ETV Bharat / bharat

শিখ আই পি এছ বিষয়াক খালিস্তানী আখ্যা বিজেপি কৰ্মীৰ; মুখ্যমন্ত্ৰীৰ গৰিহণা

Sandeshkhali violence: এতিয়াও শান্ত হোৱা নাই পশ্চিম বংগৰ সন্দেশখালী ৷ মঙলবাৰে এগৰাকী শিখ আই পি এছ বিষয়াক সন্দেশখালীত বিজেপি কৰ্মীয়ে খালিস্তানী বুলি কটাক্ষ কৰাৰ অভিযোগ উঠিছে ৷ মুখ্যমন্ত্ৰী মমতাৰ গৰিহণা ৷

IPS Officer
Sandeshkhali violence
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 10:01 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰী: পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ অশান্তজৰ্জৰ সন্দেশখালী ভ্ৰমণত বিৰোধী দলপতি সুভেন্দু অধিকাৰীক বাধা দিয়া আই পি এছ বিষয়া যশপ্ৰীত সিঙক বিজেপি কৰ্মীয়ে ‘খালিস্তানী’ বুলি কটাক্ষ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিজেপি কৰ্মীক ওভতি ধৰিলে আই পি এছ যশপ্ৰীত সিঙে ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত সিঙক বিজেপি কৰ্মীৰ এটা দলে ‘খালিস্তানী’ বুলি অভিহিত কৰা দেখা গৈছে ।

সিঙে তেওঁক খালিস্তানী বুলি অভিহিত কৰাৰ বাবে কৰ্মীসকলক সকীয়াই দিয়া দেখা যায় । "কেৱল পাগুৰি পিন্ধি থকাৰ বাবেই মোক খালিস্তানী বুলি মাতিছে নেকি আপুনি ? মই পাগুৰি পিন্ধা নহ'লে এই কথা ক'লেহেঁতেননে ? মোৰ ধৰ্মৰ বিষয়ে এই কথা ক'ব নোৱাৰে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপিক সমালোচনা কৰি বেনাৰ্জীয়ে কয় যে বিজেপিৰ "বিভাজনমূলক ৰাজনীতি"য়ে নিৰ্লজ্জভাৱে সাংবিধানিক সীমা অতিক্ৰম কৰিছে । "আজি বিজেপিৰ বিভাজনমূলক ৰাজনীতিয়ে নিৰ্লজ্জভাৱে সাংবিধানিক সীমা অতিক্ৰম কৰিছে । @BJP4India অনুসৰি পাগুৰি পিন্ধা প্ৰতিজন ব্যক্তি খালিস্তানি । আমাৰ শিখ ভাই-ভনীসকলৰ সুনাম হ্ৰাস কৰাৰ এই দুঃসাহসিক প্ৰচেষ্টাক মই তীব্ৰ গৰিহণা দিছো, যি আমাৰ দেশৰ প্ৰতি তেওঁলোকৰ ত্যাগ আৰু অটল সংকল্পৰ বাবে শ্ৰদ্ধাশীল ৷" মমতাই X ত পোষ্ট কৰে ৷

বেনাৰ্জীয়ে লগতে কয় যে আমি বংগৰ সামাজিক সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত দৃঢ়তাৰে থিয় দিছো আৰু ইয়াক বিঘ্নিত কৰাৰ কোনো প্ৰচেষ্টা ৰোধ কৰিবলৈ কঠোৰ বৈধ ব্যৱস্থা গ্ৰহণ কৰিম । ইফালে এই অভিযোগ খাৰিজ কৰিছে বিজেপিয়ে । দলৰ নেতাসকলে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি জ্যেষ্ঠ বিষয়াগৰাকীয়ে কৰ্তব্য পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে । বিজেপি নেত্ৰী অগ্নিমিত্ৰা পালে দাবী কৰে যে বিষয়াজনক কোনেও ‘খালিস্তানী’ বুলি কোৱা নাই । আচল কথাটো হ’ল তেওঁ নিজৰ কৰ্তব্য পালন কৰা নাছিল ।

টিএমচিৰ সূত্ৰই জনোৱা মতে, শিখ সম্প্ৰদায়ৰ লোকসকলে কলকাতাৰ মুৰলীধৰ লেনত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে । পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰতাপ সিং বাজৱাই এই কাণ্ডক ‘লজ্জাজনক’ বুলি অভিহিত কৰি বিজেপি কৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

"পশ্চিম বংগৰ বিজেপি কৰ্মীসকলে এজন শিখ আইপিএছ বিষয়াক কেৱল তেওঁৰ কৰ্তব্য পালন কৰি থকাৰ বাবেই খালিস্তানী বুলি মাতিছে । বিজেপিয়ে শিখসকলৰ বিষয়ে এইটোৱেই ভাবে নেকি ? যিসকলে এই গুণ্ডামি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু শিখসকলক খালিস্তানী হিচাপে চিত্ৰিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে এক শক্তিশালী ব্যৱস্থা লোৱা উচিত ৷" বাজৱাই টুইটত কয় ৷

লগতে পঢ়ক: মাৰাঠাসকলৰ 10 শতাংশ সংৰক্ষণ বৃদ্ধিৰ বিধেয়কত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ