ETV Bharat / bharat

নাৰায়ণপুৰ-দন্তেৱাড়া সীমান্তত নক্সালবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান; ২৭ জন মাওবাদী নিহত, এজন জোৱান শ্বহীদ

ছত্তীশগড়ৰ অবুঝমাড় অঞ্চলত চলোৱা হৈছে নক্সালবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান ৷

NAXALITE ENCOUNTER IN ABUJHMAD
নক্সালৰ বিৰুদ্ধে বৃহৎ অভিযান (ETV Bharat Chhattisgarh)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 4:56 PM IST

7 Min Read
Choose ETV Bharat

নাৰায়ণপুৰ: ছত্তীশগড়ৰ নাৰায়ণপুৰ আৰু দন্তেৱাড়া সীমান্তত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত চলে ভয়ংকৰ গুলীয়াগুলী ৷ ডি আৰ জিৰ জোৱানসকলে নক্সালবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান চলাইছে । বস্তৰৰ আই জি সুন্দৰৰাজ পিয়ে জনোৱা মতে, ২৭ জন নক্সালবাদীৰ মৃতদেহ পোৱাৰ লগতে ইতিমধ্যে বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে ।

অবুঝমাড়ত নক্সালৰ বিৰুদ্ধে বৃহৎ অভিযান

যোৱা তিনিদিন ধৰি অবুঝমাড়ৰ ঘন অৰণ্যত ডি আৰ জি (ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড)ৰ জোৱান আৰু নক্সালবাদীৰ মাজত হোৱা গুলীচালনা অব্যাহত আছে ৷ নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ আৰু কোণ্ডাগাঁও জিলাৰ ডি আৰ জি ইউনিটসমূহ যুটীয়াভাৱে এই অভিযানত জড়িত হৈ আছে ।

ইতিমধ্যে মুঠ ২৬ জনতকৈ অধিক নক্সালবাদীক হত্যা কৰা হৈছে । নামবলা কেশৱ ৰাও ওৰফে বাসৱ ৰাজু নামৰ নক্সালৰ এজন দুৰ্ধৰ্ষ নেতাৰ ইতিমধ্যে মৃত্যু ঘটিছে । এই গুলীয়াগুলীৰ ঘটনাত এজন জোৱান শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে ।

নক্সাল নেতা নামবলা কেশৱ ৰাও ওৰফে বাসৱ ৰাজুৰ মৃত্য়ু

নক্সালৰ বিৰুদ্ধে চলোৱা এই এনকাউণ্টাৰত ইতিমধ্যে দুৰ্ধৰ্ষ নেতা নামবলা কেশৱ ৰাও ওৰফে বাসৱ ৰাজুৰ মৃত্যু ঘটিছে ৷ নাৰায়ণপুৰ আৰক্ষীয়ে নিশ্চিত কৰিছে এই কথা । এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল নাৰায়ণপুৰৰ অৰ্ছাৰ বটেৰ অঞ্চলত । ১৯ মে’ৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা এই গুলীয়াগুলীত শ্বহীদ হৈছে এজন জোৱান ।

নাৰায়ণপুৰ আৰু দন্তেৱাড়া আৰক্ষীয়ে কৰিছে নিশ্চিত

নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে এই গুলীয়াগুলীৰ কথা নিশ্চিত কৰি কয় যে এই অভিযান এতিয়াও চলি আছে ৷ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে জনোৱা মতে, নক্সালবাদী মাদ সংমণ্ডলৰ এজন শীৰ্ষ কেডাৰৰ তথ্যৰ ভিত্তিত ডি আৰ জি দান্তেৱাড়া, নাৰায়ণপুৰ, বিজাপুৰ আৰু কোণ্ডাগাঁৱৰ নিৰাপত্তাবাহিনীয়ে অবুঝমাড়ত অভিযান চলায় ৷

আনহাতে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইয়ে এনেদৰে কয় ‘‘তিনিদিন ধৰি চলি আছে নক্সালৰ বিৰোধী অভিযান । য’ত মূলতঃ ডি আৰ জিৰ জোৱানসকল জড়িত হৈ আছে । বৰ্তমানেও অব্যাহত আছে নক্সাল বিৰোধী অভিযান । সবিশেষ তথ্য অভিযান সম্পূৰ্ণ হোৱাৰ পিছতহে পোৱা যাব ৷ সৈনিকসকলৰ সাহসক প্ৰণাম ৷’’

অবুঝমাড়ৰ এনকাউণ্টাৰ সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাৰ প্ৰতিক্ৰিয়া

নাৰায়ণপুৰ নক্সাল এনকাউণ্টাৰ সন্দৰ্ভত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী বিজয় শৰ্মাই কয়, ‘‘জোৱানসকলে এক বৃহৎ সফলতা অৰ্জন কৰিছে । ২৬ টাতকৈও অধিক নক্সালবাদী নিহত হৈছে । ইয়াত শীৰ্ষ নক্সাল কেডাৰ নিহত হোৱাৰ সম্ভাৱনা আছে । এই এনকাউণ্টাৰ সংঘটিত হয় বিজাপুৰৰ সুকমা, নাৰায়ণপুৰৰ অবুঝমাড়ৰ ইন্দ্ৰাৱতী অঞ্চলত । ডি আৰ জিৰ জোৱানসকলে সাহস দেখুৱাইছে । এজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আন এজন আহত হৈছে ৷ অভিযান প্ৰায় শেষৰ পৰ্যায়ত উপনীত হৈছে ৷ ইয়াৰ পিছতহে জানিব পৰা যাব অভিযান সম্পৰ্কীয় সমগ্ৰ তথ্য ৷’’

নক্সালবাদীক অস্ত্ৰ-শস্ত্ৰ জমা দিবলৈ আহ্বান

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ নক্সালবাদীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, ‘‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এটাও গুলী নিক্ষেপ কৰিব নিবিচাৰে । আলোচনা কৰিব লাগে । অস্ত্ৰৰে কোনো সমাধান নাই । নক্সালবাদীয়ে মূলসূঁতিলৈ উভতিব লাগে । দেশ আৰু সমাজৰ সেৱা কৰিব লাগে ।’’

অবুঝমাড়ত চলি থকা এই এনকাউণ্টাৰক নিৰাপত্তা বাহিনীৰ কৌশলগত সুবিধা হিচাপে দেখা গৈছে । অভিযানৰ সৈতে জড়িত চৰকাৰী তথ্যৰ বাবে সকলোৱে এতিয়া অপেক্ষা কৰি আছে । পৰিস্থিতিৰ ওপৰত অহৰহ নজৰ ৰাখিছে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ইতিমধ্যে নক্সাল বিৰোধী এই অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ শ্বাহে সামাজিক মাধ্যম এক্সৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয়, ‘‘নক্সালবাদ নিৰ্মূলৰ যুদ্ধত এয়া এক উল্লেখযোগ্য কৃতিত্ব । আজি ছত্তীশগড়ৰ নাৰায়ণপুৰত এক অভিযানত আমাৰ নিৰাপত্তা বাহিনীয়ে চি পি আই-মাওবাদীৰ শীৰ্ষ নেতা, নক্সাল আন্দোলনৰ মেৰুদণ্ডস্বৰূপ নম্বলা কেশৱ ৰাও ওৰফে বাসৱ ৰাজুকে ধৰি ২৭ টা দুৰ্ধৰ্ষ মাওবাদীক হত্যা কৰিছে । নক্সালবাদৰ বিৰুদ্ধে ভাৰতৰ তিনি দশক ধৰি চলা যুদ্ধৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে শীৰ্ষ নেতাক আমাৰ বাহিনীয়ে হত্যা কৰিছে ৷ এই বৃহৎ সফলতাৰ বাবে আমাৰ সাহসী নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহৰ শলাগ লৈছো ।’’

‘‘লগতে এই খবৰ শ্বেয়াৰ কৰি আনন্দিত যে অপাৰেচন ব্লেক ফৰেষ্ট সম্পূৰ্ণ হোৱাৰ পিছত ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰত ৫৪ টা নক্সালবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৮৪ টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে । ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদ নিৰ্মূল কৰাৰ সংকল্প লৈছে মোদী চৰকাৰে’’ বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে সদৰী কৰে ৷

ছত্তীশগড়ত সংঘটিত হোৱা নক্সাল বিৰোধী অভিযান

২৯ মাৰ্চ ২০২৫: চুকমাত নক্সালবাদীৰ বিৰুদ্ধে চলোৱা এনকাউণ্টাৰত উদ্ধাৰ ১৭ টা মৃতদেহ, ঝিৰাম কাণ্ডৰ সৈতে জড়িত নক্সালবাদীও নিহত, ঘোষণা কৰা হৈছিল ২৫ লাখৰ পুৰস্কাৰ ৷

২০ মাৰ্চ ২০২৫: বিজাপুৰ আৰু কাংকেৰত দুটাকৈ নক্সাল বিৰোধী অভিযানত ৩০ টা নক্সালবাদী নিহত ।

৯ ফেব্ৰুৱাৰী ২০২৫: বিজাপুৰ জিলাত নিৰাপত্তা বাহিনীয়ে ৩১ টা মাওবাদীক হত্যা কৰে ।

২০-২১ জানুৱাৰী ২০২৫: গৰিয়াবন্দ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ১৬ টা মাওবাদী নিহত ।

১৯ জানুৱাৰী ২০২৫: নিষিদ্ধ চি পি আই (মাওবাদী) সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চলাপাঠীকে ধৰি ১৪ টা মাওবাদীক হত্যা ৷

১৬ জানুৱাৰী, ২০২৫: বিজাপুৰ জিলাত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষত ১৮ টা মাওবাদী নিহত ।

২২ নৱেম্বৰ ২০২৪: চুকমা জিলাত এনকাউণ্টাৰত ১০ টা মাওবাদী নিহত ।

৪ অক্টোবৰ ২০২৪: অবুঝমাড়ত সংঘটিত হোৱা এক এনকাউণ্টাৰত ৩৮ টা নক্সালবাদী নিহত ৷

১০ মে’ ২০২৪: বিজাপুৰ জিলাত সংঘটিত হোৱা এনকাউণ্টাৰত ১২ টা নক্সালবাদী নিহত ।

১৬ এপ্ৰিল ২০২৪: কাংকেৰ জিলাত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষত ২৯ টা নক্সালবাদী নিহত ৷

২ এপ্ৰিল ২০২৪: বিজাপুৰ জিলাত এক এনকাউণ্টাৰত ১৩ টা মাওবাদী নিহত ।

৭ ফেব্ৰুৱাৰী ২০১৯: বিজাপুৰ জিলাত এক বৃহৎ এনকাউণ্টাৰত ১০ টা মাওবাদীৰ মৃত্যু ।

৬ আগষ্ট ২০১৮: চুকমা জিলাত এক এনকাউণ্টাৰত ১৫ টা মাওবাদী নিহত ।

২ মাৰ্চ, ২০১৮: বিজাপুৰ জিলাত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ১০ টা মাওবাদীৰ মৃত্যু ।

২৭ নৱেম্বৰ, ২০১৪: চুকমা জিলাত চি আৰ পি এফৰ সৈতে হোৱা সংঘৰ্ষত ১৫ টা মাওবাদী নিহত, ২৫ জন গুৰুতৰভাৱে আহত ।

১৬ এপ্ৰিল ২০১৩: বষ্টৰৰ ঘন বনাঞ্চলত হোৱা সংঘৰ্ষত ১০ টা মাওবাদী নিহত ।

২৯ জুন, ২০১২: দান্তেৱাড়াৰ বনাঞ্চলত হোৱা সংঘৰ্ষত চি আৰ পি এফৰ এগৰাকী মহিলাকে ধৰি ২০ টা নক্সালবাদী নিহত, ৬ জন জোৱানো আহত ৷

২৩ নৱেম্বৰ ২০১০: দান্তেৱাড়া জিলাৰ জাগৰগুণ্ডা অঞ্চলৰ আশামপুৰা গাঁৱৰ সমীপত চি আৰ পি এফ, ১১১ বেটালিয়ন আৰু ৰাজ্যখনৰ আৰক্ষী জোৱানৰ সৈতে হোৱা ভয়াৱহ সংঘৰ্ষত ২০ টা নক্সালবাদী নিহত ।

১৮ ফেব্ৰুৱাৰী ২০০৮: বিজাপুৰ জিলাত দুটা পৃথক এনকাউণ্টাৰত ১৩ টা নক্সালবাদী আৰু ৬ জন চি আৰ পি এফ জোৱান নিহত ।

১০ জুলাই ২০০৭: দান্তেৱাড়া জিলাত সংঘটিত হোৱা এক এনকাউণ্টাৰত ২০ টা মাওবাদী নিহত, ৯ জন নিৰাপত্তাৰক্ষী আহত ।

লগতে পঢ়ক: নক্সালৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান: ধৰাশায়ী ৩১, বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ