প্ৰথমে সুৰাপান, তাৰ পাছত কাজিয়া... সংগীক হত্যা কৰি বেংগালুৰুত গ্ৰেপ্তাৰ অসমৰ যুৱক
যুৱকজনে মহিলাগৰাকীৰ সৈতে বাস কৰিছিল আৰু দুয়ো 'স্বামী-স্ত্ৰী' বুলি পৰিচয় দিছিল । অৱশ্যে আৰক্ষীয়ে আইনগতভাৱে তেওঁলোকৰ বিবাহৰ কথা নিশ্চিত হোৱা নাই বুলি কয় ।

Published : June 30, 2025 at 7:21 PM IST
বেংগালুৰু: এগৰাকী ৪০ বছৰীয়া মহিলাৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত বেংগালুৰু আৰক্ষীয়ে অসমৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে । মহিলাগৰাকীৰ মৃতদেহটো দেওবাৰে বস্তাত ভৰাই থোৱা অৱস্থাত এখন জাবৰৰ গাড়ীত উদ্ধাৰ কৰা হয় । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি চেন্নামনাকেৰে আচুকাট্টু আৰক্ষী থানাক অৱগত কৰে আৰু তাৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।
মৃতদেহটো উদ্ধাৰৰ এদিন পিছত আজি অৰ্থাৎ সোমবাৰে সুৰামত্ত অৱস্থাত বাদ-বিবাদত লিপ্ত হৈ এজন যুৱকে মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে । ৩৩ বছৰীয়া অসমৰ যুৱকজনে একেটা অঞ্চলৰ বাসিন্দা আশা নামৰ এই মহিলাগৰাকীৰ সৈতে বাস কৰিছিল । আৰক্ষীয়ে জনোৱা মতে, দুয়োজনে ব্যক্তিগত কোম্পানী এটাৰ জৰিয়তে হাউচকিপিং ষ্টাফ হিচাপে কাম কৰিছিল । তেওঁলোকক এগ্ৰিগেটৰ এপৰ দ্বাৰা নিযুক্তি দিয়া হৈছিল ।
দুয়োৱে অঞ্চলটোত এটা ঘৰ ভাৰাত লৈ বাস কৰি আছিল আৰু নিজকে 'স্বামী-স্ত্ৰী' বুলি পৰিচয় দিছিল যদিও আৰক্ষীয়ে এই কথা আইনগতভাৱে নিশ্চিত হোৱা নাই বুলি কয় । শনিবাৰে নিশা আশাই মদ্যপান কৰি ঘৰলৈ উভতি আহে, যাৰ ফলত তেওঁৰ সংগীৰ সৈতে তীব্ৰ কাজিয়া হয় । অভিযোগ অনুসৰি এই কাজিয়া ক্ৰমাৎ সংৰ্ঘষলৈ পৰিণত হয় আৰু শ্বাসৰুদ্ধ হৈ আশাৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জনায় ।

ইয়াৰ পিছতে যুৱকজনে মহিলাগৰাকীৰ মৃতদেহটো বান্ধি বস্তাত ভৰাই শনিবাৰে গভীৰ নিশাৰ পৰা দেওবাৰে পুৱালৈকে কোনোবা এটা সময়ৰ ভিতৰত জাবৰ কঢ়িওৱা গাড়ী এখনত পেলাই দিয়ে বুলি আৰক্ষীয়ে জনায় ।
আৰক্ষী উপ-আয়ুক্ত (দক্ষিণ) লোকেশ বি জগলাছাৰে কয়, "আশা আৰু লোকজনে এবছৰতকৈও অধিক সময় একেলগে বাস কৰিছিল । ঘটনাৰ নিশা মদ্যপান কৰি হোৱা কাজিয়া সংঘাতলৈ পৰিণত হয়, য'ত তেওঁৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে ।"
স্থানীয় লোকৰ এজাহাৰৰ ভিত্তিত চেন্নামনাকেৰে আচুকাট্টু থানাত হত্যা আৰু প্ৰমাণ ধ্বংস কৰাৰ গোচৰ ৰুজু কৰা হয় । আৰক্ষীয়ে যুৱকজনক জেৰা কৰাৰ পাছত নিজৰ জিম্মাত লয় ।
আশা এগৰাকী বিধৱা মহিলা আছিল আৰু অসমৰ এই যুৱকজনৰো বিবাহ বিচ্ছেদ হৈছিল । তেওঁলোক দুয়োৰে পূৰ্বৰ বিবাহৰ পৰা দুটাকৈ সন্তান আছিল । সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰু যুৱকজনৰ নাম প্ৰকাশ কৰা নাই ।

