বেলাগাভীৰ 'জেইল স্কুল': কাৰাগাৰৰ পৰা জ্ঞানৰ কোঠালৈ
স্বাধীনতা আন্দোলনৰ সেনানীক কাৰাৰুদ্ধ কৰাৰ বাবে ব্ৰিটিছে নিৰ্মাণ কৰিছিল এই কাৰাগাৰ । সাংগলীৰ পটৱৰ্ধন সংস্থাৰ ভূমিত নিৰ্মাণ কৰা এই কাৰাগৰে ল'লে অন্য এক ৰূপ ।

Published : September 4, 2025 at 2:37 PM IST
বেলাগাভী: কৰ্ণাটকস্থিত বেলাগাভীৰ বড়াগাঁৱৰ এক প্ৰতিষ্ঠান, যি ব্ৰিটিছৰ সময়ত আছিল কাৰাগাৰ হিচাপে । এতিয়া পৰ্যবসিত হ'ল শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে । আধা একৰ ভূমিত নিৰ্মাণ কৰা ১২ টা কোঠাসহ এই কাৰাগাৰৰ উদ্বোধন হৈছিল ১০ অক্টোবৰ, ১৯২৩ চনত আৰু এই বৰ্ষত এই কাৰাগাৰে ১০২ বছৰ সম্পূৰ্ণ কৰিব ।
বড়াগাঁওস্থিত এই মহলৰ আজিও পূৰ্বৰ ৰূপতেই বাহাল ৰখা হৈছে । মোটা দেৱাল, ডাঙৰ দুৱাৰ, লোহাৰ খিৰিকী আৰু ওখ ওখ চাৰিওফালৰ দেৱালসমূহে অতীত কথা বাৰুকৈয়ে সোঁৱৰাই । বৰ্তমান এই প্ৰতিষ্ঠানক ১৪ নং কান্নাড় হায়াৰ প্ৰাইমাৰী স্কুল হিচাপে জনা যায়, কিন্তু বেলাগাভীত ই 'জেইল স্কুল' হিচাপেহে বিখ্যাত ।

স্বাধীনতাৰ পিছত কাৰাগাৰৰ পৰা বিদ্যালয়লৈ পৰ্যবসিত:
ব্ৰিটিছ চৰকাৰে পটৱৰ্ধন সংস্থাৰ ভূমিত এই কাৰাগাৰৰ নিৰ্মাণ কৰিছিল । স্বাধীনতা আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামীসকলক ইয়াত কাৰাৰুদ্ধ কৰা হৈছিল । ১৯৪৭ ৰ পাছত, ১৯৫০ ত শিক্ষা বিভাগক ইয়াৰ দায়িত্ব অৰ্পন কৰা হয় আৰু কাৰাগাৰৰ পৰা বিদ্যালয়লৈ পৰিণত কৰা হয় । যদিও ইয়াৰ ভূমিকা সলনি হ'ল তথাপিও স্থানীয় লোকে ইয়াৰ নাম দিলে 'জেইল স্কুল' ।
প্ৰফেচাৰ ড৹ নাগৰাজ মৰেন্নাৱৰে কয়,"বড়াগাঁও কাৰাগাৰ আৰু হিণ্ডাল্গা কাৰাগাৰ, দুয়োখন নিৰ্মাণ কৰিছিল ১৯২৩ ত । স্বাধীতাৰ পিছত কাৰাগাৰৰ সঞ্চালন হিণ্ডাল্গালৈ স্থানান্তৰ কৰা হয় আৰু এই কাৰাগাৰক শিক্ষাদানৰ উপযোগী কৰি তোলা হয় । তেতিয়াৰে পৰা ইয়াক 'জেইল স্কুল' হিচপে মানি অহা হয়, বৰ্তমান এই শিক্ষানুষ্ঠান পাব্লিক স্কুল হিচাপে কাম কৰি আছে ।"

১৮০০ ছাত্ৰৰে এক বিকাশশীল সংস্থা:
এই বিদ্যালয়খন আৰম্ভণিতে কেৱল কান্নাড়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় হিচাপে সঞ্চালিত হৈছিল, কিন্তু ২০০৭ ৰ পৰা ইয়াৰ পৰিসৰত এখন হাইস্কুল আৰু প্ৰি-ইউনিভাৰ্ছিটী কলেজো স্থাপন কৰা হয় । ২০১৮ ত ইয়াক কৰ্ণাক পাব্লিক স্কুললৈ উন্নত কৰা হয়, য'ত প্ৰাক-প্ৰাথমিকৰ পৰা PUC লৈকে শিক্ষা প্ৰদান কৰা হৈছে ।
বৰ্তমান এই প্ৰতিষ্ঠানত প্ৰায় ১৮০০ ছাত্ৰ আছে, য'ত ৯৮০ গৰাকী প্ৰাথমিকত, ২৬০ গৰাকী হাইস্কুলত আৰু ৫৬০ গৰাকী প্ৰি-ইউনিভাৰ্ছিটী কলেজত অধ্যয়ন কৰি আছে । প্ৰাথমিক শ্ৰেণীসমূহ বৰ্তমানো কাৰাগাৰৰ পূৰণি ভৱনৰ পৰাই সঞ্চালিত হৈ আছে, একেদৰে ৪ একৰ ভূমিত হাইস্কুল আৰু প্ৰি-ইউনিভাৰ্ছিটীৰ বাবে নতুন অট্টালিকা নিৰ্মাণ কৰা হয় ।
উচ্চমানৰ শিক্ষাদাৰ বাবে নামভৰ্তিৰ চাহিদা বৃদ্ধি:
'জেইল স্কুলে' শৈক্ষিক প্ৰদৰ্শনৰ বাবে যথেষ্ট নাম অৰ্জন কৰিছে । যোৱাটো বৰ্ষত ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা(NTSE)ত ১৪ গৰাকী ছাত্ৰ শৈক্ষিক জলপানীৰ বাবে উত্তীৰ্ণ হৈছিল । বিদ্যালয়খনৰ পৰা SSLC পৰীক্ষাত ৮৫ শতাংশ আৰু PUC ফলাফলত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল ।

বিদ্যালয়খনৰ প্ৰধান অধ্যাপক শশীকান্ত শিংগেনাৱৰে ই টিভি ভাৰতক কয়, "এক শতিকাৰো অধিক সময় অতিক্ৰম কৰাৰ পাছতো, ভৱনটোত দেৱালৰ কোনো ক্ষতি হোৱা নাই আৰু আমি ইয়াৰ মূল সংৰচনাত হাত নিদিয়াকৈ ইয়াৰ স্মৃতি জীৱন্ত কৰি ৰাখিছোঁ । ইয়াৰ শিক্ষাৰ গুণগত মানৰ বাবে আমাৰ বিদ্যালয়খনৰ নাম যথেষ্ট হৈছে । বিধায়ক, সাংসদ আৰু বিশিষ্ট ব্যক্তিসকলৰ ছাত্ৰইয়ো ইয়াত অধ্যয়ন কৰে । বহু অভিভাৱকে নামভৰ্তি কৰিবলৈ আবেদন পত্ৰ লৈ আহে ।"

বৰ্তমানো চলি আহিছে এক পৰম্পৰা:
য'ত এসময়ত স্বাধীনতা আন্দোলনৰ সেনানীসকলক বন্দী কৰি ৰখা হৈছিল, তাত এতিয়া স্বাধীন বিচাৰধাৰাক প্ৰাধান্য দিয়া হয় । স্বাধীনতাক ৰুদ্ধ কৰিবলৈ নিৰ্মাণ কৰা এক স্থানক বৰ্তমান জ্ঞান আৰু সুবিধা প্ৰদান কৰাৰ এক সংস্থালৈ পৰিৱৰ্তিত কৰা হ'ল । বেলাগাভীৰ লোকসকলৰ বাবে জেইল স্কুলে ইতিহাসৰ এক বিশেষ স্মৃতি সোঁৱৰাই- য'ত এসময়ত লোহাৰৰ বেষ্টনীৰ মাজত সাধাৰণ লোকক বন্দী কৰি ৰখা হৈছিল, আজি খোলা কিতাপে শিশুসকলক স্বাধীন হ'বলৈ শিকাইছে ।

