ETV Bharat / bharat

ভূপালৰ পুৰাতাত্ত্বিক সংগ্ৰহালয়ত থকা প্ৰাচীন দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি

এই সুন্দৰ প্ৰতিমূৰ্তিত দেৱী দুৰ্গাৰ দ্বাদশভুজা ৰূপ দেখা গৈছে । দেৱীৰ হাতত এটা লাওখোলা আৰু ভিন্ন অস্ত্ৰ-শস্ত্ৰৰ লগতে বেদ আৰু ফুল আছে ।

Centuries Of Worship Come Alive With A Glimpse Of Maa Durga's Idols At Bhopal Museum
ভূপালৰ সংগ্ৰহালয়ত সংৰক্ষিত প্ৰাচীন দুৰ্গা মূৰ্তি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 24, 2025 at 2:39 PM IST

3 Min Read
Choose ETV Bharat

ভূপাল: দেশজুৰি নৱৰাত্ৰিক লৈ ব্যাপক উছাহ দেখা গৈছে । ঠায়ে ঠায়ে নৱ দুৰ্গাৰ আৰাধনাৰ বাবে প্ৰতিমা স্থাপন কৰা হৈছে । দেৱী দুৰ্গাৰ পূজা যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে । যাৰ প্ৰমাণ আজিও মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয়ত পোৱা যায় । য'ত আছে খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি । ১২ চেণ্টিমিটাৰ ওখ এই মূৰ্তিটো শিলত খোদিত । পুৰাতত্ত্ববিদসকলৰ মতে এই মূৰ্তিয়েই প্ৰমাণ যে প্ৰাচীন কালত মা দুৰ্গা দেৱীক পূজা কৰা হৈছিল ।

নৰ্মদাৰ পাৰত উদ্ধাৰ হৈছিল আটাইতকৈ পুৰণি প্ৰতিমূৰ্তি

ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয়ত থকা ২ ইঞ্চিৰ দুৰ্গা প্ৰতিমূৰ্তি দেখুৱাই পুৰাতত্ত্ববিদ বালকৃষ্ণ লোখাণ্ডে কৈছে, "এই প্ৰতিমূৰ্তিটো চেহোৰৰ নিনোৰৰ পৰা খনন কৰা উলিওৱা হৈছিল । পুৰাতত্ত্ব বিভাগে ১৯৯৬ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত নিনোৰত খনন কৰিছিল আৰু তাত ময়ো জড়িত আছিলো । এই প্ৰতিমূৰ্তিটো অতি সৰু । ইয়াৰ দৈৰ্ঘ্য ১২ চেণ্টিমিটাৰ আৰু ১ চেণ্টিমিটাৰ ডাঠ ।"

দেৱীৰ এই মূৰ্তি যাযাবৰী লোকে পূজাৰ বাবে লগত লৈ ফুৰিছিল বুলি বিশ্বাস কৰা হয় । এই মূৰ্তি খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ বুলি বিশ্বাস কৰা হয় । আন এটা মূৰ্তিও পোৱা গৈছিল, যিটো ভাঙি গৈছে। এই দুয়োটা মূৰ্তিতে মহিষাসুৰ মৰ্দিনী ৰূপত দেৱী দুৰ্গাক দেখা গৈছে ।

Centuries Of Worship Come Alive With A Glimpse Of Maa Durga's Idols At Bhopal Museum
ভূপালৰ সংগ্ৰহালয়ত সংৰক্ষিত প্ৰাচীন দুৰ্গা মূৰ্তি (ETV Bharat)

একাদশ শতিকাৰ দুৰ্গা মূৰ্তি

পুৰাতত্ত্ববিদসকলে উল্লেখ কৰিছে, "মধ্যপ্ৰদেশৰ নৰ্মদা নদীৰ পাৰত প্ৰস্তৰ যুগৰ পৰা গুপ্ত যুগলৈকে মানৱ সভ্যতাৰ প্ৰমাণ পোৱা গৈছে । একেদৰে মধ্যপ্ৰদেশৰ মান্দছৌৰৰ হিংলাজগড়ত গুপ্ত যুগৰ পৰা পৰমাৰ যুগলৈকে প্ৰতিমূৰ্তি পোৱা গৈছে, যিয়ে এই অঞ্চলৰ পুৰাতাত্ত্বিক তাৎপৰ্য্যক প্ৰতিফলিত কৰি তুলিছে ।"

হিংলাজগড়ত একাদশ শতিকাৰ দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি পোৱা গৈছিল যিটো ৰাজ্যিক পুৰাতাত্ত্বিক সংগ্ৰহালয়ত ৰখা হৈছে । পুৰাতত্ত্ববিদ বাল্কৃষ্ণ লোখণ্ডে এনে এটা মূৰ্তি সন্দৰ্ভত কয়, "দেৱী দুৰ্গাৰ সকলো ৰূপ শিলত খোদিত কৰা হৈছে । এইটো প্ৰতিমূৰ্তিত দেৱী দুৰ্গাৰ চাৰিখন হাত আছে । এই মূৰ্তিটোৰ শিল্পকলা অত্যন্ত আকৰ্ষণীয় ।"

Centuries Of Worship Come Alive With A Glimpse Of Maa Durga's Idols At Bhopal Museum
ভূপালৰ সংগ্ৰহালয়ত সংৰক্ষিত প্ৰাচীন দুৰ্গা মূৰ্তি (ETV Bharat)

দশম শতিকাৰ দ্বাদশভুজা মূৰ্তি

সংগ্ৰহালয়টোত দশম শতিকাৰ দেৱী চামুণ্ডাৰ প্ৰতিমূৰ্তিও আছে । এই প্ৰতিমূৰ্তিটো মান্দছৌৰত পোৱা গৈছিল । এই সুন্দৰ প্ৰতিমূৰ্তিত দেৱী দুৰ্গাৰ দ্বাদশভুজা ৰূপ দেখা গৈছে । দেৱীৰ হাতত এটা লাওখোলা আৰু ভিন্ন অস্ত্ৰ-শস্ত্ৰৰ লগতে বেদ আৰু ফুল আছে । প্ৰতিমূৰ্তিটো প্ৰায় ৫ ফুট ওখ ।

অষ্টাদশভুজা দুৰ্গা মূৰ্তি

সংগ্ৰহালয়টোত ছাটাৰপুৰৰ শ্ৰৱংকল নাচলাত উদ্ধাৰ হোৱা অষ্টাদশভুজা প্ৰতিমূৰ্তিও আছে । এই প্ৰতিমূৰ্তিটো পৰমাৰ যুগৰ বুলি বিশ্বাস কৰা হয় আৰু ইয়াত দেৱী দুৰ্গাক বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰৰে দেখুওৱা হৈছে । এই প্ৰতিমূৰ্তি দশম-একাদশ শতিকাৰ বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক :এইবাৰ মা দুৰ্গা ধৰালৈ কিহত আহিব তথা ইয়াৰ তাৎপৰ্য কি জানেনে ?