ETV Bharat / bharat

সাধাৰণ কৃষকৰ অসাধাৰণ উপহাৰ: নিজে মৰি আন সাতজনক দিলে নতুন জীৱন - BEED FARMERS FINAL GIFT

টকা ধাৰে লৈ পুত্ৰৰ বাবে চাইকেল কিনি আনি থাকোতেই দুৰ্ঘটনাত মৃত্যু । কিন্তু অংগদানৰ জৰিয়তে নতুন জীৱন দি গ'ল সাতজন লোকক ।

Beed Farmers Final Gift
সাধাৰণ কৃষকৰ অসাধাৰণ উপহাৰ: নিজে মৰি আন সাতজনক দিলে নতুন জীৱন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 2:08 PM IST

4 Min Read

ছত্ৰপতি সম্ভাজিনগৰ: এক হৃদয়বিদাৰক কিন্তু প্ৰেৰণাদায়ক ঘটনা । এই ঘটনাত জড়িত আছে এগৰাকী কৃষকৰ মহানুভৱতাৰ কাহিনী । যি কাহিনীত আকৌ তেওঁৰ মৃত্যুৰ বিনিময়ত আন সাতজন লোকৰ প্ৰাণৰক্ষাৰ দৰেও এক অবিশ্বাস্য ঘটনা আছে । ঘটনাটো হৈছে মহাৰাষ্ট্ৰৰ বিড জিলাৰ ।

জিলাখনৰ এজন কৃষকে তেওঁৰ পুত্ৰৰ চাইকেলৰ ইচ্ছা পূৰণ কৰিবলৈ টকা ধাৰে লৈছিল । কিন্তু এক শোকাৱহ দুৰ্ঘটনাৰ সন্মুখীন হয় তেওঁ । অৱশ্যে তেওঁৰ জীৱনৰ অন্তিম মুহূৰ্তত অংগদানৰ জৰিয়তে আন সাতজন লোকক নতুন জীৱন উপহাৰ দি যায় ।

ৱাংগী গাঁৱৰ এজন ক্ষুদ্ৰ খেতিয়ক হৈছে গোকুলদাস কটুলে । আৰ্থিক সংগ্ৰামৰ মাজেৰে তেওঁ জীৱন অতিবাহিত কৰি আহিছে । মাত্ৰ তিনি একৰ মাটিৰ গৰাকী কৃষকজনে তেওঁৰ ক্ষুদ্ৰ উপাৰ্জনৰ জৰিয়তে পৰিয়ালটো কোনোমতে পোহপাল দি আহিছে ।

ইফালে তেওঁৰ কনিষ্ঠ পুত্ৰ আঠ বছৰীয়া সাৰ্থকে কেইবা মাহ ধৰি এখন চাইকেলৰ বাবে অনুৰোধ কৰি আহিছিল । কিন্তু ধনৰ অভাৱত গোকুলদাসে চাইকেলখন কিনি দিবলৈ সমৰ্থ হোৱা নাছিল আৰু পুত্ৰৰ দাবী প্ৰত্যাখ্যান কৰি থাকিবলগা হৈছিল । কিন্তু পুত্ৰৰ হতাশা সহ্য কৰিব নোৱাৰি তেওঁ সুতত টকা ধাৰে লৈ চাইকেলখন কিনিবলৈ বিডলৈ যায় ।

কিন্তু বিধিৰ বিধান নাযায় খণ্ডন । চাইকেলখন মটৰচাইকেলত বান্ধি ঘৰলৈ উভতি অহাৰ পথত গাঁওখনৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰৈত এক গুৰুতৰ দুৰ্ঘটনাত পতিত হয় গোকুলদাস । তেওঁক ততাতৈয়াকৈ ছত্ৰপতি সম্ভাজিনগৰৰ গেলেক্সি চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু তাত চিকিৎসকে তেওঁক 'ব্ৰেইন ডেড' বুলি ঘোষণা কৰে ।

ইফালে এই মৰ্মান্তিক খবৰ লাভ কৰি কটুলৰ পৰিয়ালটো দিশহাৰা হৈ পৰে । কিন্তু তাৰ মাজতো পৰিয়ালটোৱে এক সাহসী আৰু সকলোৰে বাবে আদৰ্শ হ'ব পৰা সিদ্ধান্ত গ্ৰহণ কৰে । তেওঁলোকে গোকুলদাসৰ অংগদান কৰিবলৈ সন্মত হয় আৰু ইয়াৰ জৰিয়তে আন ব্যক্তিক দ্বিতীয় জীৱনৰ সুযোগ প্ৰদান কৰে । গেলেক্সি হস্পিটেলৰ ডাঃ বিনোদ ছাভাৰেৰ মতে, গোকুলদাসৰ চকু, বৃক্ক, হৃদযন্ত্ৰ, যকৃৎ আৰু হাঁওফাঁও সফলতাৰে সংগ্ৰহ কৰা হয় আৰু বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ডাঃ বিনোদ ছাভাৰে কয়, "গোকুলদাস কটুলেয়ে দান কৰা অংগবোৰ আনৰ জীৱন ৰক্ষাৰ বাবে দেশৰ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । তেওঁৰ হৃদযন্ত্ৰ মুম্বাইৰ ৰিলায়েন্স চিকিৎসালয়লৈ লৈ যোৱা হৈছে । আনহাতে, তেওঁৰ যকৃৎ গ্লেনিগলছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । হাঁওফাঁও আহমেদাবাদৰ কেডিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । তেওঁৰ বৃক্ক গেলেক্সি হস্পিটেলত ৰখা হৈছে আৰু বাকী অঙ্গবোৰ সংৰোপণৰ বাবে এম জি এম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।"

আনহাতে, এই ঘটনাটো বিড জিলাত প্ৰথমটো অংগদানৰ ঘটনা হিচাপে লিপিবদ্ধ হৈছে । যিটো কাম গোকুলদাসৰ মামাকে সম্পন্ন কৰে ।

জীৱন ৰক্ষাৰ বাবে এক সমন্বিত প্ৰচেষ্টা

সময় অতি তাকৰ আছিল । চিকিৎসা প্ৰটোকল অনুসৰণ কৰি পুংখানুপুংখ পৰীক্ষাৰ পিছত গোকুলদাসক 'ব্ৰেইন ডেড' বুলি ঘোষণা কৰা হৈছিল । এই কথা তেওঁৰ পৰিয়ালক অৱগত কৰা হৈছিল । আনহাতে, তেওঁলোকৰ সন্মতিক্ৰমে অংগদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল । এই তথ্য জিলা অংগদান সমিতিলৈ প্ৰেৰণ কৰা হয় । সমিতিয়ে তেওঁৰ অংগবোৰ গ্ৰহণৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিৰ সৈতে সামঞ্জস্যপূৰ্ণ হয়নে নহয় সেয়া তেজৰ গ্ৰুপৰ ওপৰত ভিত্তি কৰি মিলাইছিল ।

লগতে অংগবোৰ সময়মতে বিতৰণ নিশ্চিত কৰিবলৈ নিশাটোৰ ভিতৰতে এক বিশেষ 'সেউজ কৰিডৰ' সৃষ্টি কৰা হৈছিল । জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, ছয়গৰাকী পৰিদৰ্শক, ১৫ গৰাকী উপ-পৰিদৰ্শক আৰু ১২০ গৰাকীতকৈও অধিক কৰ্মচাৰীকে ধৰি আৰক্ষী বাহিনীয়ে চহৰখনৰ মুখ্য পথ আৰু বিমানবন্দৰৰ পথসমূহ মুকলি কৰি এম্বুলেন্সসমূহ যাতে দ্ৰুততাৰে আগবাঢ়িব পাৰে তাৰ সুবিধা প্ৰদান কৰে ।

এক স্মৰণীয় জীৱন

গোকুলদাসে মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু দুই পুত্ৰ সমৰ্থ (১০) আৰু সাৰ্থকক (৮) ইহসংসাৰত এৰি থৈ যায় । তেওঁৰ সন্তানৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ বাবেই হয়তো জীৱনৰ কৰুণ সমাপ্তি ঘটে । কিন্তু তেওঁ যিকেইগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰি গ'ল তাৰ মাজতে তেওঁ জীয়াই থাকিব । যাৰ বাবে গভীৰ দুখৰ মাজতো পৰিয়ালটোৱে জীয়াই থকাৰ আন এক উদ্দেশ্যৰ সন্ধান লাভ কৰিলে । মৃত্যুৰ মাজতো গোকুলদাস মানৱতাৰ প্ৰতীক হৈ পৰিছে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীবৰ্ষণ; নিহত 3 পাকিস্তানী সন্ত্ৰাসবাদী - PAKISTANI MILITANTS KILLED
লগতে পঢ়ক :এটা বা দুটা নহয়, ৪টা সন্তান জন্ম দিলে মহিলাই - WOMAN GAVE BIRTH TO 4 CHILDREN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.