ওড়িশাত দুৰ্ঘটনাত পতিত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছ: ১১ টা দবা লাইনচ্যুত
কটকৰ সমীপত বেংগালুৰু-কামাখ্যা এচি ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনাত পতিত হৈছে । হতাহতৰ তথ্য জানিব পৰা হোৱা নাই ।

Published : March 30, 2025 at 3:08 PM IST
কটক: ওড়িশাত পুনৰ ৰে'ল দুৰ্ঘটনা । এইবাৰ দুৰ্ঘটনাত পতিত বেংগালুৰু-কামাখ্যা এ চি ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে'ল । অসম অভিমুখী ৰে'লখনৰ কেইবাটাও দবা লাইনচ্যুত হয় । জানিব পৰা মতে দেওবাৰে পুৱা ১১:৪৫ মান বজাত পূব উপকূল ৰে'লৱেৰ খুৰ্দা ৰোড ডিভিজনৰ কটক-নেৰগুণ্ডি ৰে'ল শাখাৰ নেৰগুণ্ডি ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । ছুপাৰফাষ্ট ৰে'লখনৰ প্ৰায় ১১ টা দবা লাইনচ্যুত হয় । ৰে'ল বিষয়াসকলে কোনো আঘাত বা হতাহতৰ তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা নাই । অৱশ্যে স্থানীয় তথ্য অনুসৰি এগৰাকী যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে ।
ভাৰতীয় ৰে'লৱেৰ এক বিজ্ঞপ্তিত কোৱা হৈছে, "পূব উপকূল ৰে'লৱেৰ খুৰ্দা ৰোড ডিভিজনৰ কটক-নেৰগুণ্ডি ৰে'লৱে শাখাৰ নেৰগুণ্ডি ষ্টেচনৰ সমীপত দেওবাৰে ১২২৫১ বেংগালুৰু-কামাখ্যা এ চি ছুপাৰফাষ্ট এক্সপ্ৰেছৰ ১১ টা দবা লাইনচ্যুত হয় । এতিয়ালৈকে কোনো আঘাত বা হতাহতৰ খবৰ পোৱা হোৱা নাই ।" দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ডি আৰ এম খুৰ্দা ৰোড আৰু ইষ্ট কোষ্ট ৰে'লৱেৰ জেনেৰে'ল মেনেজাৰকে ধৰি শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । ৰে'ল বিভাগে কৈছে, "দুৰ্ঘটনা আৰু চিকিৎসা সাহাৰ্য ৰে'লো ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে । ক্ষতিগ্ৰস্ত ৰে'লখনৰ আবদ্ধ যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ প্ৰেৰণ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে ।"
পূব উপকূল ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া (চি পি আৰ অ') অশোক কুমাৰ মিশ্ৰাই কয় যে তেওঁলোকে তথ্য সংগ্ৰহ কৰিছে আৰু এন ডি আৰ এফ আৰু অগ্নি নিৰ্বাপক সেৱাক অৱগত কৰিছে । তেওঁ কয়, "ঘটনাস্থলীলৈ এখন সাহাৰ্য ৰে'ল প্ৰেৰণ কৰা হৈছে । আমাৰ ফ্ৰণ্টলাইন বিষয়া আৰু সহায়ক কৰ্মচাৰীও ঘটনাস্থলীত উপস্থিত হৈছে ।"
তেওঁ লগতে কয় যে হেল্পলাইন নম্বৰ ৮৪৫৫৮৮৫৯৯৯ আৰু ৮৯৯১১২৪২৩৮ আৰম্ভ কৰা হৈছে । আবদ্ধ যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক :১৭ নক্সালবাদী ধৰাশায়ী: সুকমাত ভয়ংকৰ এনকাউণ্টাৰ - NAXAL ENCOUNTER SUKMA

