ভদ্ৰাচলম: বুধবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ তেলেংগানাৰ ভদ্ৰাচলম চহৰৰ ছুপাৰ বজাৰ কেন্দ্ৰৰ সমীপত এটা ছয় মহলীয়া নিৰ্মীয়মান অট্টালিকা খহি দুৰ্ঘটনাটো সংঘটিত হয় ৷
এটা পুৰণি চৌহদত নতুন মহলা সংযোজন কৰাৰ অৰ্থে নিৰ্মাণ কৰি থকা অট্টালিকাটো আকস্মিকভাৱে আজি খহি পৰে ৷ যাৰ ফলত ছজন শ্ৰমিক থিতাতে নিহত হোৱাৰ উপৰিও মাটিত পোত খাই আন কেইবাজনো শ্ৰমিকৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে ৷

- কেনেকৈ সংঘটিত হ’ল এই দুৰ্ঘটনা ?
এই ঘটনাটোৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও নিৰ্মাণকাৰ্যৰ বিসংগতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে জিলা প্ৰশাসনে ৷ খবৰ অনুসৰি, জনসাধাৰণৰ পৰা অনুদান সংগ্ৰহ কৰা এটা ট্ৰাষ্টে অট্টালিকাটো নিৰ্মাণৰ কামৰ দায়িত্বত আছিল ৷
আই টি চিৰ পৰা অনা ক্ৰেন আৰু বুলডজাৰৰ সহায়ত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান । আৰক্ষী, ৰাজহ আৰু পঞ্চায়তৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত থাকি এই উদ্ধাৰকাৰ্যত সহায়ৰ হাত আগবঢ়াই আছে ৷

ধ্বংসস্তুপত পৰিণত হোৱা অট্টালিকাটোৰ কাষতে এটা মন্দিৰো নিৰ্মাণ কৰা হৈছিল, যাৰ বাবে উপস্থিত ৰাইজৰ উদ্বেগ যথেষ্ঠ বৃদ্ধি পাইছে ৷ এই উদ্ধাৰকাৰ্যত নিয়োজিত লোকসকলে ধ্বংসস্তুপৰ তলত জীৱিত কোনো লোক আছে নেকি, তাৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।
প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি, অট্টালিকাটোৰ কমেও চাৰিটা মহলাৰ শ্লেবসমূহ চকুৰ পচাৰতে তাচপাতৰ দৰে খহি পৰিছিল ৷ কিন্তু ঘটনাৰ প্ৰকৃত কাৰণহে পোহৰলৈ অহা নাই ৷
লগতে পঢ়ক: বুগেনভেলিয়া নহয়; এইবাৰ পৰ্যটকক আদৰিবলৈ সাজু 15 লক্ষাধিক টিউলিপ - ASIA LARGEST TULIP GARDEN