তেন্তে আপুনি কি ক'ব ? আগতে আপুনি তেওঁলোকক সমালোচনা কৰিছিল (বিজেপি) আৰু এতিয়া আপুনি তেওঁলোকক প্ৰশংসা কৰিছে, তেতিয়া আপুনি কি ক’ব ? আমি (আৰজেডি) ক’ম যে আমি চাকৰি দিছো ।"

লগতে পঢ়ক: অৱশেষত অৱধ বিহাৰী চৌধুৰীয়ে এৰিলে অধ্যক্ষৰ পদ